Home সম্পাদকীয় বিধায়ক ‘শ্বেৰমান আলী আহমেদ’ কেন্দ্ৰিক বিতৰ্ক

বিধায়ক ‘শ্বেৰমান আলী আহমেদ’ কেন্দ্ৰিক বিতৰ্ক

391
0

এম আব্দুল মজিদ ,১৯ এপ্ৰিল: অতি সম্প্ৰতি বাঘবৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াক কেন্দ্ৰ কৰি যি বিতৰ্কৰ সৃষ্টি হৈছে বা তেখেতে [শ্বেৰমান আলী আহমেদ] নিজেই যি বিতৰ্কৰ সৃষ্টি কৰিছে, সেই সন্দৰ্ভত বিদ্ৰোহী কবি নজৰুল ইছলামৰ এফাঁকি অমৰ কবিতা– বিশ্ব যখন এগিয়ে চলেছে আমৰা তখন বসে বিবি তালাকেৰ ফতোৱা খুজি ক্বোৰান হাদিচ চশে’’ উদ্ধৃতিৰে মোৰ মনত সৃষ্ট কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ৷ এই বিষয়ত দুই-চাৰিজনে মোৰ বিৰোধিতা কৰিব পাৰে৷ এই সন্দৰ্ভত বিতৰ্ক নিন্তান্তই স্বাভাৱিক৷ যি নহওক, প্ৰথমতে বাঘবৰ সমষ্টিৰ বিধায়ক মহোদয়ে বিজেপি দলৰ লগত বুজাবুজিৰ বাবে জনোৱা আহ৩ান আলোচনাৰ বাবে লোৱা যাওক৷ এই আহ৩ান তেখেতৰ আত্মসমৰ্পণ সন্মানজনক আপোচ, সেই সম্পৰ্কে অধিক অধ্যয়ন বা অনুসন্ধানৰ প্ৰয়োজন আছে৷ এইধৰণৰ প্ৰস্তাৱ সম্পৰ্কে আলোচনা কৰিবলৈ আমি কিছু অতীতলৈ উভতি চাব লাগিব৷ অসম আন্দোলনৰ প্ৰেক্ষাপটত সংখ্যালঘু আন্দোলনৰ পুৰোধা ব্যক্তি UMF দল গঠনৰ তাত্ত্বিক ৰূপকাৰ গোলাম ওছমানি চাহাবে দল গঠন কৰি প্ৰথমখন সংবাদ মেলত উল্লেখ কৰিছিল,‘‘Assam itself is a land of Minorities’’ আৰু ইয়াৰ বাবে প্ৰতিটো জনগোষ্ঠীৰ মাজত পাৰস্পৰিক বুজাবুজিৰ প্ৰয়োজন আছে বুলি তেখেতে উল্লেখ কৰিছিল৷ এইগৰাকী নেতাৰ সাংসদ হিচাপে তেখেতৰ এটা মাত্ৰ ভোটৰ বিনিময়ত সেই সময়ৰ বিজেপি দল নেতৃত্বাধীন কেন্দ্ৰীয় বাজপেয়ী চৰকাৰ পতনৰ পৰা ৰক্ষা পৰিলেহেঁতেন, যদিহে তেখেতে বিজেপি দলে আগবঢ়োৱা প্ৰলোভনৰ টোপ গিলিলেহেঁতেন৷ নিপীড়িত জনগোষ্ঠীৰ লোকসকলৰ স্বাৰ্থত ওছমানি চাহাবে ব্যক্তিগত স্বাৰ্থ উলাই কৰি বিজেপি দলৰ নেতৃত্বাধীন চৰকাৰ পতনত অংশীদাৰ হৈছিল৷ অৱশ্যে এইগৰাকী নেতাই আকৌ নিজে দলৰ শীৰ্ষ নেতৃবৰ্গৰ দ্বাৰা ৰোষৰ বলি হৈ দলৰ নেতৃত্বৰ পৰা কেৱল অপসাৰিতই নহয়, বিতাড়িত হ’বলগীয়া হৈছিল৷ সেয়া আন এক আলোচনাৰ বিষয়৷ পৰৱৰ্তী সময়ত উচ্ছতম ন্যায়ালয়ৰ দ্বাৰা IMDT[Act] বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত মাননীয় বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত সংখ্যালঘু