Home স্থানীয় মাজুলীৰ প্ৰথম গৰাকী মায়ামৰা অনাতাঁৰ শিল্পী কদম চন্দ্ৰ দাসৰ দেহাৱসান

মাজুলীৰ প্ৰথম গৰাকী মায়ামৰা অনাতাঁৰ শিল্পী কদম চন্দ্ৰ দাসৰ দেহাৱসান

114
0


গণ বাৰ্তা, মাজুলী, ১৯ জানুৱাৰী: মাজুলী জিলাৰ ডেকা শেনচোৱা গাঁও নিৱাসী, অসমৰ মায়ামৰা সমাজৰ বৈষ্ণৱ, মাজুলীৰ প্ৰথমগৰাকী মায়ামৰা মৃদঙৰ অনাতাঁৰ শিল্পী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কদম চন্দ্ৰ দাসে [৭৫] ১৬ জানুৱাৰীৰ দিনৰ ১১ বজাত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ, তিনিগৰাকী জীয়াৰী, জোঁৱাই, বোৱাৰী, নাতিকে ধৰি বৃহৎসংখ্যক গুণমুগ্ধক ইহ সংসাৰত এৰি যায়৷ সুদীৰ্ঘ সময় সমাজ সংগঠনৰ কামত নিয়োজিত থকা শিল্পীগৰাকীৰ মৃত্যুত মাজুলী তথা অসমৰ মায়ামৰা সমাজখনৰ এক বৃহৎ ক্ষতি হৈছে বুলি ৰাইজে মত পোষণ কৰিছে৷ ইতিমধ্যে বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত মায়ামৰা সমাজৰ লগতে তেখেতৰ গুণমুগ্ধসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মাজুলী মায়ামৰা সমাজৰ এটি সাংস্কৃতিক তৰা খহি পৰিল বুলি মাজুলীৰ বৃহত্তৰ শেনচোৱাবাসী ৰাইজে একমুখে উচ্ছাৰণ কৰিছে৷ তেওঁৰ মৃত্যুত শেনচোৱা অনিৰুদ্ধ দেৱ সাংস্কৃতিক সমাজ, আজলী আই থানসত্ৰ উন্নয়ন সমিতি, শেনচোৱা এলপি স্কুল, মাজুলী জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা, হৰিজী সমাজ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here