Home স্থানীয় ক’ভিডৰ সংক্ৰমণ ৰোধিবলৈ ডিব্ৰুগড় প্ৰশাসনৰ তৎপৰতা

ক’ভিডৰ সংক্ৰমণ ৰোধিবলৈ ডিব্ৰুগড় প্ৰশাসনৰ তৎপৰতা

28
0

ৰশ্মিৰেখা সাউদ কলিতা, গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৮ মে’ : ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাই মঙ্গলবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনত কোভিড সংক্ৰমিত ব্যক্তি সকলক চিকিৎসা সেৱা প্ৰদানৰ বাবে তাত থকা কোভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শন কৰাৰ লগতে উক্ত কেন্দ্ৰটোত ৰোগী সকলৰ বাবে মজুত থাকিবলগীয়া পৰ্যাপ্ত সুবিধা সমূহৰ বিষয়ে বুজ লয়। উল্লেখযোগ্য যে ইয়াৰ পিছত উপায়ুক্ত গৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক আৰু নাৰ্ছ সকলৰ সৈতে কোভিড ১৯ সংক্ৰান্তীয় বিভিন্ন দিশ সমূহৰ বিষয়ে আলোচনা কৰাৰ উপৰিও তেখেতে চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান পৰিস্থিতিত কোভিড ১৯ সংক্ৰমিত ৰোগী সকলক প্রদান কৰি থকা চিকিৎসা সেৱাৰ লগতে সমগ্ৰ প্ৰশাসনিক দিশ সমূহৰ বিতং ভাবে বুজ লয় ।তেখেতৰ সৈতে আজি চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ সঞ্জীৱ কাকতি আৰু অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) তপন কুমাৰ গোহাঁইও উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here