Home অসম হাজোৰ ৰামদিয়াত বিভিন্ন প্ৰজাতিৰ পক্ষীৰ মৃত্যু

হাজোৰ ৰামদিয়াত বিভিন্ন প্ৰজাতিৰ পক্ষীৰ মৃত্যু

224
0

গণ বাৰ্তা, হাজো, ২৭ নৱেম্বৰ ঃ তীৰ্থনগৰী হাজোৰ ৰামদিয়াত সংঘটিত হৈছে এক আজৱ ঘটনা। ৰামদিয়াৰ সস্তাৰত আজি পুৱাৰ ভাগত উদ্ধাৰ কৰা হৈছে বিভিন্ন প্ৰজাতিৰ পক্ষীৰ মৃতদেহ। ৰামদিয়াৰ সস্তাৰত কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছে এই পক্ষী নিধনযজ্ঞ। খাদ্যৰ লগত বিহ মিহলাই পক্ষী নিধন কৰি কোনো দুষ্কৃতিকাৰীয়ে  পাশৱিক আনন্দ লোৱা বুলি অভিযোগ তুলিছে স্থানীয় লোকসকলে। ৰামদিয়াৰ সস্তাৰৰ পথাৰত এনেদৰে অপমৃত্যু ঘটা বিভিন্ন প্ৰজাতিৰ পক্ষীবোৰ হৈছে বুলবুলি চৰাই, কুলি চৰাই, শালিকা, কপৌ আদিকে ধৰি আৰু অন্যান্য চৰাই। স্থানীয় লোকে সন্দেহ কৰা মতে আৰু হয়তো অন্য ঠাইতো ভালেসংখ্যক চৰাইৰ মৃত্যু হৈছে দুষ্কৃতিকাৰীৰ এই কাৰ্যত। এই দুষ্কাৰ্য কোনে সংঘটিত কৰিছে ইয়াকে লৈ ৰামদিয়া অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে ধৰণৰ দুষ্কাৰ্য সংঘটিত নকৰিবলৈ দুষ্কৃতিকাৰীসকলক সকীয়াই দিছে ৰামদিয়াবাসী ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here