Home ক্ৰীড়া নিৰন্তৰ ব্যৱধানত উইকেট ল’ব নোৱাৰাৰ বাবে পৰাজয়: কে এল ৰাহুল

নিৰন্তৰ ব্যৱধানত উইকেট ল’ব নোৱাৰাৰ বাবে পৰাজয়: কে এল ৰাহুল

113
0

পাৰ্ল, ২০ জানুৱাৰী: দক্ষিণ আফ্ৰিকাৰ হাতত টেষ্ট শৃংখলাত পৰাজিত হোৱাৰ পিছত, আশা কৰা হৈছিল যে টীম ইণ্ডিয়াই এদিনীয়া শৃংখলা জিকিব। কিন্তু সেয়া নহ’ল আৰু পাৰ্লত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত আয়োজকে ভাৰতক ৩১ ৰানত পৰাস্ত কৰে।২৯৭ ৰানৰ বিজয় লক্ষ্য আগত লৈ বেটিং কৰা শিখৰ ধাৱান, বিৰাট কোহলী আৰু শাৰ্দুল ঠাকুৰৰ অৰ্ধশতক স্বত্বেও টীম ইণ্ডিয়াই ৮ উইকেটত ২৬৫ ৰানহে সংগ্ৰহ কৰে। এয়া আছিল কে এল ৰাহুলৰ অধিনায়ক হিচাপে প্ৰথম এদিনীয়া। কিন্তু তেওঁ তেওঁৰ প্ৰথম অগ্নি পৰীক্ষাত বিফল হৈছে আৰু এই জয়ৰ সৈতে দক্ষিণ আফ্ৰিকাই ৩খন এদিনীয়া শৃংখলাত ১-০ ৰ অগ্ৰগতি লাভ কৰিছে।খেলখনৰ পিছত, কে এল ৰাহুলে টীম ইণ্ডিয়াৰ পৰাজয়ৰ দুটা মুখ্য কাৰণ উল্লেখ কৰিছিল। তাৰ প্ৰথমটো অভাৰত নিৰন্তৰ ব্যৱধানত উইকেট ল’ব নোৱাৰা আৰু আনটো বেটিংৰ সময়ত মাজৰ অভাৰত ডাঙৰ অংশীদাৰীত্ব কৰিব নোৱাৰা। কে এল ৰাহুলে কৈছিল, ‘সামগ্ৰিকভাৱে প্ৰতিযোগিতাখন ভাল আছিল। আমি এই খেলখনৰ পৰা বহুত শিকিব লাগিব। আমি খেলখনত ভাল আৰম্ভণি কৰিছিলো। কিন্তু আমি মাজৰ অভাৰত উইকেট ল’ব নোৱাৰিলোঁ। এইটো আমাৰ ওপৰত গধুৰভাৱে পৰিছিল। আমি চাব লাগিব যে আমি কেনেকৈ মাজৰ অভাৰত উইকেট লওঁ আৰু বিপক্ষক বাধা দিওঁ।’ ৰাহুলে কৈছিল যে দলটোৱে কিছু সময়ৰ পৰা এদিনীয়া ক্ৰিকেট খেলা নাই। কিন্তু তেওঁলোকৰ মনত ২০২৩ চনৰ বিশ্বকাপ আছে। তেনে ক্ষেত্ৰত, শ্ৰেষ্ঠ-১১ প্ৰস্তুত কৰাৰ চেষ্টা অব্যাহত ৰাখিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here