Home Main Stories মহীৰূহৰ মহাপ্ৰয়াণত শোকস্তব্ধ ডিব্ৰুগড়

মহীৰূহৰ মহাপ্ৰয়াণত শোকস্তব্ধ ডিব্ৰুগড়

35
0

ৰশ্মিৰেখা সাউদ কলিতা

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১২ মে’ : অসমীয়া সাহিত্য জগতৰ মহীৰূহ দূৰন্ত তৰুণ হোমেন বৰগোহাঞিৰ (৮৯) বুধবাৰে GNRC ত দেহাৱসান হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়বাসী মৰ্মাহত হৈ পৰিছে। তেওঁ একেধাৰে সাংবাদিক, সমালোচক, কবি, গল্পকাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে এগৰাকী স্থিতপ্ৰজ্ঞ ব্যক্তি আছিল। হোমেন বৰগোহাঞি আছিল অসমীয়া জাতীয় জীৱনৰ পথ প্ৰদৰ্শক, পৰামৰ্শদাতা, নৱ প্ৰজন্মক উৎসাহিত কৰি বিভিন্ন দিশৰ লগতে জীৱনবোধৰ এক নতুন দিগন্তৰ দিশে আগুৱাই নিয়া এই সিংহ পুৰুষ জনৰ মহাপ্ৰস্থানত শোকস্তব্ধ হৈ পৰা ডিব্ৰুগড়বাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তিনিদিনৰ বাবে অৰ্ধ নমিত কৰা হৈছে অসম সাহিত্য সভাৰ অন্তৰ্গত ডিব্ৰুগড় সাহিত্য সভাৰ লগতে অন্যান্য শাখা সমূহৰ পতাকা। কথাশিল্পীজনৰ আকস্মিক বিয়োগত অসমীয়া জাতি তথা ভাষা – সাহিত্যৰ অপূৰণীয় ক্ষতি হোৱা বুলি ৰাইজে মন্তব্য কৰিছে। ডিব্ৰুগড়ৰ সাহিত্যিক সমাজ, শিল্পী সমাজ, চিকিৎসক সমাজ, শিক্ষক সমাজ, বিভিন্ন স্কুল – কলেজ, ছাত্ৰ – ছাত্ৰী, অনুষ্ঠান প্ৰতিষ্ঠান, দল-সংগঠন, সচেতন নাগৰিকৰ পৰা সাধাৰণ জনতালৈকে সকলোৱে দুখ প্ৰকাশ কৰি পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি মহীৰূহৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনাইছে।
এইক্ষেত্ৰত, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ, ডিব্ৰুগড় প্ৰেছ ক্লাৱ, লাহোৱাল প্ৰেছ ক্লাৱৰ তৰফৰপৰাও সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here