Home অসম বান সাহায্যৰ পৰা বঞ্চিত ঢলপুৰৰ উচ্ছেদিত পৰিয়াল, দৰং জিলাৰ উপায়ুক্তক সাক্ষাৎ আমছুৰ...

বান সাহায্যৰ পৰা বঞ্চিত ঢলপুৰৰ উচ্ছেদিত পৰিয়াল, দৰং জিলাৰ উপায়ুক্তক সাক্ষাৎ আমছুৰ প্ৰতিনিধিৰ

69
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী ২১ জুন ঃ ৰাজ্যৰ চৌদিশে এতিয়া কেৱল বানাক্ৰান্তৰ হাহাকাৰ৷ বান বিধ্বস্ত ৰাজ্যত বন্যাক্ৰান্তই এমুঠি অন্নৰ বাবে প্ৰতি মুহূৰ্তত হাহাকাৰ কৰিবলগীয়া হৈছে৷ বানাক্ৰান্তক পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ জাৰি কৰিছে যদিও ছিপাঝাৰৰ ধলপুৰৰ বান বিধ্বস্ত উচ্চেদিত লোকসকলে আজিও বান সাহায্যৰ নামত এমুঠি অন্ন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ যোৱা কিছুদিন ধৰি বানত কক্‌বকাই থকা ধলপুৰৰ উচ্চেদিত লোকসকলৰ খবৰ ল’বলৈয়ো আহৰি নহ’ল প্ৰশাসন কিম্বা জনপ্ৰতিনিধিৰ৷ যাৰ পৰিপ্ৰেক্ষিতত ধলপুৰৰ উচ্চেদিত লোকসকলৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলসমূহৰ লোকসকল এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ মন কৰিবলগীয়া যে ধলপুৰৰ কিছুসংখ্যক উচ্চেদিত লোকক দলগাঁৱৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শ্যামপুৰ আৰিমাৰি অঞ্চলত চৰকাৰে সংস্থাপন দিয়া হয় যদিও সেই পৰিয়ালসকলে আজি বানত কক্‌বকাইছে৷ চৰকাৰীভাৱে সংস্থাপিত লোকসকলৰ খবৰ ল’বলৈ আহৰি নহ’ল প্ৰশাসনৰ৷ বানত সৰ্বস্বান্ত হোৱা পৰিয়ালসকল এতিয়া খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ সংকটত ভুগিবলগীয়া হৈছে৷ ৰহস্যজনকভাৱে এই ধলপুৰ আৰু সংস্থাপন দিয়া উচ্চেদিত পৰিয়ালসকলক চৰকাৰৰ ফালৰ পৰা সাহায্যৰ পৰা বঞ্চিত কৰি ৰখা হৈছে৷ এনে পৰিপ্ৰেক্ষিতত আজি আমছুৰ এটা সঁজাতি দলে দৰং জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি আঠদফীয়া দাবীসম্বলিত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে৷ সমান্তৰালভাৱে ধলপুৰৰ পৰা গৰুখঁুটিলৈ অহা-যোৱা কৰা পথটো বন্ধ কৰি দিয়াৰ বাবে সেই উচ্চেদিত লোকসকল বানৰ পৰা ওলাই আহিব পৰা নাই৷ সেয়ে ধলপুৰৰ পৰা গৰুখঁুটিলৈ যোৱা সেই পথছোৱা উচ্চেদিত লোকসকলৰ বাবে যাতায়াতৰ সকাহ হোৱাকৈ মুকলি কৰি দিয়াৰ দাবী জনায় উপায়ুক্তগৰাকীক৷ আনহাতে, ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া কমলজিৎ শৰ্মাকো সাক্ষাৎ কৰি বৃহত্তৰ চাপৰি অঞ্চল ধলপুৰ, কিৰাকাৰা, ফহুৰাতলী, ভেটিবজাৰ, গৰিয়াটাৰি, কুৰুৱা আদি বিভিন্ন অঞ্চলসমূহত খাদ্য সামগ্ৰী, শিশু খাদ্য, পশু খাদ্য খোৱা পানী, চিকিৎসা সেৱা আদি ব্যৱস্থা কৰিবলৈ বিশেষভাৱে আহ৩ান জনাওঁ৷ আমছুৰ প্ৰতিনিধি দলটোত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আইনুদ্দিন আহমেদ, আমছুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামসহ সাধাৰণ সম্পাদক ক্ৰমে ছাইফুল ইছলাম, আলেপউদ্দিন আহমেদ, দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক ক্ৰমে ছাকিব আহমেদ, মইনুল হক, সম্পাদক ইদ্ৰিছ আলী, মুখ্য সাংগঠনিক সম্পাদক জিয়াউল হকৰ লগতে ছিপাঝাৰ আঞ্চলিক সমিতিৰ সভাপতি নূৰহক আলী, কাৰ্যকৰী সভাপতি নূৰ হুছাইন, চাউলখোৱ আঞ্চলিকৰ সভাপতি ৰেজাউল হক আৰু আজাদ আলী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here