Home Main Stories ডিব্ৰুগড় জিলাৰ মাইক্ৰ’ফাইনেন্সৰ হিতাধিকাৰীসকললৈ ধন ৰাশিৰ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰী, মহিলাসকলে যদিহে...

ডিব্ৰুগড় জিলাৰ মাইক্ৰ’ফাইনেন্সৰ হিতাধিকাৰীসকললৈ ধন ৰাশিৰ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰী, মহিলাসকলে যদিহে ঋণ পৰিশোধ কৰে, অসমত এক নতুন অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ’ব : অসম গেছ কোম্পানী লিমিটেডত পাইপযোগে গেছ সংযোগৰ এক পঞ্জীয়নৰ প’ৰ্টেল মুকলি

178
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ জানুৱাৰী : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ চৌকিদিঙ্গী খেলপথাৰত আয়োজিত এক কাৰ্যসূচীত অসম মাইক্ৰ’ ফাইনেন্স উদ্‌গনি আৰু সকাহ আঁচনি ২০২১ ৰ অধীনত ডিব্ৰুগড় জিলাৰ হিতাধিকাৰীসকললৈ ধনৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ উল্লেখ্য যে নিয়মীয়া পৰিশোধকাৰী হিতাধিকাৰীৰ বাবে এই আঁচনিখনৰ প্ৰথম পৰ্যায় যোৱা ২৮ নৱেম্বৰত শোণিতপুৰ জিলাত শুভাৰম্ভ কৰা হৈছিল৷ ইয়াৰ জৰিয়তে ৮ খন জিলাৰ হিতাধিকাৰীলৈ প্ৰথম পৰ্যায়ত ধনৰাশিৰ চেক বিতৰণ কৰা হৈছিল৷ দ্বিতীয় পৰ্যায়ত বিশ্বনাথ, ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ হিতাধিকাৰীলৈ সকাহৰ ধনৰাশিৰ চেক প্ৰদান কৰাৰ পদক্ষেপ লোৱা হৈছে৷ ইতিমধ্যে বিশ্বনাথ আৰু ধেমাজি জিলাত যোৱা ২ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীসকললৈ এই ধনৰাশিৰ চেক প্ৰদান কৰিছে আৰু আজি ডিব্ৰুগড়ত এই ধনৰাশিৰ চেক মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ ডিব্ৰুগড়ত আজি সৰ্বমুঠ ৫০৯৭গৰাকী হিতাধিকাৰীক এই চেক প্ৰদান কৰা হয়৷ উল্লেখ্য যে ডিব্ৰুগড় জিলাত সৰ্বমুঠ ২৫,৮৭৩গৰাকী হিতাধিকাৰীয়ে এই ধনৰাশিৰ চেক লাভ কৰিব৷ দ্বিতীয় পৰ্যায়ত যিসকল প্ৰথম শ্ৰেণীৰ হিতাধিকাৰীয়ে নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি আছে তেওঁলোকলৈ ২৫ হাজাৰ টকা অথবা মুঠ অনাদয় ঋণৰ যিটোৱে কম সেই পৰিমাণৰ উদগনিমূলক সাহায্য চেকৰ জৰিয়তে প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ অধীনত সকাহ লাভ কৰা মহিলাসকলক এই উদগনিৰ ধনৰাশিৰ যথোচিতভাৱে ব্যৱহাৰৰ অৰ্থে আহ৩ান জনায়, যাতে তেওঁলোকে ভৱিষ্যতে আৰু অধিক ঋণ গ্ৰহণৰ বাবে যোগ্যতা আহৰণ কৰিব পাৰে৷ মুখ্যমন্ত্ৰীয়ে মাইক্ৰ’ ফাইনেন্স প্ৰতিষ্ঠানসমূহকো ঋণ পৰিশোধ সন্দৰ্ভত উপযুক্ত সজাগতা সৃষ্টি কৰাৰ বাবে আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যিসকল মহিলাই মাইক্ৰ’ ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব পৰা নাই তেওঁলোকৰ বাবে অহা মাহত এটা নতুন প’ৰ্টেল মুকলি কৰা হ’ব, যাতে তেওঁলোকে ইয়াৰ জৰিয়তে আবেদন কৰিব পাৰে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ঋণ গ্ৰহণ কৰাটো অৰ্থনীতিৰ এক স্বাভাৱিক প্ৰক্ৰিয়া৷ বাণিজ্যৰ ক্ষেত্ৰত ঋণ গ্ৰহণ কৰিও মূলধন গঠন কৰা হয়৷ অসমত প্ৰতিবছৰে দুই-তিনি লাখ নিবনুৱাৰ সৃষ্টি হয়৷ এনে সকলোবোৰ নিবনুৱাকে চৰকাৰী চাকৰিত নিয়োগ কৰাটো সম্ভৱ নহয়৷ অতি কমসংখ্যকেহে চৰকাৰী চাকৰি লাভ কৰে আৰু বাকীসকলে আত্মনিৰ্ভৰশীল হ’বলৈ হ’লে ব্যৱসায়-বাণিজ্যৰ দিশত আত্মনিয়োগ কৰিব লাগিব৷ ইয়াৰ বাবে বেংকৰ পৰা ঋণ গ্ৰহণ কৰিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে এইদৰে লোৱা ঋণ নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেৰে নিয়মিত পৰিশোধ কৰিলেহে সমগ্ৰ ব্যৱস্থাটো সূচাৰুৰূপে চলি থাকে৷ ঋণ গ্ৰহণ কৰাৰ লগেত ঋণ পৰিশোধৰ ওপৰতো সমানে গুৰুত্ব দিবলৈ আহ৩ান জনাই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্যৰ মহিলাসকলে যদিহে ঋণ গ্ৰহণৰ লগতে পৰিশোধেৰে সুস্থ্য লেনদেন প্ৰক্ৰিয়া অব্যাহত ৰাখে তেতিয়াহ’লে অসমত এক নতুন অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ’ব৷ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা ভৱিষ্যতে ঋণ লোৱাৰ সময়ত সমগ্ৰ নিয়মাৱলী বুজি লৈহে এনে ঋণ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সভাত উপস্থিত মহিলাসকলক আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে অহা মাহত তিনিচুকীয়াৰ লগতে উজনি অসমৰ বাকী থকা জিলাকেইখনত এই ধনৰাশিৰ চেক প্ৰদান কৰা হ’ব বুলিও সদৰী কৰে৷ সাংস্কৃতিক পৰিক্ৰমা, শক্তি ইত্যাদি বিভাগৰ মন্ত্ৰী বিমল বৰাই আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত