গণ বাৰ্তা, পাথৰিঘাট, ১৩ জুন : আদৰ কমিছে বৰদৈয়া জাপিৰ। আনকি বৰদৈয়া জাপিৰ বাবে বিখ্যাত হৈ পৰা দৰঙৰ কাছমাৰী গাঁৱৰ বৰদৈয়া জাপি প্ৰস্তুতকাৰী সকলৰ মাজতো নাই মুঠেও ব্যস্ততা। উল্লেখ্য যে, এসময়ত বাৰিষা অহাৰ লগে লগে বৰদৈয়া জাপি সজাত বাৰুকৈয়ে ব্যস্ত হৈ পৰিছিল দৰঙৰ কাছমাৰী গাঁৱৰ লোকসকল। ক’বলৈ গ’লে বৰদৈয়া জাপি বিক্ৰী কৰি পোৱা ধনেৰেই এই গাওঁখনৰ অধিক সংখ্যক পৰিয়ালে মোকলাই আহিছিল তেওঁলোকৰ পেটৰ ভাতমুঠি। প্ৰকাশ যে, কাছমাৰী গাঁৱৰ বৰদৈয়া জাপিয়ে স্হানীয় বজাৰ সমূহৰ লগতে অসমৰ অন্যান্য ঠাইতো লাভ কৰিছিল বিশেষ সমাদৰ। কিন্তু বৰ্তমান ট্ৰেক্টৰ,পাৱাৰ ট্ৰিলাৰৰ আগ্ৰাসনৰ বাবেই কৃষি পথাৰত কমি আহে গৰু, ম’হৰ হালৰ ব্যৱহাৰ আৰু যাৰবাবে প্ৰায় এলাগী হৈ পৰিছে বৰদৈয়া জাপি। অৱশ্যে ইমানৰ পিচতো কাছমাৰী গাঁৱৰ একাংশ পৰিয়ালে তৈয়াৰ কৰি আহিছে বৰদৈয়া জাপি। সুদীৰ্ঘ বছৰ ধৰি তথা পুৰুষাণুক্ৰমে বৰদৈয়া জাপি প্ৰস্তুতৰ স’তে জৰিত হৈ অহা গাওঁখনৰ কেবাটাও পৰিয়াল সম্প্ৰতি বৰদৈয়া জাপি নিৰ্মাণৰ কামত নিমগ্ন হৈ পৰিছে। বিশেষত: এই কামৰ মোহ এৰিব নোৱাৰাৰ লগতে অন্য উপাৰ্জনৰো পথ নথকাত সমাগত বাৰিষাকলৈ বৰদৈয়া জাপি সজাত ব্যস্ত হৈ পৰিছে গাওঁখনৰ গোলাপ শইকীয়া, আনন্দি ডেকা, উপেন ডেকা, দিগন্ত ডেকা, মৃদুলা শইকীয়া, পদুমী ডেকা আদি লোকসকল। এতিয়া পুৱাৰে পৰা বেলি লহিওৱা পৰলৈ এইসকল লোক কেৱল বৰদৈয়া জাপি সজাত একাত্ম হৈ পৰিছে।
