Home অসম দীপাৱলীত চীনা সামগ্ৰীক প্ৰত্যাহবান জনাবলৈ সাজো হৈছে ঢেকীয়াজুলিৰ মৃৎশিল্পীয়ে

দীপাৱলীত চীনা সামগ্ৰীক প্ৰত্যাহবান জনাবলৈ সাজো হৈছে ঢেকীয়াজুলিৰ মৃৎশিল্পীয়ে

68
0

গণবাৰ্তা বিশেষ, ঢেকীয়াজুলি, ২৬ অক্টোবৰ: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত কেইটামান দিন বাকী।দীপাৱলীত পোহৰৰে উপচাই তোলাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৃৎশিল্পী সকলৰ ব্যাপক ব্যস্ততা ।দীপাৱলীত চীনা সামগ্ৰী ,লাইট আদিক প্ৰত্যাহৱান জনাবলৈ থলূৱা শিল্পী সকলে লাখে লাখে মাটি চাকী তৈয়াৰ কৰাত এতিয়া ব্যস্ত হৈছে পৰিছে ।সমান্তৰালকৈ ঢেকিয়াজুলিৰ আলিচিঙাৰ পাল গাওঁৰ মৃৎশিল্পী নিৰঞ্জন পালে বিগত বছৰ সমূহৰ দৰেই এইবছৰ দীপাৱলীত বিক্ৰীৰ বাবে কেইবালাখ মাটি চাকী তৈয়াৰ কৰিছে। মৃৎশিল্পী নিৰঞ্জন পালে চীনা সামগ্ৰীক প্ৰত্যাহৱান জনাবলৈ এতিয়া ব্যাপক ব্যস্ততা।দিনে নিশাই অতি কষ্টৰে মাটি চাকী তৈয়াৰ কৰাত ব্যস্ত হৈছে নিৰঞ্জন পালে।উল্লেখ্য যে মৃৎশিল্পী নিৰঞ্জন পাল তৈয়াৰ কৰা মাটি চাকী প্ৰতি বছৰে শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইৰ বজাৰ লগতে আন জিলা সমূহৰ দীপাৱলীৰ বজাৰৰ দখল কৰি আহিছে।নিৰঞ্জন পালৰ পৰা হুলচেল দৰত ব্যৱসায়ী সকলে ক্ৰয় কৰি নিয়ে মাটি চাকী।চৰকাৰে থলূৱা সামগ্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যদিও ৰাজ্যৰ অন্যতম থলূৱা উদ্যোগ মৃৎশিল্পক কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই।মৃৎশিল্পী সকলে বহু ঘাত প্ৰতিঘাটৰ মাজত মৃৎশিল্প উদ্যোগটোক জীয়াই ৰাখিছে যদিও চৰকাৰৰ পৰা আজিকোপতি ফুটা কঢ়িও সাহাৰ্য লাভ নকৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে এই গৰাকী মৃৎশিল্পীয়ে।কভিডৰ প্ৰভাৱত তেওঁলোকৰ এই থলূৱা উদ্যোগটোত প্ৰভাৱ পৰাত উপাৰ্জনো পূৰ্বতকৈ বহু হ্ৰাস পাইছে বুলি জানিবলৈ দিয়ে মৃৎশিল্পী নিৰঞ্জন পালে।ইফালে দীপাৱলী আহিলেই মাটি চাকী তৈয়াৰ কৰাৰ অঘোষিত প্ৰতিযোগীতা চলে বৰছলা সমষ্টিৰ আন এখন এখন গাওঁ। বৰছলাৰ চিৰাজুলি পথাৰ পালগাওঁত পুৰুষ মহিলাৰ পৰা আৰম্ভ কৰি যুৱতী সকলেও এ মাটি চাকী তৈয়াৰ কৰাত ব্যস্ত হৈছে।গাওঁ খনৰ ৬০শতাংশ লোকেই মৃৎশিল্পৰ সৈতে জড়িত ।মৃৎশিল্পই তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ পথ।সেয়ে দীপাৱলী আহিলেই গাওঁ খনৰ লোক সকলৰ ব্যাপক ব্যস্ততা দেখা যায়।প্ৰতি ঘৰতেই মাটি চাকী তৈয়াৰ কৰাত এক অঘোষিত প্ৰতিযোগী চলে দীপাৱলীৰ পূৰ্বে।শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থলূৱা সা সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা পিছতেই মাটিৰ দ্বাৰা তৈয়াৰী সা সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰে এই সকল মৃৎশিল্পীয়ে।ফলত পূৰ্বতকৈ অধিক মাটি চাকী তেওঁলোকে এইবাৰ দীপাৱলীত বিক্ৰী কৰাৰ আশা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here