বিত্ত মন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দ৫১১ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক প্ৰশান্ত ফুকনেও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগনে মহন, বিধায়কসকল ক্ৰমে বলীন চেতিয়া, তেৰছ গোৱালা, পোনাকণ বৰুৱা, চক্ৰধৰ গগৈ, ৰূপেশ গোৱালাৰ লগতে কে’বাটাও নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষসকল উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আজি পুৱা দুলীয়াজানস্থিত অসম গেছ কোম্পানী লিমিটেডত পাইপযোগে প্ৰাকৃতিক গেছ সংযোগৰ এক পঞ্জীয়নৰ প’ৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে৷ উল্লেখ্য যে এই প’ৰ্টেলৰ জৰিয়তে নতুন সংযোগ বিচৰা গ্ৰাহকে ইয়াৰ বাবে পঞ্জীয়নৰ সুবিধা লাভ কৰাৰ উপৰি কিবা অভিযোগ থাকিলে সেই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিব পাৰিব৷ মুখ্যমন্ত্ৰীয়ে লগতে অসম গেছ কোম্পানী লিমিটেডৰ কাৰ্যালয়ত প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে বৰ্তমান চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয়৷ এই পৰ্যালোচনা কালত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, বিমল বৰা, বিধায়ক তথা অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ বলীন চেতিয়া, বিধায়ক প্ৰশান্ত ফুকন উপস্থিত থাকে৷ আনহাতে, আবেলি মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত জলসম্পদ বিভাগৰ দ্বাৰা নিৰ্মাণৰত অত্যাধুনিক অতিথিশালাটো পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হোৱা এই প্ৰকল্পটোৰ বাকী থকা কামখিনি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত নিৰ্মাণৰত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন হাস্পতাল পৰিদৰ্শন কৰি প্ৰকল্পটোৰ অগ্ৰগতিৰ খতিয়ান লয়৷ ১৮২খন বিছনাযুক্ত এই হাস্পতালখনত পেয়িং কেবিনৰ ব্যৱস্থা উপলব্ধ কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ লগতে অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ মাটিকালিৰ এক ড্ৰ’ণ জৰীপ অতিশীঘ্ৰে কৰাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে, যাতে ইয়াক টাউনশ্বিপ আকাৰে গঢ়ি তুলিব পৰা যায়৷ মুখ্যমন্ত্ৰীয়ে লগতে ডিব্ৰুগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু কনভয় ৰোডৰ সংযোগস্থলীত ৰে’লপথৰ ওপৰত নিৰ্মাণৰত উৰণীয়া সেতুৰ নিৰ্মাণথলী পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়৷ উল্লেখ্য যে এই উৰণীয়া সেতু নিৰ্মাণৰ আধাৰশিলা বিগত বৰ্ষৰ ১০ অক্টোবৰত স্থাপন কৰা হৈছিল আৰু ২৪ মাহৰ ভিতৰত এই উৰণীয়া সেতুৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে৷ আনহাতে, মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেচন লিমিটেড পৰিদৰ্শন কৰি প্ৰতিষ্ঠানটোৰ বিভিন্ন কাম-কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ সবিশেষ বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে লগতে বিভিএফচিএল হাস্পতালখন পৰিদৰ্শন কৰি হাস্পতালখনৰ নবীকৰণৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে৷ উল্লেখ্য যে এই হাস্পতালখন আধুনিকীকৰণৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সহযোগত পদক্ষেপ লোৱা হ’ব৷ ইতিমধ্যে ইয়াৰ বাবে ৩.প্ত কোটি টকাৰ প্ৰাক্‌কলন প্ৰস্তুত কৰা হৈছে৷ অহা ফেব্ৰুৱাৰী অথবা মাৰ্চৰ ভিতৰত এই আধুনিকীকৰণৰ কাম আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয় যাতে সাৰ নগৰীৰ লগতে ইয়াৰ সমীপৱৰ্তী জনসাধাৰণে উন্নত স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে নামৰূপ তৃতীয় গোটৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ১০০ কোটি টকাৰ অনুমোদন জনাইছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চতুৰ্থ প্লাণ্টৰ বাবদ ৰাজ্য চৰকাৰে চ্ছ শতাংশ মূলধনি ব্যয় কৰাৰ বাবে আগ্ৰহী থকা সম্পৰ্কত ইতিমধ্যে ভাৰত চৰকাৰক জনোৱা হৈছে আৰু অচিৰেই এই সম্পৰ্কত এক ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ আজিৰ এই পৰিদৰ্শনৰ সময়ত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দ৫১১ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী যোগেন মহন, বিমল বৰা, সঞ্জয় কিষাণৰ লগতে বিভিএফচিএলৰ উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here