Home Main Stories দেৰগাঁৱৰ বিশিষ্ট কবিৰাজ তৰুণ হাজৰিকাৰ মৃত্যু

দেৰগাঁৱৰ বিশিষ্ট কবিৰাজ তৰুণ হাজৰিকাৰ মৃত্যু

31
0

গণবাৰ্তা দেৰগাঁও, ১২ মেঃ দেৰগাঁও দিচৈ চাৰিআলি নিবাসী, বিশিষ্ট কবিৰাজ,প্ৰকৃতিপ্ৰেমী তৰুণ হাজৰিকাৰ আজি পুৱা ৭১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়। বনৌষধি চিকিৎসাৰে অসমৰ বিভিন্ন প্ৰান্তৰ অসংখ্য নি:সন্তান দম্পতিক সন্তানৰ মুখ দেখুৱাই বিশেষ সফলতা অৰ্জন কৰা কবিৰাজ জনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে তেওঁৰ গুণমুগ্ধ তথা শুভাকাংক্ষীসকল। জানিব পৰামতে কিছুদিন ধৰি বৃক্কজনীত ৰোগত চিকিৎসাধীন হৈ আছিল কবিৰাজজন। আজি পুৱা প্ৰায় এঘাৰ বজাত হঠাতে অধিক অসুস্থ হৈ পৰি নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে তৰুণ হাজৰিকাই। মানবদৰদী হাজৰিকা একালৰ এজন সুদক্ষ অভিনেতাও আছিল। সপোন প্ৰদত্ত বনদৰবৰ দ্বাৰা আধুনিক চিকিৎসা বিজ্ঞানকো একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই তেওঁ সন্তানহীনতা সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ সফলতাৰে কমদিনতে সুপৰিচিত হৈ পৰিছিল। তেওঁৰ কবিৰাজী চিকিৎসা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰি বহিঃৰাজ্যৰ পৰাও দেৰগাঁৱৰ দিচৈ চাৰিআলিলৈ মানুহৰ সোঁতবলা পৰিলক্ষিত হৈছিল।বহুতে তেওঁৰ দ্বাৰা উপকৃত হৈ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ কবিৰাজ গৰাকীক কৃতজ্ঞতায়ো জ্ঞাপন কৰিছিল। বনবন্ধু আয়ুৰৰ্সূয্য সন্মান, ড° বি আৰ আম্বেদকাৰ বঁটা আদিৰ উপৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জীবিত অৱস্থাত বঁটা প্ৰদান, ৰাজহুৱা সম্বৰ্ধনা আদিৰে সন্মানীত কৰা কবিৰাজ জন নিজে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ঘনিষ্ঠভাৱে জৰিত থকাৰ লগতে বিভিন্ন ৰাজহুৱা আৰু সমাজ উন্নয়নমুলক কামত তেওঁ সততে সহযোগিতা আগবঢ়োৱাৰ উপৰি আৰ্তজনক সহায় কৰাটো তেওঁৰ বিশেষ গুণ আছিল।প্ৰকৃতি আৰু বন্যপ্ৰাণী ৰ প্ৰতি থকা অকৃত্ৰিম মৰমৰ বহি:প্ৰকাশ ঘটিছিল তেওঁৰ কায্যকলাপত। চৰাই চিৰিকটি,বন্যজন্তুক নিতৌ খাদ্য ৰ যোগান ধৰা হাজৰিকা ই নেঘেৰিটিং শিৱদৌলত শ শ বান্দৰক আহাৰ যোগান ধৰাৰ উপৰি কাজিৰঙাৰ মাতৃহাৰা এটা গড়ৰ পোৱালিৰ দায়িত্ব তেওঁ মূৰ পাতি লৈছিল।বানপানী ত আবদ্ধ পহু উদ্ধাৰ কৰি কাজিৰঙাত মুকলি কৰি দিয়াকে ধৰি অসংখ্য প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দেখুৱাই তেওঁ ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছিল।তেঁওৰ বাসগৃহতে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ এটি পূৰ্ণাংগ মূৰ্তি নিৰ্মাণ কৰোৱাই স্থাপন কৰা কবিৰাজজনে দেৰগাঁও আৰু গুৱাহাটী আদিত সন্তানহীনতাকে ধৰি বিভিন্ন ৰোগৰ বনৌষধি চিকিৎসাৰে ৰাইজক সেৱা আগবঢ়াই আহিছিল। ইফালে ক’ভিদৰ নীতি নিৰ্দেশনা মানি সীমিত লোকেৰে শেষকৃত্য সম্পন্ন কৰা কবিৰাজ জনৰ মৃত্যুত দেৰগাঁও সাহিত্য সভা, সাংবাদিক সংস্থা, দেৰগাঁও মহকুমা আপকু, নৃত্যঞ্জলী কলাকেন্দ্ৰ,ব্ৰহ্মপুত্ৰ সমবায় সমিতি, নাহৰণি সাহিত্য সাংস্কৃতিক গোষ্ঠী,আদি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত পত্নী সহ পুত্ৰ কন্যা আৰু অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰিথৈ যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here