Home Main Stories জাগুনত ৰাষ্ট্ৰীয় ঘাইপথ পথ দুৰ্ঘটনাত মৃত্যু এটি স্কুলীয়া ছাত্ৰৰ: আদিবাসী ছাত্ৰ...

জাগুনত ৰাষ্ট্ৰীয় ঘাইপথ পথ দুৰ্ঘটনাত মৃত্যু এটি স্কুলীয়া ছাত্ৰৰ: আদিবাসী ছাত্ৰ সন্থাৰ পথ অৱৰোধ

388
0

গণ বার্তা, লেখাপানী ১০ নৱেম্বৰ – তিনিচুকীয়া জিলাৰ লেখাপানী  আৰক্ষী থানাৰ অন্তৰ্গত জাগুন ৰামপুৰ ৰাষ্ট্ৰীয় ঘাই পথত উত্তপ্ত পৰিস্থিতিৰে পথ অৱৰোধ আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা লগতে স্থানীয় ৰাইজৰ । ঘটনা অনুসৰি মঙ্গলবাৰে জাগুনৰ ৰামপুৰত সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা, এখন দ্ৰুত বেগী স্কৰপিঅ’  বাহনৰ খুন্দাত গুৰুতৰ ভাবে আহত হৈছিল বিশাল নায়ক উৰফে সুমন নায়ক নামৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰ। গুৰুত্বভাৱে দুৰ্ঘটনা পতিত হোৱা  ছাত্ৰ জনক সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ছাত্ৰ জনৰ কৰুণ মৃত্যু খবৰে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ  পৰিছে। ছাত্ৰ জনৰ মৃত্যুত ক্ষোভিত হৈ আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে দুৰ্ঘটনা পতিত কৰা বাহন খনৰ গৰাকীক  আটক কৰাৰ দাবীৰ লগতে মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ বিচাৰি কেইবা ঘণ্টা ধৰি ঘাইপথ অৱৰোধ কৰি ৰাখে। ঘটনাস্থলীত জাগুন আৰক্ষী উপস্থিত হৈ দোষীক আটক কৰাৰ আশ্বাস প্ৰদান কৰাত পথ অৱৰোধ কৰ্য্যসূচী উঠাই লয় যদিও ২৪ ঘণ্টাৰ ভিতৰত যদি আৰক্ষীয়ে কোনো ধৰণৰ উচিত  পদক্ষেপ গ্ৰহণ নকৰে তেনেস্থলত পৰবৰ্তী সময়ত পুনৰ পথ অৱৰোধৰ দৰে কাৰ্য্যসূচী গ্ৰহণ কৰা হব বুলি সকীয়নী প্ৰদান কৰে আৰক্ষী প্ৰশাসনক । লগতে সদা ব্যস্ত জাগুন ৰামপুৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত  দুখনকৈ বিদ্যালয়, আৰু যুৱ সংঘ কাৰ্য্যালয় থকাৰ বাবে বিগত কেইবাবাৰো উক্ত ঠাইত পথ দুৰ্ঘটনাত কেইবাজনো পথৰ আৰোহি এনেদৰে মৃত্যু মুখত পৰাৰ বাবে স্থানীয় ৰাইজ তথা ছাত্ৰ সংগঠনে অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গতিৰোধক দিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায় পথ অৱৰোধকাৰী সকলে । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here