Home অসম দেশী-ভাটিয়া দুই ভাগত বিভক্ত ধুবুৰী কংগ্ৰেছ : ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত ধুবুৰী ৰাজীৱ...

দেশী-ভাটিয়া দুই ভাগত বিভক্ত ধুবুৰী কংগ্ৰেছ : ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত ধুবুৰী ৰাজীৱ ভৱনত কুৰুক্ষেত্ৰ

142
0


ষ্টাফ ৰিপ’ৰ্টাৰ, ধুবুৰী, ২৬ ছেপ্টেম্বৰ ঃ
ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ চলি থকাৰ সময়ত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ গোটৰ প্ৰায় ৯২জন কংগ্ৰেছী বিধায়কে আজি পদত্যাগ কৰে৷ কংগ্ৰেছত এই সংকটৰ সময়ত অসম কংগ্ৰেছৰ ভিতৰতো বিদ্ৰোহে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ কেন্দ্ৰীয় নেতৃত্বৰ চৰম ব্যৰ্থতাৰ বাবেই এইবাৰ ধুবুৰী কংগ্ৰেছ দ্বিখণ্ডিত হোৱাৰ দিশে গতি কৰিছে৷ দেশী আৰু ভাটিয়া দুই ভাগত বিভক্ত হৈছে ধুবুৰী কংগ্ৰেছ৷ এক কথাত ক’বলৈ গ’লে, ধুবুৰী কংগ্ৰেছৰ মাজত মেৰু বিভাজন ঘটিছে৷ দেশী আৰু ভাটিয়াৰ মাজৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ প্ৰতি মুহূৰ্তত দুই ফৈদৰ মাজত সংঘটিত হৈছে ভয়াৱহ মাৰপিট৷ দীৰ্ঘদিন ধৰি চলি থকা এই সংঘাতৰ পিছতো কেন্দ্ৰীয় নেতৃত্বই সমস্যা সমাধানত ব্যৰ্থ হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত পানী মূৰৰ ওপৰলৈ উঠিছে৷ তাৰ বহিপ্ৰৰ্কাশ ঘটিল আজি৷ ভাৰত জোড়ো কাৰ্যসূচীৰ সময়তেই কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিতেই আজি ধুবুৰীৰ ৰাজীৱ ভৱনত দুই ফৈদৰ মাজত সংঘটিত হয় ভয়াৱহ মাৰপিটৰ ঘটনা৷ সক্ৰিয় কংগ্ৰেছ কৰ্মীসকলে ইয়াৰ বাবে কেন্দ্ৰীয় নেতৃত্বক জগৰীয়া কৰিব বিচাৰিছে৷ একাংশ কংগ্ৰেছ কৰ্মীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ অমনোযোগিতাৰ অভাৱত এনে ঘটনা সংঘটিত হৈছে বুলি অভিযোগ কৰে৷ উল্লেখ্য যে জিলাখনৰ পৰা কংগ্ৰেছ দলৰ টিকটত জয়ী হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অসম বিধানসভাত প্ৰতিনিধিত্ব কৰা দুই বিধায়ক ক্ৰমে দক্ষিণ শালমাৰাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰী, গোলকগঞ্জৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ দলীয় মুখপাত্ৰ ছোবাহান আলী সৰকাৰৰ মাজত সংঘটিত হৈছে এই সংঘাত৷ দক্ষিণ শালমাৰাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰী এজন ভাটিয়া লোক আৰু গোলকগঞ্জৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ দলীয় মুখপাত্ৰ ছোবাহান আলী সৰকাৰ এজন দেশী লোক৷ ধুবুৰী¸ জিলাৰ সভাপতি ছামচুল ইছলামো এগৰাকী ভাটিয়া লোক৷ ধুবুৰী কংগ্ৰেছত দীৰ্ঘদিন ধৰি ভাটিয়াই একনায়কত্ব চলাই অহাৰ অভিযোগ উঠিছে৷ দেশী খিলঞ্জীয়া লোকসকলক ভাটিয়াই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে৷ এনে পৰিপ্ৰেক্ষিতত এতিয়া ধুবুৰী জিলা কংগ্ৰেছ দেশী আৰু ভাটিয়া– এই দুই ভাগত বিভক্ত হৈছে৷ আজি ধুবুৰীৰ ৰাজীৱ ভৱনত ৰাজ্যিক নেতৃত্ব আৰু দুয়োজন বিধায়ক তথা এজন প্ৰাক্তন সাংসদৰ লগতে এজন প্ৰাক্তন মন্ত্ৰীৰ উপস্থিতিত তেওঁলোকৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ দুই ফৈদৰ মাজত সংঘটিত হয় ভয়াৱহ মাৰপিটৰ ঘটনা৷ উল্লেখ্য যে আজি ধুবুৰীৰ ৰাজীৱ ভৱনত ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ভাৰত জোড়ো যাত্ৰা সম্পৰ্কে বিশেষ কাৰ্যনিৰ্বাহক সভা চলি থাকোঁতে মাৰপিটৰ নিচিনা ঘটনা হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ ধুবুৰী জিলাৰ সভাপতি ছামচুল ইছলামে আজি কিছুদিন আগতে গৰীয়া-মৰিয়া-দেশীসকলক দালাল বুলি আখ্যা দিয়াক লৈ দেশী কংগ্ৰেছ কৰ্মীসকলে ৰাজ্যিক নেতৃত্ব আৰু দুয়োজন বিধায়ক তথা এজন প্ৰাক্তন সাংসদৰ লগতে এজন প্ৰাক্তন মন্ত্ৰীৰ উপস্থিতিত তেওঁলোকৰ সন্মুখত উভতি ধৰে আৰু জিলা সভাপতি ছামচুল ইছলামৰ পদত্যাগ দাবী কৰে৷ ধুবুৰীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো কাৰ্যক্ৰমত ধুবুৰী কংগ্ৰেছত অথন্তৰ লাগে৷ জিলা সভাপতিগৰাকীয়ে দেশী লোকক দালাল বুলি অভিহিত কৰাৰ পিছত কংগ্ৰেছীৰ সৈতে কংগ্ৰেছীৰ যুঁজ আৰম্ভ হয়৷ এয়াই ধুবুৰীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো অভিযান নেকি, যাক লৈ আৰম্ভ হৈছে সচেতন মহলৰ মনত প্ৰশ্ন৷ আজিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে ৰাজ্যিক সাধাৰণ সম্পাদক ৰমেন বৰঠাকুৰ, কংগ্ৰেছ সেৱাদলৰ প্ৰদেশ অধ্যক্ষ দীপ বায়ন, বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক ছোবাহান আলী সৰকাৰ, প্ৰাক্তন মন্ত্ৰী নজিবুল উমৰ, প্ৰাক্তন সাংসদ আব্দুল হামিদসহ তিনি শতাধিক দলীয় কৰ্মীসকল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here