নতুন দিল্লী, ২৮ জুন: কিৰগিজস্তানৰ বিছকেকত চলি থকা ২৩ বছৰ অনুৰ্ধ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ ৮৬ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত কাজাখস্তানৰ মাকসাত চেটিবাল্ডীক পৰাস্ত কৰি বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী দীপক পুনিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। যোৱা বছৰ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা হাৰিয়ানাৰ ২৩ বছৰীয়া পুনিয়াই প্ৰথম দুটা ৰাউণ্ডত উজবেকিস্তানৰ আজিজবেক ফাজুলাইভৰ বিৰুদ্ধে ৭-৩ আৰু কিৰগিজস্তানৰ নুৰতিলক কেৰিপ্বায়েভৰ বিৰুদ্ধে ৩-২ত পৰাজিত হয়। অৱশ্যে পুনিয়াই এক কঠিন প্ৰতিযোগিতাত চেটিবাল্ডিক ৯-৮ ত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুনিয়া বাৰ্মিংহাম কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ সদস্য।