Home Main Stories বৰপথাৰৰত আৱতৰীয়া বিহু , দেৱালী : লাভলীনা বৰগোহাঁইৰ জয়ত উৎফুল্লিত...

বৰপথাৰৰত আৱতৰীয়া বিহু , দেৱালী : লাভলীনা বৰগোহাঁইৰ জয়ত উৎফুল্লিত ধনশিৰি বাসী

290
0
Photo : দেৱাশীষ শৰ্মা, সৰুপথাৰ

গণ বাৰ্তা, সৰুপথাৰ, ৩০ জুলাই : টকিঅ’ত অনুষ্ঠিত হোৱা অলিম্পিকত অসম কণ্যা লাভলীনা বৰগোহাঁইয়ে আজি মহিলাৰ ৬৯ কেজি শাখাৰ বক্সিঙ ৰিংৰ কোৱাটাৰ ফাইনেলত চেন নিয়েন চিনক পৰাস্ত কৰি ছেমি ফাইনেলত অৱত্তীৰ্ণ হোৱা খবৰে গোলাঘাট জিলাৰ সমগ্ৰ ধনশিৰি মহকুমাত এক উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰিছে। অসম গৌৰৱ লাভলীনাৰ খেল উপভোগ কৰিবলৈ আজি পুৱাৰে পৰা সমগ্ৰ ধনশিৰি বাসীয়ে গভীৰ আগ্ৰহেৰে বাট চাই আছিল। আৰু যেতিয়া টকিঅ ৰ পৰা সেই বিশেষ বক্সিঙ ৰিংত ৰেফাৰীয়ে লাভলীনাৰ হাত ওপৰলৈ দাঙি দিলে তেতিয়াই লাভলীনাৰ গৃহভূমি বৰপথাৰত দেখা গল এক আৱতৰীয়া বিহু ।পুৱাৰে পৰা বৰপথাৰত দেখা গৈছিল বহু অনুৰাগী আৰু সংবাদ কৰ্মী সকলৰ এক ব্যস্তত্বপূৰ্ণ পৰিবেশ। বৰপথাৰ হাইস্কুল তিনিআলিত বহু কেইটা বৈদ্যুতিক মাধ্যমৰ নিউজ চেনেলে লাভলীনাৰ খেল ৰাইজে উপভোগ কৰি থকাৰ দৃশ্য পোনপতীয়া সম্পচাৰ কৰা পৰিলক্ষিত হয়।ৰাইজে আনন্দত উৎফুল্লিত হৈ ব’ম , ফটকা আদিও ফুটাই। বৰপথাৰ বাসী ৰাইজে সম্পূৰ্ণ ক’ভিড পটকলৰ নিয়ম মানি লাভলীনাৰ খেল উপভোগ কৰে । লাভলীনাৰ এই জয়ৰ বাতৰি পোৱাৰ পিছত লাভলীনাৰ পিতৃ গৃহতো শুভাকাংক্ষী সকল গৈ অভিনন্দন জনোৱাৰ লগতে আনন্দত আত্মহাৰা হৈ বহু লোকে বিহু মৰা পৰিলক্ষিত হয়। । ইফালে আজি অসম কন্যা লাভলীনাই অলিম্পিকৰ কোৱাটাৰ ফাইনেলত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে পদক লাভ কৰাটো প্ৰায় নিশ্চিত হোৱাত উৎফুল্লিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামী সহ কংগ্ৰেছৰ এটি প্ৰতিনিধি দল লাভলীনাৰ বৰপথাৰ বাৰমুখীয়াৰ বাসগৃহত উপস্থিত হৈ পিতৃৰ যোগেদি লাভলীনা লৈ শুভেচ্ছা জ্ঞাপন কৰে। গোস্বামীয়ে অসম জীয়ৰী লাভলীনাক লৈ আজি সমগ্র অসমীয়া জাতি গৌৰাম্বিত বুলি কোৱাৰ লগতে লাভলীনাক টকিঅ অলিম্পিকৰ পৰা অসমলৈ ঘুৰি আহিলে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা আদৰি অনা হব বুলি জানিবলৈ দিয়ে ।ইফালে আজি একেদিনাই সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনো লাভলীনাৰ বাসগৃহত উপস্থিত হৈ লাভলীনাৰ পিতৃ মাতৃক শুভেচ্ছা জ্ঞাপন কৰে। বিধায়ক বিশ্বজিত ফুকনে সাংবাদিকৰ আগত কয় যে লাভলীনাৰ জয়ত আমি যি আনন্দ পাইছোঁ সেই আনন্দ হয়তো ভাষাৰে ব্যাখ্যা কৰিব পৰা নহয়। আমি আশা কৰিছোঁ লাভলীনাৰ যি সোণসেৰীয়া যাত্ৰা সেই যাত্ৰাই অলিম্পিকত সোণৰ পদক জয়লাভেৰে দেশ বাসীক আৰু মুহিয়ান কৰিব। বিধায়ক গৰাকীয়ে আহি থকা দিন বিলাকত অসমৰ ক্ৰীড়া প্ৰতিভা থকা সকলো যুৱক যুৱতী নৱপ্ৰজন্মৰ কাৰণে লাভলীনা এক আদর্শস্বৰূপ বুলি উল্লেখ কৰে। ইফালে অহা ৪ আগষ্টত অনুষ্ঠিত হ’ব লগীয়া অলিম্পিকৰ ছেমি ফাইনেলৰ বাবে সমগ্ৰ অসমৰ লগতে ধনশিৰি বাসীয়ে লাভলীনালৈ হিয়া উজাৰি অভিনন্দন জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here