জনগোষ্ঠীৰ আৱেগক মূলধন হিচাপে লৈ UDF দল গঠন কৰা হয়৷ উক্ত দলৰ এগৰাকী প্ৰাৰ্থী হিচাপে শ্বেৰমান আলী আহমেদ চাহাবে কংগ্ৰেছ দলৰ বিৰোধিতা কৰি ২০১১ চনত পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়৷ সংযোজন দ্বিতীয় অংশ ২০০৬ূচনৰ সাধাৰণ নিৰ্বাচনত বাঘবৰ বিধানসভা সমষ্টিৰ পৰা [মৰহুম] দিলদাৰ ৰেজ্জা তৃতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়৷ সেই বছৰ [যদি মোৰ ভুল হোৱা নাই] দিলদাৰ ৰেজ্জাই গগৈ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছিল যদিও সময়ত মন্ত্ৰী হিচাপে স্থান লাভ কৰিব নোৱাৰিলেও তদানীন্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ কৃপাত মাননীয় দিলদাৰ ৰেজ্জাই গৃহ দ৫১১ সংসদীয় সচিব হিচাপে নিযুক্তি লাভ কৰে৷ অৱশ্যে দিলদাৰ ৰেজ্জাৰ এই কাৰ্যকালৰ শেষৰ ফালে শাৰীৰিকভাবে অসুস্থ হৈ পৰাত শ্বেৰমান আলী আহমেদ চাহাবৰ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পথ সুগম হৈ পৰে৷ এইটো সৰ্বজনবিদিত যে সেই সময়ত মেলে-মিটিঙে কেৱল মাত্ৰ কংগ্ৰেছ দলৰ বিৰোধিতা কৰি বক্তব্য ৰাখি নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু UDF দলৰ শীৰ্ষনেতা মৌলানা বদৰুদ্দিন আজমল চাহাবৰ অনুগ্ৰহত দলীয় প্ৰাৰ্থিত্ব লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ এইক্ষেত্ৰত আৰু এটা অঘোষিত কথা [কথাটি প্ৰমাণ কৰিবলৈ প্ৰামাণিক তথ্য মোৰ হাতত নাই] জোনাব শ্বেৰমান আলী আহমেদ চাহাবৰ ৰাজনৈতিক মঞ্চলৈ আগমনৰ ক্ষেত্ৰত তাত্ত্বিক দিশত পৰামৰ্শদাতাৰ ৰূপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ইছমাইল হোছেইন [জ্যেষ্ঠ] চাহাবে৷ পিছে দল বা দলীয় শীৰ্ষ নেতৃবৰ্গৰ প্ৰতি আনুগত্য নথকা মনোভাবৰ বাবেই UDF দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে কম দিনৰ ভিতৰতে সংঘাতৰ সৃষ্টি হোৱা বুলি সেই সময়ত গুজবৰ সৃষ্টি হৈছিল৷ শুনিবলৈ পোৱা মতে সংঘাতৰ মূল কাৰণ বৰপেটা সংসদীয় আসনৰ প্ৰাৰ্থিত্বক লৈ৷ এইখিনিতে উল্লেখযোগ্য যে সেই বছৰ [২০১৪] চনৰ সংসদীয় নিৰ্বাচনত বৰপেটা আসনৰ বাবে ইউডিএফ দলৰ প্ৰাৰ্থী হিচাপে চিৰাজুদ্দিন আজমল ডাঙৰীয়া নিৰ্বাচিত হৈছিল৷ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ শেষৰ ফালে মুখ্যমন্ত্ৰীৰ আসনক লৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে হোৱা সংঘাতে কংগ্ৰেছ দললৈ আগমনৰ বাট সুগম হোৱাই নহয়, কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰূপে মনোনীত হ’বলৈ সুযোগ পাইছিল আৰু সেই সুযোগতে শ্বেৰমান আলী আহমেদ চাহাব কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰূপে দ্বিতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়৷ আকৌ ২০১৯ চনৰ সংসদীয় নিৰ্বাচনৰ সময়ত শ্বেৰমান আলী আহমেদ চাহাবে সাংসদ হোৱাৰ সপোন দেখিছিল যদিও বৰ্তমানৰ সাংসদ মাননীয় আব্দুল খালেক ডাঙৰীয়া হেঙাৰ হৈ পৰে আৰু তেতিয়াৰ পৰাই সাংসদগৰাকীৰ লগত অহি-নকুল সম্পৰ্ক৷ ভৱিষ্যতে প্ৰতিশ্ৰুতিৰ সম্ভাৱনাপূৰ্ণ এই দুই গৰাকী তৰুণ নেতাৰ তিক্ততাপূৰ্ণ সম্পৰ্কৰ পুনৰ বহিপ্ৰৰ্কাশ পায় যোৱা ২০২১ চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত, যাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া বৰ্তমানলৈ চলি থকা কথাটো ৰাজনৈতিকভাৱে সচেতন ব্যক্তি মাত্ৰেই অনুভৱ নকৰাকৈ থকা নাই৷ আৰু আমাৰ বিশ্বাস, এই সংঘাতে ২০২৪ চনৰ সংসদীয় নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰাৰ সন্দেহৰ থল নথকা নহয়৷ সংযোজন তৃতীয় অংশ এতিয়া মূল বিষয়ক লৈ আলোচনা কৰা যাওক৷ মাননীয় বিধায়ক শ্বেৰমান আলী আহমেদ চাহাবে সৃষ্টি কৰা বিতৰ্ক অধিক তীব্ৰতৰ ৰূপ পায় মিঞা মিউজিয়াম৷ DRSCৰ যিখন সভাত এই সম্পৰ্কে প্ৰয়োজনীয় আলোচনা হৈছিল, সেই লৈ সৰ্বসাধাৰণ ৰাইজে মূৰ ঘমোৱা নাছিল৷ অপ্ৰত্যাশিতভাৱে বৰপেটা জিলা পুথিভঁৰালত অনুষ্ঠিত এখন চৰকাৰীপক্ষই আয়োজন কৰা সভাত [যদি মোৰ ভুল হোৱা নাই] তদানীন্তন লোকনিৰ্মাণ তথা শিক্ষামন্ত্ৰী [বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী] মহাশয়ে বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ে কৰা কাম-কাজত, বিশেষকৈ ৰাস্তা-ঘাট নিৰ্মাণৰ ক্ষেত্ৰত ভূয়সী প্ৰশংসা কৰে আৰু ইয়াৰ পিছতেই মিঞা মিউজিয়ামৰ বিতৰ্কৰ সূত্ৰপাত হয়৷ এইখিনিতে আৰু এক অপ্ৰকাশিত কাহিনী [অকতৃৰ্ত্বশীল সূত্ৰৰ পৰা পোৱা তথ্য মতে] আজি অসম চৰকাৰৰ বিত্তমন্ত্ৰীগৰাকী তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ গড়কাপ্টানী [বৰ্তমান লোক নিৰ্মাণ দ৫১] মন্ত্ৰী হিচাপে বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৰাস্তা-ঘাটসমূহ পকীকৰণ কৰিবলৈ প্ৰয়োজনীয় অনুমোদন দিয়াত সক্ৰিয়ভাৱে সহায় কৰিছিল৷ যি সময়ত চৰকাৰীপক্ষৰ বিধায়কসকলে যি সুযোগ পোৱা নাছিল, তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ আমোলত বিৰোধীপক্ষৰ বিধায়ক হৈয়ো এই সুযোগ লাভ কৰাটো প্ৰশংসনীয়৷ এইক্ষেত্ৰত তদানীন্তন গড়কাপ্টানী বিভাগৰ মন্ত্ৰী অজন্তা নেওগ বাইদেউৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব৷ মিঞা মিউজিয়াম বিতৰ্কই কংগ্ৰেছ দলক বাৰুকৈয়ে বিপদত পেলাইছিল, তাত কোনো সন্দেহ নাই৷ বাঘবৰ সমষ্টিৰ বিধায়কগৰাকী মাত্ৰ নহয়, অন্যান্য বিধায়কসকলক বিভিন্নধৰণৰ কমিটী গঠন কৰা হয় আৰু সেই কমিটীবোৰে সভা অনুষ্ঠিত কৰি তেওঁলোকে গ্ৰহণ কৰা পৰামৰ্শাৱলী বিভাগ বা চৰকাৰৰ বিবেচনাৰ বাবে আগবঢ়োৱা হয়৷ হয়তো মিঞা মিউজিয়াম সম্পৰ্কে তেনেধৰণৰ আলোচনা হৈছিল৷ এনে কি প্ৰয়োজন আছিল সেই মিঞা মিউজিয়াম সম্পৰ্কীয় আলোচনা সামাজিক মাধ্যমত ভাইৰেল কৰাৰ৷ কেৱল সেয়াই নহয়, বাঘবৰ সমষ্টিত ৰাজহুৱা সভা অনুষ্ঠিত কৰি সাধাৰণ জনতাক আমি মিঞা বুলি প্ৰতিজ্ঞা কৰোৱাৰ কিবা প্ৰয়োজন আছিল নে? আজি আমি অসমীয়া হয়নে নহয় বুলি কাৰোবাৰ পৰা স্পষ্টীকৰণ বিচৰা মানুহজনেই এই জনগোষ্ঠীৰ লোকসকলক ‘‘মিঞা’’ বুলি সুকীয়া পৰিচয় বিচাৰি সাধাৰণ জনতাক বিভ্ৰান্ত কৰাৰ যুক্তি ক’ত? কেৱল ইমানতে ক্ষান্ত নাথাকি ‘‘হাৱাই-চেণ্ডেল পিন্ধি, চোলাৰ তলেৰে গ্যাঞ্জী উলিয়াই দি, লুঙী পৰিধান কৰি’’ দেশৰ ৰাজধানী দিল্লীত প’জ দিয়াৰ এক অন্তৰ্নিহিত ৰহস্য থকা যেন অনুভৱ হয়৷ সৰ্বোপৰি ১৯৮৩ চনত ঘটা ঘটনা, যি ঘটনা বহুতেই পাহৰি যাবলৈ আৰম্ভ কৰিছিল, সেই ঘটনাৰ পুনৰাবৃত্তিয়েও বহুতো কথাই ভাবিবলৈ বাধ্য কৰায়৷ ১৯৮৩ চনৰ ঘটনা সম্পৰ্কে গঠিত ‘‘তেৱাৰী আয়োগৰ প্ৰতিবেদন’’ ৰাজহুৱা কৰা প্ৰতিগৰাকী সংখ্যালঘু লোকেই বিচাৰে৷ পিছে ১৯১১ চনত বিধায়ক হিচাপে নিৰ্বাচিত ব্যক্তিগৰাকীয়ে বিধানসভাৰ মজিয়াত তেতিয়া উত্থাপন নকৰি ২০২২ চনত আঁকোৰগোঁজ হোৱাটোও আন এক আলোচনাৰ বিষয়৷ মুঠতে প্ৰয়োজনীয় কথাবিলাক সময়ত উল্লেখ কৰাৰ পৰিৱৰ্তে কোনো কোনো মহলক একোটা ‘‘ইছু্য’’ সৃষ্টি কৰিবলৈ সুযোগ দিয়া যেন অনুভৱ হয়৷ [আগলৈ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here