Home স্থানীয় নিদ্ৰামগ্ন ৰাজ্যৰ কৃষি বিভাগঃকৃষিমন্ত্ৰীৰ গৃহ জিলাৰ মৰঙিত কুইণ্টলে কুইণ্টলে গেলিছে ৰঙালাউ

নিদ্ৰামগ্ন ৰাজ্যৰ কৃষি বিভাগঃকৃষিমন্ত্ৰীৰ গৃহ জিলাৰ মৰঙিত কুইণ্টলে কুইণ্টলে গেলিছে ৰঙালাউ

127
0

গনবার্তা, নুমলীগড়, ২৯ মে’ঃ গোলাঘাট জিলাৰ মৰঙিৰ ধনশিৰীৰ দাঁতি কাষৰীয়া মাটিত খৰালি দিন ৰাতি একাকাৰ কৰি উৎপাদন কৰা শ শ কুইণ্টল ৰঙালাও এতিয়া বজাৰৰ অভাৱত নিতৌ গেলিবলৈ ধৰিছে। উল্লেখযোগ্য যে খৰালি আলু, কবি, বেঙেনা, বিলাহীৰ লগতে এই কৃষক সকলে বিঘাই বিঘাই মাটিত ব্যৱসায়ী ভিত্তিক ৰঙলাও খেতি কৰে। সেই অনুসৰি একোজন কৃষকে বিশ- ত্ৰিশ টন পৰ্যন্ত ৰঙলাও উৎপাদন কৰে। এই ক্ষেত্ৰত মৰঙিৰ নদীকাষৰীয়া বিভিন্ন কৃষকৰ লগতে দুসুতিমুখ ঢুলীয়া গাঁৱৰ চিৰাজুল হক, কদৰৎদ্দিন, ইছাক আলি, হামিদ আলি, মজনুৰ আলিৰ লগতে একাংশ কৃষকে যোৱা সময়ত ৰঙালাউ বিক্ৰী কৰি যথেষ্ট লাভান্বিত হৈছিল । থলুৱা বজাৰ সমূহৰ উপৰিও পশ্চিম বংগলৈও যোগান ধৰিছিল বিগত বৰ্ষত । কিন্তু এইবাৰ ৰঙালাউ চিঙাৰ পিছতে কৰ’না মহামাৰীৰ বাবে সকলো ব্যাহত হৈ পৰে । ফলত উপযুক্ত বজাৰৰ অভাৱৰ বাবে এতিয়া কৃষকৰ ঘৰে ঘৰে গেলিবলৈ ধৰিছে কুইণ্টল কুইণ্টল ৰঙালাউ । কৃষক সকলৰ এতিয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। এনেপৰিস্থিতিত বিয়াগোম কৃষি বিভাগটোৰো কোনো খবৰ নাই বুলি অভিযোগ উত্থাপিত হৈছে।কৃষিমন্ত্ৰীৰ গৃহ জিলাত কৃষকৰ এনে অৱস্থা দুৰ্ভাগ্যজনক । নতুন চৰকাৰক এই ক্ষেত্রত এক সময়োচিত পদক্ষেপ লবলৈ আহ্বান জনাইছে উপান্ত কৃষক সকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here