Home অসম সাহিত্য একাডেমীৰ অনুবাদ বঁটাপ্ৰাপক প্ৰভাত শৰ্মা শাস্ত্ৰীৰ মৃত্যু

সাহিত্য একাডেমীৰ অনুবাদ বঁটাপ্ৰাপক প্ৰভাত শৰ্মা শাস্ত্ৰীৰ মৃত্যু

447
0

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ২৫ ডিচেম্বৰ ঃ অসমৰ সাহিত্য আৰু শিক্ষা জগতৰ পুৰোধা ব্যক্তি, সাহিত্য একাডেমীৰ অনুবাদ বঁটাপ্ৰাপক  ‘দৰং ৰত্ন’ উপাধিৰে বিভূষিত  প্ৰভাত শৰ্মা শাস্ত্ৰী (৯৩)ৰ শুকুৰবাৰে বিয়লি আঢ়ৈবজাত বাৰ্ধক্যজনিত কাৰণত মঙলদৈ বামুণপাৰাৰ নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি হয়। তেওঁৰ এই মৃত্যুত অসমৰ বিদ্বৎ সমাজৰ লগতে সমগ্ৰ দৰং জিলাত শোকৰ ছাঁ পৰিছে। সংস্কৃত সাহিত্যৰ অগাধ পণ্ডিত, অত্যন্ত বিনয়ী, সপ্ৰতিভ, সদালাপী আৰু ঈৰ্ষনীয় ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী দৰং গৌৰৱে  পাতিদৰং বাণীবিনোদিনী টোলৰ পৰা ১৯৪৫ চনতে মধ্য পৰীক্ষাত ভুবন-প্ৰতিমা বৃত্তিসহ অসমৰ  ভিতৰতে  প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হৈছিল যদিও তেখেতে এই টোলীয় শিক্ষা গ্ৰহণতে ক্ষান্ত নাথাকি নলবাৰী সংস্কৃত কলেজৰ পৰা ১৯৪৭ চনত শাস্ত্ৰী পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত একক আৰু নিৰলস সাধনাৰে অনানুষ্ঠানিক পৰীক্ষাৰ্থী হিচাপে এটাৰ পিছত  আনটো পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।  অৱশেষত তেওঁ ১৯৬৫ চনত সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বিৰল নজিৰ স্থাপন কৰিছে। ১৯৪৭ চনত দলগাঁও হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলা অজাতশত্ৰু, মিতভাষী আৰু পৰহিতৈশী পণ্ডিতপ্ৰৱৰ শাস্ত্ৰীয়ে পৰৱৰ্তী কালত একাধিক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ অন্তত মঙলদৈ মহাবিদ্যালয়ত সুদীৰ্ঘকাল (১৯৬৭-১৯৮৯) অধ্যাপনাৰ অভিজ্ঞতাৰে ১৯৮৫ চনত মঙলদৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰি ১৯৯৪ চনত অৱসৰ লোৱাৰ সময়লৈকে ৪৭ বছৰীয়া শিক্ষকতা-অধ্যাপনাৰ পৰা প্ৰশাসনীয় পৱিত্ৰ কৰ্মলৈকে সেৱাৰ বিৰল অভিলেখ গঢ়ে। এই  একাণপতীয়া দায়িত্ব পালনৰ সমান্তৰালকৈ অধ্যয়ন আৰু নিৰলস সাধনাৰে সাহিত্য চৰ্চাতো মনোনিৱেশ কৰি অসমীয়া ভাষাত ভালেমান বহুমূলীয়া প্ৰবন্ধ ৰচনা কৰি খ্যাতি অৰ্জা মহীৰূহগৰাকীয়ে সংস্কৃতত বহুসংখ্যক সহজ-সৰল আৰু প্ৰাঞ্জল ভাষাৰে কবিতা ৰচনা কৰি ঈৰ্ষনীয় প্ৰভিভাৰ স্বাক্ষৰ দাঙি ধৰিছে।

