Home Main Stories মৃত্যু উপত্যকাত পৰিণত হৈছে বিলাসীপাৰা মহকুমা : নয়াহাটৰ ভোলাৰ গাঁৱত চাঞ্চল্যকৰ হত্যা...

মৃত্যু উপত্যকাত পৰিণত হৈছে বিলাসীপাৰা মহকুমা : নয়াহাটৰ ভোলাৰ গাঁৱত চাঞ্চল্যকৰ হত্যা কাণ্ড, হত্যা কৰি জ্বলাই দিয়া মৃতদেহ উদ্ধাৰ

132
0

গণ বাৰ্তা বিশেষ, বিলাসীপাৰা, ৬ জুলাই : একপ্ৰকাৰৰ মৃত্যু উপত্যকাত পৰিণত হৈছে যেন ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা। বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে গাৰ নোম শিউৰি উঠা আন এক চাঞ্চল্যকৰ হত্যা কাণ্ডৰ ঘটনা। এইবাৰৰ স্থান নয়াহাটৰ ভোলাৰগাঁও। কোনো দুৰ্বৃত্তই হত্যা কৰি জ্বলাই দিছে এজন লোকক। উল্লেখ্য যে সঘনাই চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ আদি সংঘটিত হৈ থকা বিলাসীপাৰাত এটাৰ পিছত আন এটাকৈ হত্যা, হিংসা, লুন্ঠনৰ ঘটনাই নিদ্ৰা হৰণ কৰিছে মহকুমাবাসীৰ।
বিগত এটা মাহত মহকুমাটোত সংঘটিত হৈছে ৭ টা কৈ নৃশংস হত্যা কাণ্ডৰ ঘটনা। ইয়াৰ পিছতো বিলাসীপাৰা আৰক্ষী প্ৰশাসনে নিষ্ক্ৰিয় ভূমিকা পালন কৰি অহাৰ গুৰুতৰ বঅভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে মঙ্গলবাৰে মহকুমাটোৰ অধীনস্থ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰানিৰ ঝাৰ ২য় খণ্ড ভোলাৰগাঁৱত উদ্ধাৰ হয় অচিনাক্ত পুৰুষ এজনৰ মৃতদেহ। কোনো দুৰ্বৃত্তৰ দলে নিশা লোক জনক হত্যা কৰি গাওঁ খনৰ আলী হুছেইনৰ খেৰৰ পুঁজি এটাত সুমুৱাই দি জুই লগাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। খেৰৰ পুঁজিটোত দাউ দাউ কৈ জুই জ্বলি উঠাত নিশাই ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃত অৱস্থাত লোকজনক উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে থানা লৈ নিয়ে। মহকুমাটোত ধাৰাবাহিক ভাৱে চুৰি, ডকাইতি, হত্যাৰ ঘটনা সংঘটিত হৈ থকাৰ পিছতো বিলাসীপাৰা আৰক্ষী প্ৰশাসনে একপ্ৰকাৰৰ নিৰব দৰ্শকৰ ভূমিকা পালন কৰি আছে বুলি সদৰি কৰে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নাজিমুল হকে। হকে আৰু কয় যে এনে অপৰাধবোৰ ৰোধৰ ক্ষেত্ৰত একপ্ৰকাৰৰ ব্যৰ্থ হৈছে বিলাসীপাৰা আৰক্ষী প্ৰশাসন। ইফালে উদ্ধাৰ হোৱা পুৰুষ মৃতদেহটো অদ্যাপি চিনাক্ত হোৱা নাই। ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰা মহকুমাত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here