Home অসম কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰিবলৈ দাবী আক্ৰাছুৰ

কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰিবলৈ দাবী আক্ৰাছুৰ

266
0

গণ বাৰ্তা, বঙাইগাঁও, ১৬ মে’ ঃ অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে কোচ ৰাজবংশী ছাত্ৰ সন্থা [আক্ৰাছু]ই৷ লগতে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে অতি সোনকালে আক্ৰাছু, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈকো সংগঠনটোৰ নেতৃত্বই দাবী জনাইছে৷ সোমবাৰে বঙাইগাঁও চহৰৰ চি কে হোটেলত অনুষ্ঠিত এখন সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই এই দাবী জনায়৷ লগতে আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰে৷ আক্ৰাছুৰ সভাপতি পুৰেণ ৰায়কে ধৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থকা সংবাদ মেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকাই ক্ষোভেৰে কয় যে অসমৰ বিজেপি চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি ইতিমধ্যে ৰাজ্য চৰকাৰে মহা ধূমধামেৰে কোটি টকা খৰচ কৰি পালন কৰিলে৷ কিন্তু তেওঁলোকে ভৱিষ্যতৰ কাৰ্যসূচীত অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰিব নে নকৰে বা সেই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰিছে সেই কথা এবাৰো উল্লেখ নকৰিলে ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যেনেকৈ কোচ ৰাজবংশী জাতিটোক প্ৰতাৰণা কৰিলে, এতিয়া পুনৰ বিজেপি চৰকাৰেও সেই একে পন্থা হাতত লৈছে৷ লগতে কোচ ৰাজবংশী জনগোষ্ঠীক নিঃশেষ কৰাৰ পৰিকল্পনা হাতত লোৱা বুলিও অভিযোগ কৰে৷ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বাৰে বাৰে ৰাজহুৱা সভাত কোচ ৰাজবংশী জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ কৰা হ’ব বুলি ভাষণ প্ৰদান কৰে৷ কিন্তু বাস্তৱত তেওঁলোকৰ এই প্ৰতিশ্ৰুতি গোকাট মিছাত পৰিণত হৈছে বুলিও কয়৷ সেয়ে জুন মাহৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে৷ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীত এক যজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ ৰাজ্য চৰকাৰখনৰ এবছৰীয়া বৰ্ষপূৰ্তি হৈ গ’ল যদিও তাত জনজাতিকৰণৰ বিষয়ে কোনো মন্তব্য কৰা দেখা নগ’ল৷ গতিকে আগন্তুক দিনত চৰকাৰৰ যাতে শুভ বুদ্ধি উদয় হয় আৰু কোচ ৰাজবংশী জনসাধাৰণক দিয়া জনজাতিকৰণৰ প্ৰতিশ্ৰুতি যাতে মনত পৰে তথা জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে জগাই দিয়াৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্চবি আগত ৰাখি এই হোম-যজ্ঞ আয়োজন কৰা হ’ব৷ ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বুদ্ধিজীৱীসকলক লৈ জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ বাবে পৰামৰ্শ বিচাৰি গুৱাহাটীত নাগৰিক সভা তথা আলোচনা অনুষ্ঠিত কৰিব৷ ইয়াৰ পিছতো যদি চৰকাৰে জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ দাবী সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ’লে