দৰং জিলা সাহিত্য সভাই ১৯৮৯ চনত প্ৰকাশ কৰা অসমৰ আঞ্চলিক ভাষাৰ প্ৰথমখন শব্দকোষ ৰূপে চিহ্নিত ‘দৰঙী শব্দকোষ’ৰ সংকলন আৰু সম্পাদনাৰ দৰে মৰ্যাদাপূৰ্ণ কাম অতি দক্ষতাৰে তেখেতে সম্পন্ন কৰি যুগলৈ খ্যাতি ৰাখি থৈছে। এইগৰাকী পণ্ডিতেই বিষ্ণু শৰ্মা ৰচিত সংস্কৃত ‘পঞ্চতন্ত্ৰ’ অসমীয়ালৈ অনুবাদ (১৯৬৬) কৰি সমাদৃত হোৱাই নহয়, বাণভট্টৰ ‘কাদম্বৰী’ৰ দৰে প্ৰখ্যাত আৰু জটিল গ্ৰন্থৰ সাহসিকতাপূৰ্ণ অসমীয়া অনুবাদ (২০০০) কৰি ২০০২ চনত সাহিত্য একাডেমী অনুবাদ বঁটা বিজয়েৰে বিদ্বৎ সমাজক চমৎকৃত কৰিছে আৰু দৰং তথা ৰাজ্যখনলৈ সন্মান কঢ়িয়াই আনিছে। এইগৰাকী বৰেণ্য মহীৰূহক তেখেতৰ নীৰৱ সাধনা আৰু কীৰ্তিৰ সন্মান স্বৰূপে দৰং জিলা  ব্ৰাহ্মণ সমাজে ‘বিদ্যাবিনোদ’ আৰু কামৰূপ সঞ্জীৱনী সভাই ‘কাব্যভাৰতী’ সন্মানেৰে বিভূষিত কৰিছে। অসম চৰকাৰে তেখেতেক বিৰল সাহিত্য কৰ্মৰ স্বীকৃতিস্বৰূপে ১৯৯৫ চনৰ পৰা সাহিত্যিক পেঞ্চনো প্ৰদান কৰি আহিছে। এইগৰাকী ক্ষণজন্মা দৰঙী কৃতী সন্তানক দৰং জিলা সাহিত্য সভাই ঐতিহাসিক  সিদ্ধান্তযোগে ২০১৮ বৰ্ষত প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰা ‘দৰং ৰত্ন’ সন্মানেৰে সন্মানিত  কৰিছে আৰু সেই বৰ্ষৰে ২৪ মাৰ্চ তাৰিখে মঙলদৈস্থ সাহিত্য সভা প্ৰকল্পত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতক এই সন্মান আৰু বঁটা প্ৰদান কৰিছে। 

জীৱনজোৰা সাধনাত ব্ৰতী এইগৰাকী মহান আৰু বিৰল প্ৰতিভাধৰে জীৱনৰ ৯৪ বছৰ পূৰ কৰিবলৈ মাথোঁ আৰু ২ মাহ বাকী থকা অৱস্থাতো জ্ঞানৰ অটল সাগৰ গৰ্ভৰ পৰা মণি মুকুতা বিচৰাৰ দৰেই   প্ৰায় ৯৯ শতাংশ কাম সম্পূৰ্ণ হোৱা তেখেতৰ ‘অসমীয়া-সংস্কৃত’ অভিধানৰ শব্দ  বিচাৰি সপোনে শয়নে জাগ্ৰত প্ৰহৰীৰ দৰেই সক্ৰিয় আৰু সপ্ৰতিভ হৈ আছিল বাবেই শিশুৰ দৰেই জীৱন্ত হৈ আছিল তেখেতৰ স্মৃতিশক্তিও। এই গৰাকী মহীৰূহৰ মৃত্যুত অসমীয়া ভাষা, সাহিত্যৰ লগতে সমাজ জীৱনৰ অপূৰণীয় ক্ষতি হ’ল। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰিও পুত্ৰ মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপক ড০ প্ৰণৱ কুমাৰ শৰ্মা, বৰজীয়ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ মাঞ্জুলা দেৱী, মাজু জীয়ৰী বৰমা বহাবিদ্যালয়ৰ অধ্যাপিকা মন্দিতা দেৱী আৰু কনিষ্ঠ কন্যা মঙলদৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষা কৰৱী দেৱী আৰু নাতি নাতিনী তথা অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি যায়। মহীৰূহগৰাকীৰ মৃত্যুৱে অসমৰ সাহিত্য জগতৰ লগতে মঙলদৈ তথা দৰঙৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি কৰিলে। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি অসম তথা দৰঙৰ বিভিন্ন দল-সংগঠন, ব্যক্তি আৰু শুভাকাংক্ষীসকলে  শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here