Home ক্ৰীড়া ৱেষ্ট ইণ্ডিজ পুৰুষ ক্ৰিকেট দলৰ নতুন মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি ডেচমণ্ড হান্স

ৱেষ্ট ইণ্ডিজ পুৰুষ ক্ৰিকেট দলৰ নতুন মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি ডেচমণ্ড হান্স

153
0

ছেইণ্ট জোনছ, ৭ জানুৱাৰী: কিংবদন্তি বেটছমেন ডেচমণ্ড হান্সক ৱেষ্ট ইণ্ডিজ পুৰুষ ক্ৰিকেট দলৰ নতুন মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি দিয়া হৈছে।প্ৰাক্তন ৬৫ বছৰীয়া অপেনাৰজনে ৰজাৰ হাৰ্পাৰৰ স্থান ল’ব আৰু ২০২৪ চনৰ জুন লৈকে এই পদত অধিষ্ঠিত থাকিব।এই সময়ছোৱাত দুখন টি-২০ বিশ্বকাপ, এদিনীয়া বিশ্বকাপ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অনুষ্ঠিত হ’ব।ক্ৰিকেট ৱেষ্ট ইণ্ডিজে জাৰি কৰা এক বিবৃতিত ডেচমণ্ড হান্সে কয়, ‘আমাৰ ক্ৰিকেট প্ৰণালীত নিৰ্বাচকৰ এক ডাঙৰ ভূমিকা আছে আৰু এই পদত নিযুক্তি লাভ কৰি মই গৌৰৱান্বিত।মই সদায় কৈআহিছো যে মই ৱেষ্ট ইণ্ডিজ ক্ৰিকেটক সকলো ধৰণে সহায় কৰিম আৰু এইটো এটা সুযোগ। মই মোৰ কামটো নিৰপেক্ষ আৰু পেছাদাৰী ধৰণে কৰিম।’তেওঁ ৱেষ্ট ইণ্ডিজৰ হৈ ১৯৭৮ চনৰ পৰা ১৯৯৪ চনৰ ভিতৰত ২৩৮ খন এদিনীয়া আৰু ১১৬ খন টেষ্টত ৭৪৮৭ ৰান সংগ্ৰহ কৰিছিল।ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ অধ্যক্ষ ৰিকি স্কেৰিটে কয় “ক্ৰিকেটত তেওঁৰ অভিজ্ঞতা অনন্য। মই নিশ্চিত যে তেওঁ এই কামৰ বাবে সঠিক সময়ত সঠিক ব্যক্তি।’

LEAVE A REPLY

Please enter your comment!
Please enter your name here