Home Main Stories বিশিষ্ট মুক্তিযোদ্ধা দেৱেশ্বৰ দলৈৰ দেহাৱসান

বিশিষ্ট মুক্তিযোদ্ধা দেৱেশ্বৰ দলৈৰ দেহাৱসান

262
0

গণবাৰ্তা বিশেষ, যোৰহাট।, ৩ জুন : যোৰহাট তথা সমগ্ৰ ৰাজ্যৰে এজন প্ৰবীন গান্ধীবাদী মুক্তিযোদ্ধা দেৱেশ্বৰ দলৈৰ আজি দুপৰীয়া ১-১৫ মান বজাত যোৰহাটৰ কুশল নগৰস্থিত নিজা বাসভৱনত ৯৮ বছৰ বয়সত দেহাৱসান ঘটে । তিতাবৰ ঢেকীয়াজুলিৰ বুৰুক বৰুৱা গাৱত ১৯২৩ চনৰ ৫ নৱেম্বৰ তাৰিখে জন্ম গ্ৰহন কৰা দেৱেশ্বৰ দলৈয়ে ১৯৩৮ চনত এম ই পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ্ণ হৈছিল । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত জপিয়াই পৰি দলৈ দেৱে ১৯ বছৰ বয়সতে কাৰাবাস খাটিব লগীয়া হয় । সাত মাহ কাৰাবাস খটাৰ পিছত পুনৰ সংগ্ৰামত জপিয়াই পৰি সংগ্ৰামৰ মজতে ১৯৪৬ চনত টিয়ক বলমাৰ চন্দ্ৰকমল বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দলৈ দেৱ সুখ্যাতিৰে উৰ্ত্তীণ্ণ হয় । ১৯৫০ চনত ৰুৰেল পঞ্চায়ত গঠন হোৱা পিছত তেওঁ পঞ্চায়তৰ সচিব হিচাপে কাৰ্য্যনিৰ্বাহ কৰে| ৭০ ৰ পৰা ৮০ দশকৰ মাজত দলৈ দেৱ বাঘচোংৰ যোৰহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল| ১৯৮৩ চনৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহন কৰা দলৈ দেৱে ১৯৬০ চনত কৰ্ম সুত্ৰে যোৰহাট চহৰত থাকিবলৈ লয়| তেওঁ যোৰহাট জিলা মুক্তি যুজাৰু সন্মিলনৰ সভপতি হোৱাৰ লগতে ৰাজ্যিক সন্মিলনৰ সম্পাদকৰ দ্বায়িত্বও পালন কৰিছিল । দলৈ দেৱে নৱ প্ৰজন্মৰ বাবে ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত কেইবাখনো গ্ৰন্থ ৰচনা কৰি সহিত্যৰ ভৰালো চহকী কৰি গৈছে ।মৃত্যুৰ পূৰ্বে প্ৰায় ৯৫ বছৰ বয়সলৈকে মুক্তি যুজাৰু সন্মিলনৰ যোৰহাট কাৰ্য্যালয়লৈ দৈনিক অহা যোৱা কৰা লগতে সময় মতে সকলো চৰকাৰী কাৰ্য্যসুচীত উপস্থিত থাকি নিজৰ অদম্য মনোবলৰ পৰিচয় দি গৈছে মুক্তিযোদ্ধা জনে। বিশিষ্ট মুক্তিযোদ্ধা জনে মৃত্যুৰ সময়ত তেওঁৰ পত্নী, চাৰিজন পুত্ৰ আৰু দুগৰাকী কন্যা নাতি নাতিনী সহ ভালেমান আত্মীয় স্বজন এৰি থৈ গৈছে।ইফালে যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে শোক প্ৰকাশ কৰি তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে| মুক্তিযোদ্ধা জনৰ মৃত্যুৰ বাতৰি বিয়পি পৰা পিছতে তেখেতৰ কুশল নগৰস্থিত বসগৃহত তেখেতৰ অগনন গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে|আনহতে দেৱেশ্বৰ দলৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ৷ এক শোক বাৰ্তাত আছুৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে কয়,তেখেতৰ বিয়োগ যোৰহাটৰ বাবে এক অপূৰণীয় ক্ষতি। প্ৰয়াত দলৈদেৱৰ বিদেহ আত্মাৰ চিৰসদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে সংগঠনটোৱে । লগতে যোৰহাট জিলা মাধ্যমিক বিজ্ঞান শিক্ষক সংস্থা , স্বেচ্ছাসেৱী অনুষ্ঠান সেৱা,যোৰহাট জিলা মইনা পাৰিজাত , অনাতাঁৰ শিল্পী মঞ্চ |

LEAVE A REPLY

Please enter your comment!
Please enter your name here