Home Main Stories ধুবুৰীৰ উপ – আৰক্ষী অধীক্ষকক গ্ৰেপ্তাৰ

ধুবুৰীৰ উপ – আৰক্ষী অধীক্ষকক গ্ৰেপ্তাৰ

120
0

গণ বাৰ্তা বিশেষ, ধুবুৰী, ৩১ মে’ : অসম আৰক্ষীৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে, ‘জন হিত জন সেৱাৰ্থে’। একাংশ আৰক্ষী বিষয়া-কৰ্মচাৰীৰ দ্বাৰা সংঘটিত কিছু দুৰ্ঘটনাৰ ফলত অসম আৰক্ষীয়ে আজি লাজত পৰিব লগা হৈছে। আৰু অসম আৰক্ষীৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’বলৈ এচাম আৰক্ষী বিষয়া- কৰ্মচাৰীৰ বাবে হেঙাৰ হৈ পৰিছে। ধুবুৰী জিলাৰ চাৰিওফালে ড্ৰাগ্‌ছ, সৰবৰাহকাৰী, শিল, বালি, কাঠ, চাউল, গৰু, ব্ৰইলাৰ মুৰ্গী আদিৰ বৃহৎ ছেণ্ডিকেটে মূৰ দাঙি উঠিছে। এই বৃহৎ ছিণ্ডিকেটবোৰ দমন কৰাৰ পৰিৱৰ্তে একাংশ আৰক্ষী বিষয়াই নিজেই এই ছিণ্ডিকেটৰ লগত জড়িত হোৱাটো এক দুৰ্ভাগ্যজনক বুলি সচেতন ৰাইজে অভিযোগ কৰে। আজি ধুবুৰীৰ একাংশ আৰক্ষী বিষয়াই ৰক্ষকেই ভক্ষকৰ ৰূপত পৰিণত হোৱাত, সমাজত আৰক্ষীক কলুষিত কৰি তুলিছে। আজি তেনে এক ঘটনা সংঘটিত হ’ল ধুবুৰী চহৰত। আজি ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে বিয়লি সদৰ থানাত সাংবাদিকক জনোৱা মতে দীৰ্ঘদিন ধৰি ধুবুৰীৰ সীমান্ত শাখাৰ ধুবুৰীৰ উপ-আৰক্ষী অধীক্ষক যতীন দাস গৰু, ড্ৰাগ্‌ছসহ কে’বাটাও ছিণ্ডিকেট চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ আছে। সেই মৰ্মে আজি বিয়লি উপ-আৰক্ষী অধীক্ষক যতীন দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। যতীন দাসৰ সহযোগী তথা তেওঁক ছিণ্ডিকেটৰ ক্ষেত্ৰত সহযোগ কৰা তেওঁৰ এজেণ্ট ৰফিকুল পাৰমাণিক ওৰফে ছুফীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধুবুৰীৰ আৰক্ষীয়ে উপ -আৰক্ষী অধীক্ষক যতীন দাসৰ লগত ছিণ্ডিকেট চক্ৰৰ সৈতে মোবাইলত বাৰ্তালাপ কৰাৰ এক তথ্য সংগ্ৰহ কৰে। ধুবুৰীৰ আৰক্ষীয়ে এই সংক্ৰান্তত ধুবুৰী সদৰ থানাত এক গোচৰ ৰুজু কৰি বৰ্তমানে দাসক ধুবুৰী থানাত জেৰা কৰি থকা হৈছে। আৰক্ষীয়ে যোৱানিশা ধৃত ৰফিকুল পাৰমাণিক ওৰফে ছুফীৰ ঘৰত তালাচী চলাই নগদ ৪ লাখ ২১ হাজাৰ টকা জব্দ কৰাৰ উপৰি উপ-আৰক্ষী অধীক্ষক যতীন দাসৰ ঘৰতো তালাচী চলাই নগদ ৫০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়। আজি আবেলি অভিযুক্ত যতীন দাস আৰু তেওঁৰ সহযোগী ৰফিকুল পাৰমাণিক ওৰফে ছুফীক ধুবুৰী আদালতত হাজিৰ কৰায় যদিও আদালতে দুয়োকো জামিন দিয়াৰ পৰিৱৰ্তে গোচৰটো গুৱাহাটীৰ বিশেষ আদালতলৈ প্ৰেৰণ কৰে। অভিযুক্ত দাস সীমান্ত শাখাৰ ধুবুৰীৰ উপ- আৰক্ষী অধীক্ষক বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here