Home Main Stories ধুবুৰীত গ্ৰেপ্তাৰ হোৱা উপ – আৰক্ষী অধীক্ষকক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত

ধুবুৰীত গ্ৰেপ্তাৰ হোৱা উপ – আৰক্ষী অধীক্ষকক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত

100
0

গণ বাৰ্তা বিশেষ, ধুবুৰী, ১ জুন : বিভিন্ন ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ধুবুৰী সীমান্ত উপ আৰক্ষী অধীক্ষক যতীন দাস আৰু দালাল ৰফিকুল ইছলাম প্ৰামাণিকক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত। ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ নিৰ্দেশত কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যতীন দাস আৰু সহযোগী ৰফিকুল ইছলাম প্ৰামাণিকক আজি পুৱা গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়। যতীন দাস আৰু তেওঁৰ এজন সহযোগী ৰফিকুল প্ৰামাণিকক আদালতে পাঁচ দিনৰ বাবে ধুবুৰী আৰক্ষীৰ জিম্মাত ৰাখিবলৈ নিৰ্দেশ দিছে। আজি ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে সাংবাদিকক জনোৱা মতে দুয়োজন অভিযুক্তক পাঁচ দিনৰ বাবে ধুবুৰী আৰক্ষীৰ জিম্মাত ৰাখিবলৈ বিশেষ আদালতে নিৰ্দেশ দিছে। এই পাঁচ দিনত অভিযুক্তদ্বয়ক জেৰা কৰি যিমান তথ্য পোৱা যাব তদন্তৰ অন্তত সকলো দাখিল কৰিব আদালতত। ধুবুৰীত সঘনে ঘটি থকা ড্ৰাগ্‌ছ সৰবৰাহ তথা বিভিন্ন ধৰণৰ বৃহৎ ছিণ্ডিকেটৰ ক্ষেত্ৰত ধুবুৰী আৰক্ষীয়ে পূৰ্বৰ তুলনাত আৰু অধিক সক্ৰিয় ভূমিকা পালন কৰি ছিণ্ডিকেট কৰি থকা লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা প্ৰদানৰ বাবে কঁকালত টঙালি বান্ধি লৈছে। সেয়া লাগিলে আৰক্ষী অথবা অইন কোনো লোকেই নহওক কিয়। একশ গৰু মাৰিলে বাঘৰো এদিন মৰণ হয়। একাংশ আৰক্ষী বিষয়া-কৰ্মচাৰীৰ দ্বাৰা সংঘটিত কিছু দুৰ্ঘটনাৰ ফলত অসম আৰক্ষীয়ে আজি লাজত পৰিব লগা হৈছে। আৰু অসম আৰক্ষীৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’বলৈ এচাম আৰক্ষী বিষয়া- কৰ্মচাৰীৰ বাবে হেঙাৰ হৈ পৰিছে। ধুবুৰী জিলাৰ চাৰিওফালে ড্ৰাগ্‌ছ সৰবৰাহকাৰী, শিল, বালি, কাঠ, চাউল, গৰু, ব্ৰইলাৰ মুৰ্গী আদিৰ বৃহৎ ছিণ্ডিকেটে মূৰ দাঙি উঠিছে। এই বৃহৎ ছিণ্ডিকেটবোৰ দমন কৰাৰ পৰিৱৰ্তে একাংশ আৰক্ষী বিষয়াই নিজেই এই ছিণ্ডিকেটৰ লগত জড়িত হোৱাটো এক দুৰ্ভাগ্যজনক বুলি সচেতন ৰাইজে অভিযোগ কৰে। অভিযুক্ত যতীন দাসে যিটো কাৰ্য সংঘটিত কৰিলে সেয়া এক গভীৰ ৰহস্যৰ আৱৰ্তত। অভিযুক্ত যতীন দাসে ১৯৮৭ চনত আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাবে প্ৰথমে চাকৰিত যোগদান কৰে। আৰু পিছলৈ অসম পুলিচ ছাৰ্ভিচ (APS) কোৰ্ছ কৰি