Home শিৱসাগৰ শিৱসাগৰত ১৪ মাহে বেতন বঞ্চিত পৌৰকৰ্মীৰ প্ৰতিবাদী কৰ্মবিৰতি : কাৰ্যবাহী বিষয়াই গুৰুত্ব...

শিৱসাগৰত ১৪ মাহে বেতন বঞ্চিত পৌৰকৰ্মীৰ প্ৰতিবাদী কৰ্মবিৰতি : কাৰ্যবাহী বিষয়াই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ

122
0


গণ বাৰ্তা বিশেষ, শিৱসাগৰ, ৪ অক্টোবৰ: শিৱসাগৰ পৌৰসভাৰ সৰ্বত্ৰ এটিয়া মাথোঁ প্ৰতিবাদ৷ পহিলা অক্টোবৰৰ দিনটোতে নিজৰ বিভিন্ন প্ৰাপ্যৰ দাবীত কৰ্মবিৰতি পালন কৰা অস্থায়ী চাফাই কৰ্মীসকলৰ পিছত এইবাৰ প্ৰতিবাদত নামিল পৌৰসভাৰ স্থায়ী কৰ্মচাৰীসকল৷ ১৪ মাহে বেতন বঞ্চিত হৈ থকা শিৱসাগৰ পৌৰসভাৰ স্থায়ী কৰ্মচাৰীসকলে মাহিিল বেতন মোকলাই দিয়াৰ দাবীত সোমবাৰে আৰম্ভ কৰে প্ৰতিবাদী কৰ্মবিৰতি৷ পৌৰসভাৰ সাধাৰণ শাখা, কৰ শাখা, কাৰিকৰী, পানী প্ৰকল্প, পথৰ লাইট আদি বিভিন্ন শাখাত নিয়োজিত হৈ থকা প্ৰায় ৮৬ জন স্থায়ী কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি কৰ্মবিৰতি পালন কৰি নিজ নিজ দায়িত্ব পালনৰ পৰা বিৰত থাকে৷ উল্লেখ্য যে শিৱসাগৰ পৌৰসভাৰ কৰ শাখাত জমা হৈ থকা ধনৰ পৰা এমাহৰ বেতন প্ৰদানৰ ব্যৱস্থা কৰিবৰ বাবে প্ৰেৰণ কৰা ফাইলটো পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে স্বাক্ষৰ কৰাৰ পৰা বিৰত থকাৰ লগতে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে পৌৰসভাৰ কৰ্মচাৰীসকলে৷ ইয়াৰোপৰি পৌৰ কৰ্মচাৰী সন্থাই ঊধ্বৰ্তন কতৃৰ্পক্ষক লিখিতভাৱে আবেদন জনোৱাৰ পিছতো কোনো সদুত্তৰ নোপোৱাত ক্ষোভিত কৰ্মচাৰীসকলে বেতন মোকলাই নিদিয়া পৰ্যন্ত কৰ্মবিৰতি অব্যাহত ৰখাৰ হুংকাৰ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here