Home অসম সাহিত্যিক লোকশ্ৰী চাও দেৱেন্দ্ৰ চৰণ বৰবৰুৱাৰ মৃত্যু

সাহিত্যিক লোকশ্ৰী চাও দেৱেন্দ্ৰ চৰণ বৰবৰুৱাৰ মৃত্যু

550
0

গণ বাৰ্তা, তিতাবৰ, ২৩ অক্টোবৰ ঃ কবি, শিল্পী, সাহিত্যিক, সংগঠক, সমালোচক, প্ৰবন্ধকাৰ লোকশ্ৰী চাও দেৱেন্দ্ৰ চৰণ বৰবৰুৱাৰ আজি ৭৮ বছৰ বয়সত নিজ গৃহত মৃত্যু হয়। তিতাবৰ বৰ এৰাৰ নিবাসী শিল্পী-সাহিত্যিকগৰাকীৰ মৃত্যুত তিতাবৰত শোকৰ ছাঁ পৰে। দেৱেন্দ্ৰ চৰণ বৰবৰুৱাৰ আজি দিনৰ ১.৪০ বজাত মৃত্যুত তিতাবৰৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী, শুভাকাংক্ষীয়ে শ্ৰদ্ধাঞ্জলি জনায়। ১৯৪৫ চনত তিতাবৰ বৰ এৰাত জন্মগ্ৰহণ কৰা দেৱেন্দ্ৰ চৰণ বৰবৰুৱা ককা নীলমণি ফুকনৰ ব্যক্তিগত সচিব আছিল। ককা নীলমণি ফুকনৰ ব্যক্তিগত সচিবৰূপে থাকোতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য পোৱাৰ লগতে হেমংগ বিশ্বাস, কথাশিল্পী চৈয়দ আব্দুল মালিক, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, উচ্চতম ন্যায়ালয়লৰ ন্যায়াধীশ বি এল হাংচাৰিয়াৰ লগতে অসমৰ বহুকেইগৰাকী বিশিষ্ট শিল্পী-সাহিত্যিকৰ সান্নিধ্য পাইছিল। এইসকল লোকৰ সান্নিধ্য পাই তেওঁ বিভিন্ন গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰে। ককা নীলমণি ফুকনৰ ব্যক্তিগত সচিব হৈ থাকোতে তেওঁ গীতাশাস্ত্ৰী উপাধি পাইছিল। তেওঁ বিভিন্ন বিষয়ত এশৰো অধিক গ্ৰন্থ লিখাৰ লগতে পোন্ধৰশৰ অধিক বিহুৰ ওপৰত প্ৰবন্ধ লিখিছিল। তেওঁ প্ৰান্তিকৰ লগতে অসমৰ কেইবাখনো দৈনিক বাতৰি কাকতৰ নিয়মীয়া স্তম্ভ লেখক আছিল।

৪০ বছৰ ধৰি তিতাবৰৰ পৰা প্ৰকাশিত চেনেহী অসম সাময়িক পত্ৰিকাৰ প্ৰকাশক সম্পাদক আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত তেওঁ মালিতা আকাৰত লিখা গ্ৰন্থখন প্ৰকাশৰ পথত আছিল। দেৱেন্দ্ৰ চৰণ বৰবৰুৱা সদৌ অসম ঢুলীয়া শিল্পী সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক, বিহু সুৰক্ষা সমিতি, অসম কৰ্ণধাৰ সমিতিৰ উপদেষ্টা, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ তিতাবৰ আঞ্চলিকৰ প্ৰতিষ্ঠাপক সম্পাদক, গ্ৰাম্য সাংবাদিক সন্থা তিতাবৰ মহকুমা সমিতিৰ মুখ্য উপদেষ্টা আছিল। শিশু সুলভ কথাৰে সকলোৰে মাজত বিশেষ স্থান পোৱা দেৱেন্দ্ৰ চৰণ বৰবৰুৱাক সকলোৱে দেৱেন দা বুলি মাতিছিল। দেবেন দা তথা শিল্পী, সাহিত্যিকগৰাকীক অসম ঢুলীয়া শিল্পী সন্মিলনে ‘লোকশ্ৰী’ উপাধি দিয়াৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে যোৰহাটত মঘাই ওজা দিৱসত ‘মঘাই ওজা’ বঁটা প্ৰদান কৰিছিল। তিতাবৰৰ আছুৱে তেওঁক লোকশিল্পী বঁটা দিয়াৰ লগতে ভুৱন হাজৰিকা বঁটা লাভ কৰিছিল। ইয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই যোৰহাটত কেন্দ্ৰীয় শিল্পী দিৱসত তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে তিতাবৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জনাইছিল। আজি তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছত অগণন লোক তেখেতৰ গৃহত উপস্থিত হয়।

শিল্পী-সাহিত্যিকগৰাকীক আজি নিজ গৃহতে অসম ঢুলীয়া শিল্পী সন্মিলন যোৰহাট জিলা সমিতিয়ে ঢোলৰ চাপৰ মাৰি শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তিতাবৰ মহকুমা সমিতিয়ে ঢুলীয়া শিল্পী সন্মিলনৰ পতাকাৰে তেওঁৰ শৰীৰ ঢাকি দি শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ লগতে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি, তিতাবৰ আঞ্চলিক সমিতি, যোৰহাট জিলা সমিতি, টাই আহোম ছাত্ৰ সন্থা, তিতাবৰ জিলা কৰ্মচাৰী পৰিষদ, বিহু সুৰক্ষা সমিতিৰ তিতাবৰ জিলা সমিতি, বীৰ লাচিত সেনাৰ তিতাবৰ আঞ্চলিক সমিতি, গ্ৰাম্য সাংবাদিক সন্থাৰ তিতাবৰ মহকুমা সমিতি, পূব তিতাবৰ শাখা সাহিত্য সভা, পূৰ্বাঞ্চল টাই সাহিত্য সভা, আটছা তিতাবৰ শাখা, মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিতাবৰ চেম্বাৰ্ছ অৱ কমাৰ্চ, ঠেঙাল কছাৰী সংগঠনৰ যোৰহাট জিলা সমিতি, ত্ৰিবেণী সংগম তিতাবৰ, আছুৰ প্ৰাক্তন সহকাৰী সম্পাদক নিলোফাৰ ৰহমান, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি পুতুল দত্ত, তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক দিগন্ত বৰা, সাংবাদিক ঋতুপৰ্ণ হাজৰিকা, নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অধ্যাপক গুণাৰাম নাথ, তিতাবৰ আছুৰ প্ৰাক্তন সভাপতি বিশাল শইকীয়াই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছত সকলো দল-সংগঠনে তেওঁৰ নশ্বৰ দেহ এখন গাড়ীত লৈ তিতাবৰ নগৰত সমদল কৰি তিতাবৰ শ্মশানত চিৰবিদায় জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here