Home Main Stories বিশিষ্ট নাগৰিক আব্দুল মজিদৰ দেহাৱসান

বিশিষ্ট নাগৰিক আব্দুল মজিদৰ দেহাৱসান

88
0

মুৰববীবিহীন হৈ পৰিল বৃহত্তৰ গান্ধাৰীপাৰা অঞ্চলঃ ছাহজাহান তালুকদাৰ

দিদাৰ হুছেইন, হাউলী, ৩০ এপ্ৰিল ঃ বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত গান্ধাৰীপাৰা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা উত্তৰ হাউলী মণ্ডল কংগ্ৰেছৰ সভাপতি  আব্দুল মজিদ আহমেদে শুকুৰবাৰে নিশা ১১ বজাত বিভিন্ন ৰোগত আক্ৰান্তহৈ নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৩ বছৰ। তেখেতে মৃত্যুৰ আগমুহূৰ্তলৈকে অঞ্চলটোৰ বিভিন্ন সামাজিক তথা ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাবে জড়িত আছিল। তেওঁৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। মৃত্যুৰ সময়ত তেখেতে দুই পত্নী, ছয় পুত্ৰ, চাৰিগৰাকী কন্যাসহ বহুতো আত্মীয়-স্বজন ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ জানাজা আজি জহুৰৰ নামাজৰ পাছত গান্ধাৰীপাৰা হাফিজীয়া মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত হয়। আঃ মজিদ আহমেদৰ মৃত্যুত ‘দৈনিক গণ অধিকাৰ’ৰ সঞ্চালক ছাহজাহান তালুকদাৰ, বৰপেটা সদৰ সমষ্টিৰ আব্দুৰ ৰহিম আহমেদ, আমছুৰ প্ৰাক্তন সভাপতি আব্দুছ ছামাদ আহমেদ, বৰপেটা জিলা আমছুৰ সভাপতি আব্দুল জুব্বাৰ আলীসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত ‘দৈনিক গণ অধিকাৰ’ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰে কয় যে আব্দুল মজিদৰ মৃত্যুৱে মুৰববীবিহীন হৈ পৰিল গান্ধাৰীপাৰাৰ বৃহত্তৰ অঞ্চল। গান্ধাৰীপাৰাৰ প্ৰতিটো সমস্যাক লৈ সবল ভূমিকা পালন কৰি আহিছিল আব্দুল মজিদে। বৃহত্তৰ গান্ধাৰীপাৰাৰ ক্ষেত্ৰত আব্দুল মজিদৰ আছে উল্লেখযোগ্য অৱদান। এইক্ষেত্ৰত কোনেও তেওঁৰ অৱদানৰ কথা পাহৰিব নোৱাৰে। আজি মজিদৰ মৃত্যুত একপ্ৰকাৰ বৃহত্তৰ গান্ধাৰীপাৰাবাসীয়ে হেৰুৱালে এজন অভিভাৱক। তেওঁৰ আত্মাই শান্তি লাভ কৰক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here