Home স্থানীয় ৰাগ সংগীতৰ পুৰোধা ব্যক্তি ধৰ্মকান্ত ডেকাৰ বিয়োগত দৰঙত শোকৰ ছাঁ

ৰাগ সংগীতৰ পুৰোধা ব্যক্তি ধৰ্মকান্ত ডেকাৰ বিয়োগত দৰঙত শোকৰ ছাঁ

88
0

গনবাৰ্তা, কলাইগাঁও, ১০ জুলাই: দৰং জিলাৰ বঢ়মপুৰ গাঁৱৰ লোক শিল্পী,ব্যাস ওজাপালি অৰ্থাৎ ৰাগ সংগীতৰ পুৰোধা ব্যক্তি ধৰ্মকান্ত ডেকা (৮২)ৰ আজি পুৱা প্ৰায় ৭-৩০ বজাত নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত বিয়োগ ঘটাত অবিভক্ত দৰং জিলাত শোকৰ ছাঁ পৰিছে। উল্লেখ্য আজীৱন নিৰৱচ্ছিন্ন ভাৱে শিল্প সাধনা কৰি অহা অসমৰ প্ৰাচীনতম ধ্ৰুপদী সংগীত তথা উচ্চাংগ সংগীতৰ শিল্পী গৰাকীয়ে অবিভক্ত দৰঙৰ কুৰিটাতকৈ অধিক ব্যাস ওজাপালি দলক প্ৰশিক্ষণ দি উপযুক্ত কৰি তুলিছিল । দৰঙী লোক সংস্কৃতি ব্যাস ওজাপালিৰ ধাৰক আৰু বাহক বিশিষ্ট শিল্পী গৰাকীয়ে ভাৰতীয় ধ্ৰুপদী সংগীতৰ ধাৰা প্ৰৱাহিত হৈ থকা অসমৰ পৌৰাণিক উচ্চাংগ সংগীত ব্যাস ওজাপালিৰ ওঠৰটাকৈ ৰাগ-ৰাগিনী নিখুঁত আৰু সুললিতভাৱে পৰিৱেশন কৰিব পাৰিছিল । আজীৱন শিল্প সাধনাৰ বাবে ২০১৭ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা ধ্ৰুপদী সংগীত শিল্পী গৰাকীৰ বিয়োগত দৰঙী কলা কৃষ্টি উন্নয়ন সংঘ,অবিভক্ত দৰং জিলা লোক শিল্পী ন্যাস সমিতি, দৰং জিলা সাহিত্য সভা, গৰিয়সী সাহিত্য সভা, উত্তৰ পশ্চিম দৰং শিল্পী সমাজ,বঢ়মপুৰ অৰুণোদয় সংঘ, সৰু ঔতলা উচ্চ মাধ্যমিক বিদ্যালয়,সদৌ দৰং জিলা ছাত্ৰ সন্থা, মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, বিষ্ণুজ্যোতি সাংস্কৃতিক গোষ্ঠী, কলাইগাঁও প্ৰেছ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মৃত্যুৰ সময়ত তেখেতে পত্নীসহ তিনি পুত্ৰ-বোৱাৰী,কেইবাগৰাকীও নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here