Home স্থানীয় যোৰহাটৰ বিশিষ্ট ব্যক্তি আফটাউদ্দিন আহমেদৰ মৃত্যু

যোৰহাটৰ বিশিষ্ট ব্যক্তি আফটাউদ্দিন আহমেদৰ মৃত্যু

380
0


গণ বাৰ্তা, যোৰহাট, ৭ মাৰ্চ ঃ যোৰহাটৰ ৰূপহী আলি ডক্টৰছ লেণ্ড নিৱাসী তথা এমইএছৰ প্ৰাক্তন কৰ্মচাৰী আলহাজ আফটাউদ্দিন আহমেদে [৭৮] আজি পুৱা প্ৰায় ৮.৩০ বজাত নিজা বাসগৃহতে ইহলীলা বৰণ কৰে৷ উল্লেখ্য যে লোকজন কিছুদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল৷ আহমেদে মৃত্যুৰ সময়ত পত্নী, দুগৰাকী জী-জোঁৱাইৰ লগতে বহু পৰিয়াল ইহ সংসাৰত এৰি গৈছে৷ উল্লেখ্য যে আহমেদ এজন অমায়িক, সাধাৰণভাৱে জীৱন যাপন কৰা ধৰ্মপ্ৰাণ ব্যক্তি আছিল৷ আহমেদ পুৰণা মছজিদ কমিটী, মেলামাটি মাদ্ৰাছা, জামাত কল্যাণ কমিটী, উজনি অসম হজ যাত্ৰী তদাৰক কমিটী, মহম্মদ শ্বাহ ৱাকফ কমিটী আৰু বহু প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল৷ আহমেদৰ মৃত্যুত পুৰণা মছজিদ সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আত্মাৰ চিৰশান্তি বাবে দোৱা কৰে৷ আহমেদৰ জানাজা মঙলবাৰে পুৱা ৯.৩০ বজাত যোৰহাট কবৰস্থানত অনুষ্ঠিত কৰা হ’ব বুলি পৰিয়ালে জানিব দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here