Home বৰপেটা হাউলীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মজিবৰ ৰহমানৰ দেহাৱসানঃ বিভিন্ন জনৰ শোক

হাউলীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মজিবৰ ৰহমানৰ দেহাৱসানঃ বিভিন্ন জনৰ শোক

102
0


দিদাৰ হুছেইন, হাউলী, ৩ অক্টোবৰ: বৰপেটা জিলাৰ হাউলী নগৰৰ এক নং ৱাৰ্ডৰ বাসিন্দা, বিশিষ্ট নাগৰিক, সমাজকৰ্মী, শিক্ষাবিদ তথা ভৱানীপুৰ আঞ্চলিক কলেজৰ আৰবী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মজিবৰ ৰহমানৰ উচ্ছ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ আজি পুৱা ১০ বজাত নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ৷ অধ্যাপক ৰহমানে বৃহস্পতিবাৰে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ তেওঁ মৃতু্যৰ আগলৈকে অঞ্চলটোৰ বিভিন্ন সামাজিক, শৈক্ষিক, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত থকাৰ উপৰি ‘জমিয়তে আহলে হাদিছ অসম’ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ অধ্যাপক ৰহমানে এটা সময়ত জামাত -ই- ইছলামী হিন্দৰ সক্ৰিয় কৰ্মী হিচাপে কাম কৰিছিল৷ তেওঁৰ আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি পুত্ৰ, এগৰাকী কন্যাসহ বহুতো আত্মীয়-স্বজনক ইহ সংসাৰত এৰি যায় ৷ অৱসৰপ্ৰাপ্ত অধ্যাপক মজিবৰ ৰহমানৰ মৃত্যুত হাউলী সাংবাদিক সন্থাৰ হৈ দিদাৰ হুছেইন, কৌশিক কমল দাস, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, আমছুৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি ৰহিদুল শিকদাৰ, সম্পাদক আফজালুৰ ৰহমান, জামাত-ই-ইছলামী হিন্দৰ হৈ মাইনুল হক, হাউলীৰ ছাব লাইম ফাউণ্ডেচনৰ সঞ্চালক ড॰ দেৱান নজৰুল কাদিৰ, সাপ্তাহিক মুজাহিদ কাকতৰ কাৰ্যবাহী সম্পাদক ছফিকুল ইছলাম, এআইইউডিএফৰ বৰপেটা জিলা সমিতিৰ সভাপতি ছামছুদ্দিন আহমেদ, ভৱানীপুৰ আঞ্চলিক কলেজৰ শিক্ষক-কৰ্মচাৰী গোট, সমাজকৰ্মী ছাইফুল ইছলাম, ছাহজাহান আলী আহমেদ, হাউলী ক্লাব কাউচাৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক খলিলুৰ ৰহমান, দৈনিক ‘গণ অধিকাৰ’ কাকতৰ উপ- সম্পাদক ছফিউল ইছলাম আদিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here