গণ বাৰ্তা: ২৮ নৱেম্বৰ: ডিব্ৰুগড়ত আজি উদুলি মুদুলি পৰিবেশে বিৰাজ কৰে। লোকে লোকাৰণ্য হৈ পৰে হাতীমূৰা গগণ চন্দ্ৰ সোনোৱাল সমন্বয় ক্ষেত্ৰ। প্ৰকৃতাৰ্থত যেন সমন্বয় ক্ষেত্ৰ হৈ পৰে গগণ চন্দ্ৰ সোনোৱাল সমন্বয় ক্ষেত্ৰ। কিয়নো জনজাতীয় মূলৰ তথা আদিম অধিবাসী সোণোৱাল কছাৰী সকলৰ অন্যতম সংগঠন সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়। সোনোৱাল কছাৰীসকলৰ বাৰেৰহনীয়া নৃত্য- গীতেৰে মুখৰিত হৈ পৰে। শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই অধিবেশন । সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি তথা সাহিত্যিক- লেখক গুনেশ্বৰ সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাত একেলগে ৫০ খন গ্ৰন্থ উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।বিশিষ্ট অতিথিৰ ভাষনত, সোনোৱাল সম্প্ৰদায়ক বৌদ্ধিক নেতৃত্ব দিয়া মঞ্চ সাহিত্য সভা বুলি উল্লেখ কৰে সৰ্বানন্দ সোনোৱালে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে সোনোৱাল কছাৰী সাহিত্য সভাই দ্বি- বাৰ্ষিক অধিবেশনত পঞ্চাচ খন গ্ৰন্থ উলিওৱাটো কম ডাঙৰ কথা নহয়। এটা সময়ত ৫১খন কিতাপ উলিওৱা বহুত ডাঙৰ কথা বুলি উল্লেখ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ উপৰিও সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী দিপুৰঞ্জন মাক্ৰাৰী, সোনোৱাল কছাৰী জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ আৰু সোনোৱাল কছাৰী সাহিত্য সভাৰ নেতৃবৃন্দই অংশ গ্ৰহণ কৰে ।