Home Uncategorized নদীকেন্দ্ৰীক পৰ্য্যটন আৰু অৰ্থনৈতিক উন্নয়নৰ লক্ষ্যৰে ধিঙত ‘লুইত উৎসৱ’ ৰ আয়োজন

নদীকেন্দ্ৰীক পৰ্য্যটন আৰু অৰ্থনৈতিক উন্নয়নৰ লক্ষ্যৰে ধিঙত ‘লুইত উৎসৱ’ ৰ আয়োজন

280
0

গণ বাৰ্তা, ধিং, ২৬ ডিচেম্বৰ : সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘ চিহ্ন’ ৰ ব্যৱস্থাপনাত নদী কেন্দ্ৰীক পৰ্যটন, কৃষি, ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক উন্নয়নৰ লক্ষ্যৰে অহা ছয়, সাত, আঠ আৰু ন জানুৱাৰীত নগাঁও জিলাৰ ধিঙৰ নিকটৱৰ্তী বালিচৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘লুইত উৎসৱ’ শীৰ্ষক এখনি নৈপৰীয়া উৎসৱৰ আয়োজন কৰা হৈছে। প্ৰত্যেক দিনাই পুৱা ন বজাৰ পৰা বিয়লি চাৰি বজালৈ মুকলি থকা এই উৎসৱত সকলো বয়সৰ ব্যক্তিৰ মনোৰঞ্জনৰ বাবে বিভিন্ন ধৰণৰ ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অহা ছয় জানুৱাৰীত উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘লুইতৰ অম্বেষণ…’ নামৰ এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাত জানুৱাৰীৰ দিনা শিশু সকলৰ বাবে বিশেষকৈ বালিঘৰ সজা, টেকেলি ভঙা, প্ৰশ্নোওৰ আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আঠ জানুৱাৰীত ‘নৈ পাৰৰ কথকতা’ শীৰ্ষক অনুষ্ঠানত জেষ্ঠ চিত্ৰশিল্পী সকলৰ চিত্ৰ কৰ্মশালা আৰু এখনি কবি সম্বিলনীৰ ব্যৱস্থা কৰা হৈছে। উক্ত দিনাখন শিশু সকলৰ চিত্ৰাংকণ আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হব। অন্তিম দিনাখন অৰ্থাৎ ন জানুৱাৰী তাৰিখে ‘সুৰেৰে সজাম লুইতৰ পাৰ’ শীৰ্ষক এক সংগীতানুষ্ঠানত বহু কেইগৰাকী শিল্পীয়ে গীতৰ শৰাই আগবঢ়াব। ইয়াৰ বাহিৰেও প্ৰতিদিনাই চিলা উৰোওৱা, এ.টি.ভি বাইক চালন, ভলিবল, আৰ্চাৰি, ঘোঁৰা চালন, সাঁতোৰ, ৰছীটনা আদি খেলৰ ব্যৱস্থা কৰা হৈছে। এই চাৰিটা দিনত লুইত উৎসৱ উদযাপন সমিতিয়ে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here