জুলাই মাহত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও উল্লেখ কৰে৷ আনহাতে, অসমৰ কোচ ৰাজবংশী ৰাইজক বিনম্ৰ অনুৰোধ জনাই সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে কোচ ৰাজবংশী জাতিৰ একমাত্ৰ অৰাজনৈতিক ছাত্ৰ সংগঠন আক্ৰাছু বহুধা বিভক্ত হৈ আছে৷ গতিকে ৰাইজ আৰু কোচ ৰাজবংশী বুদ্ধিজীৱীসকলে আক্ৰাছুৰ একত্ৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰি এক গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব লাগে৷ কাৰণ তৃতীয় শক্তিয়ে বাৰে বাৰে আক্ৰাছুক বিভাজিত কৰি আহিছে৷ কোচ ৰাজবংশী ৰাইজেও অন্তঃকৰণেৰে বহুধা বিভক্ত আক্ৰাছুক একগোট হোৱাটো বিচাৰে৷ সেয়ে আমি আক্ৰাছুই ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ যি মূল দাবী জনজাতিকৰণ এই দাবীক সন্মান জনোৱা প্ৰতিটো কোচ ৰাজবংশী ছাত্ৰ সংগঠন আৰু কোচ ৰাজবংশী জাতীয় সত্তাক একত্ৰিত হোৱাৰ বাবে নিঃচৰ্তভাৱে মুকলি আহ৩ান জনায় ৷ লগতে এই একত্ৰিকৰণৰ ক্ষেত্ৰত আক্ৰাছুই সম্পূৰ্ণ সহযোগিতা কৰিব বুলিও উল্লেখ কৰে৷ বঙাইগাঁৱত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে৷ সংবাদ মেলত মুখ্য উপদেষ্টা ডাঃ প্ৰণৱজ্যোতি দাস ৰাজবংশীয়ে কয় যে কাৰ্যনিৰ্বাহক সভাত আমি নিঃচৰ্তভাৱে বহুধা বিভক্ত আক্ৰাছুৰ গোটসমূহক একত্ৰিতকৰণৰ বাবে আহ৩ান জনাইছোঁ৷ আমি সকলোকে একেখন পতাকাৰ তলতে আহি জনগোষ্ঠীটোৰ আন্দোলনটোক আগুৱাই নিবলৈ আহ৩ান জনাইছোঁ৷ এইক্ষেত্ৰত আমি ৰাইজক পদক্ষেপ গ্ৰহণ কৰিবলৈকো আহ৩ান জনাইছোঁ৷ আনহাতে, চৰকাৰে যদি আমাৰ আন্দোলনক কোনো গুৰুত্ব প্ৰদান নকৰে, তেতিয়াহলে আগলৈ বন্ধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও কয়৷ ইপিনে, সংবাদ মেলত যুটীয়া সম্পাদক কমল সৰকাৰে কয় যে ৰাজ্য চৰকাৰৰ এবছৰ সম্পূৰ্ণ হ’ল যদিও জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল৷ আনহাতে, নিৰ্বাচনৰ দিন চমু চাপি আহিলে চৰকাৰে বিভিন্ন নেতাক আলোচনালৈ মাতি নি জনজাতিকৰণৰ ক্ষেত্ৰত নানা সমস্যাই দেখা দিয়া বুলি কৈ নানা প্ৰতিশ্ৰুতি প্ৰদান কৰি বিষয়টো সামৰি থয়৷ গতিকে মুখ্যমন্ত্ৰীয়ে জাতি-জনগোষ্ঠীক লৈ আগবাঢ়িব বুলি কৈ আহিছে যদিও কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ সমস্যা সমাধা নোহোৱাকৈ কেনেকৈ আগবাঢ়িব বুলি প্ৰশ্ন উত্থাপন কৰে৷ লগতে অসমৰ উন্নয়ন হোৱা বুলি ক’ব নোৱাৰি বুলি মন্তব্য কৰি অতি শীঘ্ৰে জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিবলৈ দাবী জনায়৷ সেইদৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈকো চৰকাৰক দাবী জনায়৷ পৰিষদখনৰ জৰিয়তে জনগোষ্ঠীটোৰ কি উন্নয়ন হ’ব, কেনেকৈ উন্নয়ন হ’ব আৰু কিমান পুঁজি আবণ্টন দিছে তাৰ সবিশেষ পাৰিষদসকলক জনগোষ্ঠীটোৰ ৰাইজক অৱগত কৰিবলৈকো আহ৩ান জনায়৷ সংবাদ মেলত সংগঠনটোৰ উপদেষ্টা গৌতম চহৰীয়া, যুটীয়া সম্পাদক দীপক বৰা, মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বড়া কোচ, প্ৰচাৰ সম্পাদক অপূৰ্ব বৰুৱা আদি উপস্থিত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here