Home অসম ধিঙত আনন্দৰ বন্যা : ২০০ মিটাৰ দৌৰৰ ছেমিফাইনেলত প্ৰবেশ ধিং এক্সপ্ৰেছ হিমা...

ধিঙত আনন্দৰ বন্যা : ২০০ মিটাৰ দৌৰৰ ছেমিফাইনেলত প্ৰবেশ ধিং এক্সপ্ৰেছ হিমা দাস

75
0

গণ বাৰ্তা, ধিং , ৪ আগষ্ট : কমনৱেল্‌থ গেম্‌ছৰ মহিলাৰ ২০০ মিটাৰ দৌৰৰ নিজা হিটছত প্ৰথম স্থানত হিমা দাস৷ যাৰদ্বাৰা ছেমিফাইনেলত প্ৰৱেশ কৰিলে ধিং এক্সপ্ৰেছখ্যাত হিমা দাসে৷ বাৰ্মিংহামত কমনৱেল্‌থ গেম্‌ছৰ ২০০ মিটাৰ ইভেণ্টত আজি হিমা দাসে ইভেণ্টটোৰ দ্বিতীয়টো হিট্‌ছত ২৩.৪২ ছেকেণ্ড সময়েৰে প্ৰথম স্থান অধিকাৰ কৰি ছেমিফাইনেললৈ কোৱালিফাই হয়৷ ইয়াৰ পিছতেই সমগ্ৰ ধিং অঞ্চলত উলাহৰ জোৱাৰ উঠিছে৷ আজি পুৱাৰে পৰা হিমাৰ কান্ধুলিমাৰীৰ বাসভৱনত তেওঁৰ পৰিয়ালৰ লগত খেল উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম ঘটে৷ হিমা দাসে দৌৰাৰ আগমুহূৰ্তত হিমাৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালে উৎকণ্ঠাৰে দৃষ্টি নিক্ষেপ কৰিছিল টিভিৰ পৰ্দাত৷ হিমাই নিজা হিট্‌ছত প্ৰথম স্থানেৰে পৰৱৰ্তী ৰাউণ্ডত কোৱালিফাই হোৱাৰ লগে লগে তেওঁৰ বাসভৱন তথা গোটেই গাঁওখনত হেৰ্ষাল্লাসেৰে এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়৷ এই হৰ্ষোল্লাসৰ মাজতে আনন্দৰ চকুলো বৈছিল সকলোৰে চকুত৷ আনন্দত হিমাৰ সৰু ভনীয়েকৰ চকু সেমেকি উঠিল কিছুমুহূৰ্তৰ বাবে৷ এই আনন্দৰ মাজতেই হিমাৰ পিতৃ-মাতৃয়ে সমগ্ৰ ৰাজ্যবাসীৰ ওচৰত পৰৱৰ্তী ৰাউণ্ডৰ খেলৰ বাবে হিমাক আশীৰ্বাদ দিবৰ বাবে প্ৰাৰ্থনা জনায়৷ বহুদিনৰ পিছত হিমাৰ এই সবল প্ৰত্যাৱৰ্তনে ধিং অঞ্চলৰ সকলোকে আনন্দিত কৰি তুলিছে৷ ইফালে, মিলাপ্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰি আজি ধিং আৰু বটদ্ৰৱাৰ বিভিন্ন মছজিদত পুৱা মুছলমান সমাজৰ লোকসকলেও হিমাৰ মংগল কামনাৰে ঈশ্বৰৰ ওচৰত সমূহীয়া দোৱা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here