Home বৰপেটা হাউলীত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ বৰপেটা জিলা আমছুৰ

হাউলীত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ বৰপেটা জিলা আমছুৰ

128
0

গণবাৰ্তা,হাউলী,১৮ চেপ্তেম্বৰঃ অসম টেট পৰীক্ষা কেন্দ্ৰ ছয় খনকৈ  জিলাত বাদ দিয়াৰ প্ৰতিবাদত সদৌ অসম সংথ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত শণিবাৰে  দিনৰ ১১ বজাত হাউলী চাৰিআলি চ’কত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, শিক্ষামন্ত্ৰীৰ মইমতালি বন্ধ কৰক,ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক,শিক্ষা মন্ত্ৰী হায় হায়, আমছু জিন্দাবাদ, অসম চৰকাৰ হুচীয়াৰ আদি শ্লোগানেৰে হাউলী নগৰ উত্তাল কৰি তোলে ।শীঘ্ৰে জিলা ছয় খনত টেট পৰীক্ষা কেন্দ্ৰ স্থাপনৰ দাবী জনায় অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে বৰপেটা জিলা আমছুৰ সভাপতি ছফিউৰ ৰহমানে । উক্ত কাৰ্যসূচীত অৰ্ধ শতাধিক আমছু কৰ্মীয়ে অংশ গ্ৰহন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here