Home গোৱালপাৰা গোৱালপাৰা জিলাত পুনৰ বিদ্যুতৰ তাঁৰ লাগি দঁতাল হাতীৰ মৃত্যু

গোৱালপাৰা জিলাত পুনৰ বিদ্যুতৰ তাঁৰ লাগি দঁতাল হাতীৰ মৃত্যু

276
0

গণ বাৰ্তা, গোৱালপাৰা, ১৮ ডিচেম্বৰ ঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানা তথা আঞ্চলিক বন বিভাগৰ অন্তৰ্গত গুৱালগুলী গাঁৱত সংঘটিত হৈছে আপুৰুগীয়া বন্যহস্তী নিধনৰ এক হৃদয়বিদাৰক ঘটনা। নিশা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এটি দঁতাল বন্যহস্তীয়ে দুষ্কৃতিকাৰীৰ কামনাৰ বলি হৈ কৰুণ মৃত্যুক আঁকোৱালি ল’বলগা হৈছে। দুষ্কৃতিকাৰীয়ে আঁৰি থোৱা বৈদ্যুতিক তাঁৰত লাগি বন্যহস্তীটোৰ মৃত্যু ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে  স্থানীয় ৰাইজে। উল্লেখযোগ্য যে সমগ্ৰ জিলাখনৰ লগতে লক্ষীপুৰত হাতী-মানুহৰ সংঘাতে শেহতীয়াকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিগত প্ৰায় এটা বৰ্ষ ধৰি হাতীৰ ৪৪/৪৫ টা এটি বৃহৎ বন্যহস্তীৰ জাঁকে লক্ষীপুৰ অঞ্চলত উপদ্ৰৱ চলাই গঞা ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে। বিশেষকৈ নিশা হ’লেই খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি হাতীৰ জাঁকটোৱে ঘৰ-দুৱাৰ, সা-সম্পত্তিৰ লগতে আঘোনৰ সোণালী পথাৰ তহিলং কৰি আছে।ফলত লক্ষীপুৰত হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈছে।

চলিত বৰ্ষতে অকল লক্ষীপুৰ অঞ্চলতে প্ৰায় এক ডজন লোকে হাতীৰ আক্ৰমণত নিহত হোৱাৰ বিপৰীতে হাতীৰো নাজল নাথল অৱস্থা হৈছে।  শুক্ৰবাৰে নিশাও লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনৰ গুৱালগুলী গাঁৱত হাতীৰ জাঁকে তাণ্ডৱ চলায়ই ভঁৰালৰ ধান খাই ঘৰ-দুৱাৰ বিধ্বস্ত কৰি পুৱতি নিশা হাতীৰ জাঁকটোৱে জংঘললৈ উভতি যোৱাৰ পথত দুষ্কৃতিকাৰীয়ে আঁৰি থোৱা বৈদ্যুতিক তাঁৰত লাগি দঁতাল হাতীটোৰ কৰুণ মৃত্যু ঘটা ৰাইজৰ অভিযোগত প্ৰকাশ। আনহাতে এঘৰ লোকে বন্যহস্তীৰ গতিবিধি নিৰীক্ষণ কৰাৰ বাবে চৌহদত উচ্চ ক্ষমতাৰ লাইট সংস্থাপন কৰিছিল। বন্যহস্তীৰ জাঁকটোৱে সংস্থাপিত লাইটৰ খুঁটা ভাঙি তাঁৰ ছিঙি পেলোৱাত বিদ্যুৎপৃষ্ট হৈয়ো হাতীটোৰ মৃত্যু ঘটিব পাৰে বুলি বন বিভাগৰ লোকে সন্দেহ কৰিছে। শনিবাৰে পুৱা ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় চিকিৎসক আৰু লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ দল। মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি কাষৰীয়া বনাঞ্চলৰ মাজত এস্কেভেটৰৰে সমাধিস্থ কৰে বন বিভাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here