Home Main Stories দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক সম্ভাষণ জনাইছে দৰং আপকুৰ প্ৰতিনিধি দলটোৱে

দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক সম্ভাষণ জনাইছে দৰং আপকুৰ প্ৰতিনিধি দলটোৱে

46
0

ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২৪ মে’ : দৰং জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ‘আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন’ চমুকৈ আপকুৰ দৰং জিলা সমিতি । এই বৈঠকত আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল খালেক , দৰং জিলা আপকুৰ উপদেষ্টা নৱ কুমাৰ শ‌ইকীয়া , সভাপতি ৰত্নেশ্বৰ চহৰীয়া , সম্পাদক মকছেদ আলিৰ সৈতে সদস্য সাংবাদিক পংকজ শৰ্মা , দীপেন বৰুৱা আৰু উজ্জলজ্যোতি ডেকা উপস্থিত থাকে । আপকুৰ প্ৰতিনিধি দলটোৱে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ক’ভিড প্ৰটকল ৰক্ষা কৰি এখন ফুলাম গামোছাৰে আৰক্ষী অধীক্ষক গৰাকীক উষ্ম সম্ভাষণ জনায় । এগৰাকী দায়িত্বশীল আৰু সুদক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত আৰক্ষী অধীক্ষক গৰাকীৰ সৈতে সাম্প্ৰতিক পৰিস্থিতি আৰু জিলাবাসীৰ শান্তি আৰু নিৰাপত্তাৰ ওপৰত মতবিনিময় কৰে সাংবাদিক সংগঠনটোৰ প্ৰতিনিধি দলটোৱে । আলোচনাৰ অন্তত সাংবাদিক সকলৰ পূৰ্ণ সহযোগিতা কামনা কৰে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই । ( বিকাশ আলী, মঙলদৈ )

LEAVE A REPLY

Please enter your comment!
Please enter your name here