উপ-আৰক্ষী অধীক্ষক হিচাবে পদোন্নতি হৈ ধুবুৰীলৈ আহে অভিযুক্ত যতীন দাস। কে’বাটাও ছিণ্ডিকেট চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ আছে যতীন দাসৰ বিৰুদ্ধে। সেই মৰ্মে যতীন দাস আৰু তেওঁৰ সহযোগী তথা ছিণ্ডিকেটৰ ক্ষেত্ৰত সহযোগ কৰা তেওঁৰ এজেণ্ট ৰফিকুল প্ৰামাণিক ওৰফে ছুফীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধুবুৰীৰ আৰক্ষীয়ে এই সংক্ৰান্তত ধুবুৰী সদৰ থানাত গোচৰ নং – ধুবুৰী পিএছ গোচৰ নং ৮৮১য২১ ইউযএছ ১২০বিয৪০৯ আই পি চি আৰ ডব্লিউ ছেকেণ্ড ৭এয১ এক গোচৰ ৰুজু কৰি দুৰ্নীতি প্ৰতিৰোধৰ গোচৰত ডি.এছ.পিগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। এতিয়া কথা হৈছে, অকল অভিযুক্ত যতীন দাসেই এই বৃহৎ ছিণ্ডিকেট চক্ৰৰ লগত জড়িত নে? সেয়া এক ৰহস্যৰ বিষয়। কিয়নো, যতীন দাসে যোৱা ২০২০ চনৰ ৪ এপ্ৰিলত ধুবুৰীত উপ-আৰক্ষী অধীক্ষক হিচাবে কৰ্মৰত হৈ আজি প্ৰায় ১৪ মাহ অতিক্ৰম কৰি তিনিজন আৰক্ষী অধীক্ষক ক্ৰমে যুৱৰাজ সিং, আনন্দ মিশ্ৰ আৰু বৰ্তমানৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ নেতৃত্বত কাম কৰি আহিছে। ধুবুৰীৰ পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ধুবুৰীৰ বৃহৎ ছিণ্ডিকেট, ড্ৰাগ্‌ছ , গৰু সৰবৰাহ, ব্ৰইলাৰ মুৰ্গী, শিল, বালি, কাঠ, চাউল আদিৰ ঘাটি উৎখাত কৰি এই বৃহৎ ছিণ্ডিকেট চক্ৰৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছিল। এতিয়া কথা হ’ল যে ধুবুৰীৰ পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিজ বিভাগৰে উপ-আৰক্ষী অধীক্ষক যতীন দাসৰ লগত বৃহৎ ছিণ্ডিকেট চক্ৰৰ মিতিৰালি আছিল বুলি কেতিয়াও গম পোৱা নাছিল নেকি? নে অভিযুক্ত যতীন দাসে আনন্দ মিশ্ৰৰ লগত তাল-মিল কৰি চলিছিল? সেয়া এক গভীৰ ৰহস্য। স্থানীয় সচেতন মহলে এই ক্ষেত্ৰত আনন্দ মিশ্ৰ, ধুবুৰীৰ পূৰ্বৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মন আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) দেৱশ্ৰী চৌধুৰীক তদন্তৰ আওতালৈ আনিব বুলি আশা কৰিছে। কিয়নো, ধুবুৰীৰ পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ সময়ত ধুবুৰীৰ বৃহৎ ছিণ্ডিকেট চক্ৰৰ লগতে ড্ৰাগ্‌ছ, গৰু সৰবৰাহ, ব্ৰইলাৰ মুৰ্গী, শিল, বালি, কাঠ, চাউল আদিৰ ক্ষেত্ৰত তদন্ত কৰাৰ বাবে যতীন দাসকেই বেছিভাগ দায়িত্ব দিয়া হৈছিল। অভিযুক্ত যতীন দাসেই সঠিক তদন্ত নকৰি দুৰ্নীতিত লিপ্ত হোৱা বুলি একাংশ ৰাইজেই ক’ব খোজে। অভিযুক্ত যতীন দাস সীমান্ত শাখাৰ ধুবুৰীৰ উপ-আৰক্ষী অধীক্ষক বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here