Home Main Stories দিল্লীত জঘন্য হত্যাকাণ্ড , পুত্ৰই ছুৰীৰে নৃশংসভাৱে হত্যা কৰিলে পিতৃ-মাতৃ-ভগ্নীক

দিল্লীত জঘন্য হত্যাকাণ্ড , পুত্ৰই ছুৰীৰে নৃশংসভাৱে হত্যা কৰিলে পিতৃ-মাতৃ-ভগ্নীক

95
0


বিশেষ প্ৰতিনিধি, ২৩ নৱেম্বৰ: দিল্লীত জঘন্য হত্যাকাণ্ড৷ নিজ পুত্ৰই ছুৰীৰে নৃশংসভাৱে হত্যা কৰিলে পিতৃ-মাতৃ-ভগ্নীক৷ বেলেগ বেলেগ মহলাত থকা সত্ত্বেও তেওঁ বিভিন্ন মহলালৈ গৈ সকলোকে হত্যা কৰে৷ আৰক্ষী বিষয়াৰ মতে, নিশা প্ৰায় ১১.৩০ বজাত ওপৰ মহলাত চিঞৰ-বাখৰ হোৱা বুলি খবৰ পোৱা গৈছে৷ সেই স্থানত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে চাৰিওজন লোক ৰক্তাক্ত অৱস্থাত পৰি আছিল৷ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ ইফালে বৰ্তমান পালাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেশৱক৷ অভিযুক্ত কেশৱ দীৰ্ঘদিন ধৰি মদ্যপান কৰি আছিল৷ জানিব পৰা মতে তেওঁ প্ৰতিদিনে পৰিয়ালৰ লোকৰ পৰা টকা বিচাৰিছিল৷ ঘটনাৰ দিনা প্ৰথমে আইতাকৰ পৰা টকা বিচাৰিছিল৷ আইতাকে টকা নিদিয়াত দ্বিতীয় মহলাত আইতাকক ছুৰীৰে আঘাত কৰি হত্যা কৰে৷ ইয়াৰ পাছত সি মাকক সুধিলে৷ যেতিয়া মাকে টকা দিবলৈ অস্বীকাৰ কৰিলে, তেতিয়া মাকক হত্যা কৰিলে৷ ইয়াৰ পাছত তেওঁ পিতৃক হত্যা কৰে আৰু শেষত সৰু ভনীয়েক উৰ্বশীকো এৰি নিদিলে পাষণ্ডটোৱে ৷ অভিযুক্ত কেশৱে কিছুদিনৰ পূৰ্বে চাকৰি হেৰুৱাইছিল৷ ড্ৰাগ্‌ছ আসক্তিক লৈ পৰিয়ালৰ লোকৰ লগত প্ৰায়ে কাজিয়া কৰিছিল৷ দৈনন্দিন কাজিয়াৰ অন্তত তেওঁ উক্ত অপৰাধ সংঘটিত কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here