Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সৰযুত আৰতিৰ বাবে অযোধ্যাত আজি উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

সৰযুত আৰতিৰ বাবে অযোধ্যাত আজি উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

73
0

লক্ষ্ণৌ, ২৫ অক্টোবৰ: দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ [আপ] সৰ্বোচ্ছ নেতা অৰবিন্দ কেজৰিৱালে উত্তৰ প্ৰদেশত উত্তৰ প্ৰদেশ ভ্ৰমণত য’ত অহা বছৰৰ আৰম্ভণিতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, আজি সন্ধিয়া অযোধ্যাৰ সৰযু ঘাটত আৰতি প্ৰদৰ্শন কৰে৷ তেওঁৰ আপৰ সহকৰ্মী তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে জনাইছে যে কেজৰিৱালে মঙলবাৰে অযোধ্যাৰ ভগৱান ৰামৰ জন্মস্থানত প্ৰাৰ্থনা কৰিব৷ সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি সঞ্জয় সিঙে কয়, ‘‘তেওঁ আজি সন্ধিয়া অযোধ্যাৰ সৰয়ু ঘাটত আৰতি প্ৰদৰ্শন কৰে আৰু কাইলৈ ৰাতিপুৱা হনুমান গড়ী মন্দিৰ দৰ্শন কৰিব আৰু পিছত ভগৱান ৰামৰ জন্মস্থানত প্ৰাৰ্থনা কৰিব৷’’ ইফালে, ২০১৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত এক ৰাজহুৱা সমদলৰ সময়ত আদৰ্শ আচৰণ বিধি উলংঘনৰ গোচৰৰ সন্দৰ্ভত আপৰ ৰাষ্ট্ৰীয় আহ৩ায়কজনেও চুলতানপুৰৰ জিলা আদালতত হাজিৰ হৈছিল৷ আপে ঘোষণা কৰিছে যে তেওঁলোকে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ কেজৰিৱালনেতৃত্বাধীন আপে ঘোষণা কৰিছে যে তেওঁলোকে ২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত সকলো ৪০৩ খন বিধানসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ আপে দিল্লীৰ বাহিৰত নিজৰ উপস্থিতি বিয়পাবলৈ চেষ্টা কৰি আছে আৰু গোৱা, গুজৰাট, পঞ্জাৱ আৰু উত্তৰাখণ্ড ৰাজ্যত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ আম আদমী পাৰ্টীয়ে ইতিমধ্যে ছেপ্টেম্বৰত ১৭০ জন প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে৷ দলটোৱে লগতে প্ৰতিশ্ৰুতি দিছে যে যদি ক্ষমতালৈ আহে, ই চৰকাৰ দখল কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত ৩০০ ইউনিট বিনামূলীয়া বিদু্যৎ প্ৰদান কৰিব৷ ইফালে, ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে আম আদমী পাৰ্টিৰ [আপ] মুৰব্বীক আক্ৰমণ কৰি কয় যে তেওঁ নিৰ্বাচনৰ পূৰ্বেহে ভগৱান ৰামক স্মৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here