Home স্থানীয় ডিব্ৰুগড়ত নদী পৰ্যটনৰ বাটকটীয়া কাঞ্চনজংঘা কাৰ ষড়যন্ত্ৰৰ বলি হৈছে

ডিব্ৰুগড়ত নদী পৰ্যটনৰ বাটকটীয়া কাঞ্চনজংঘা কাৰ ষড়যন্ত্ৰৰ বলি হৈছে

93
0

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২১ জুন : বছৰ বছৰ ধৰি ছন পৰি থকা নৈপৰীয়া ভূমিত নদী পৰ্যটনৰ বাবে কাম কৰি থকা ডিব্ৰুগড়ৰ উদ্যোগী যুৱক গৌতম বৰদলৈৰ কাঞ্চনজংঘাত ৰে’ল বিভাগৰ হাতোৰা। সকলোকে হতভম্ব কৰি স্থানীয় প্ৰশাসনৰ কোনো সহায় নোলোৱাকৈ আজি চলালে উচ্ছেদ অভিযান।এনে কাৰ্যক ধিক্কাৰ দিছে ডিব্ৰুগড়বাসীয়ে। বগীবিল দলঙৰ সমীপত গৌতম বৰদলৈৰ প্ৰচেষ্টাত কাঞ্চনজংঘা নামেৰে গঢ় লৈ উঠিছিল নদী পৰ্যটনৰ এক বিতোপন ক্ষেত্ৰ। নৈৰ কাষত সুন্দৰকৈ গছ – লটিকা, ফুল-ফলেৰে সুন্দৰকৈ সজাই পৰাই তুলি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল। ডিব্ৰুগড়বাসীয়ে ভাবিবলৈ লৈছিল ‘কাঞ্চনজংঘা’ ডিব্ৰুগড়ৰ গৌৰৱ ।এই কাঞ্চনজংঘাই সংস্থাপন দিছিল বহু নিবনুৱাক।  এই কভিডৰ সময়তো প্ৰায় চল্লিশটা পৰিয়ালক নিজৰ পকেটৰ ধনেৰে চলাই আছিল গৌতম বৰদলৈয়ে। কাৰণ ব্যৱসায় নচলিলেও সেই কৰ্মৰত কৰ্মচাৰীৰ চল্লিশটা পৰিয়ালক পেট মাৰিব নোৱাৰে বৰদলৈয়ে। নিতৌ ন ন পৰিকল্পনাৰে সজাই তুলিছিল সমগ্ৰ অসমৰ ভিতৰতে বৃহৎ নাঁও কাঞ্চনজংঘা ২য় সংস্কৰণটিও। বহু যুৱক-যুৱতিৰ কৰ্ম সংস্থাপনৰ বাট মুকলি হ’বলৈ গৈ আছিল গৌতম বৰদলৈৰ আশাশুধীয়া প্ৰচেষ্টাত। আত্মসংস্থাপনৰ বাট দেখোৱাই দিছিল চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খোৱা শিক্ষিত নিবনুৱাক। আনকি চৰকাৰেও ৰাজ্যৰ পৰ্যটন উদ্যোগক বিকাশৰ বাবে বহু আচনি গ্ৰহণ কৰাৰ মাজতে কাঞ্চনজংঘাত ৰেল বিভাগৰ উচ্ছেদকাৰ্যক লৈ সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। ছন পৰি থকা ভূমিত নদী পৰ্যটনক বিকাশ ঘটোৱা গৌতম বৰদলৈৰ ওপৰত ৰেল বিভাগে অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে। ছমাহৰ বাবে ২ লাখ ৫৫ হাজাৰ টকা মাচুল পৰিশোধ কৰাৰ পিছতো অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দোহাই দি ৰে’ল বিভাগৰ এই উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ পৰ্যটন মন্ত্ৰীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।গভীৰ উদ্বগ প্ৰকাশ কৰিছে ডিব্ৰুগড়বাসীয়ে, যদি অসমতে অসমীয়াই কিবা এটা কৰি খাব নোৱাৰে তেন্তে ক’ ত কৰি খাব? ছন পৰি থকা জেগা এডোখৰ পৰিষ্কাৰ কৰি ব্যৱহাৰৰ উপযোগী কৰি তোলাটো কি অপৰাধ নেকি বুলি প্ৰশ্ন কৰিছে ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here