Home Main Stories ৰাষ্ট্ৰীয় উদ্যান হ’ল দিহিংপাটকাই — নাহৰকটীয়াৰ জয়পুৰত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্বোধন কৰিলে...

ৰাষ্ট্ৰীয় উদ্যান হ’ল দিহিংপাটকাই — নাহৰকটীয়াৰ জয়পুৰত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্বোধন কৰিলে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান

144
0

প্ৰনামী মহন্ত, নাহৰকটীয়া, ০৩ জুলাইঃ অৱশেষত আহিল এই ভাল খবৰটো। আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ল ৰাজ্যৰ সপ্তম সংখ্যক ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ উপস্থিতিত বনমন্ত্ৰী পৰিমল শুক্লবদৈই ফিটা কাটি আৰু ৰাষ্ট্ৰীয় উদ্যান খনৰ ফলক মুকলি কৰি আনুষ্ঠানিক ভাৱে মুকলি কৰে এই ৰাষ্ট্ৰীয় উদ্যান খনি। উল্লেখ্য যে ১৮৮৮ চনত জয়পুৰ সংৰক্ষিত বনাঞ্চল আৰু তাৰ পিছত ২০০৪ চনত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি পোৱা পূৱৰ আমাজন খ্যাত এই বনাঞ্চল খনক ২০২০ বৰ্ষত ৰাজ্য চৰকাৰে আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰাৰ পিছত আজি বনমন্ত্ৰী পৰিমল শুক্লবদৈই আনুষ্ঠানিক ভাৱে এই ৰাষ্ট্ৰীয় উদ্যান খনৰ শুভ উদ্বোধন কৰে। ডিব্ৰুগড় তিনিচুকীয়া জিলাক সাঙুৰি ২৩৪•২৬ বৰ্গ কিমি যোৰা বনাঞ্চলেৰে আগোৰা দিহিং পাটকাইত আছে জৈৱ বৈচিত্ৰৰ সমাহাৰ য’ত ৪০ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰানী, ৪২ প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ, ২০৫ প্ৰজাতিৰ পোক পতংগ, ৫২ প্ৰজাতিৰ বনৰীয়া মাছ, ১০৭ প্ৰজাতিৰ অৰণ্য কেৰু আৰু ১৬০ প্ৰজাতিৰ অধিক গছ-গছনিৰ লগতে স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বসতি এই জৈৱ বৈচিত্ৰৰ গৌৰৱ৷ এই উদ্বোধনী অনুষ্ঠানৰ পিছতেই মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যান খনৰ নামছাং অঞ্চল পৰিভ্ৰমণ কৰে। ইয়াৰ পিছতেই জয়পুৰ বন বিভাগৰ বন পৰিদৰ্শন বঙলাৰ বাকৰিত এখন মুকলি সভাত অংশগ্ৰহণ কৰে বনমন্ত্ৰী গৰাকীয়ে। এই সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ,বিধায়ক প্ৰশান্ত ফুকন,চক্ৰধৰ গগৈ,তেৰছ গোৱালা,জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা,আৰক্ষী অধীক্ষক স্বেতংগ মিশ্ৰা,ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সভাতে বনমন্ত্ৰী গৰাকীয়ে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ ৰাজপত্ৰ আনুষ্ঠানিক ভাৱে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ আৰু দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাক প্ৰদান কৰে। ইফালে সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত বনমন্ত্ৰী পৰিমল শুক্লবদৈই,বিজেপি চৰকাৰৰ দিনত বন আৰু পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত যথেষ্ট কাম কৰা বুলি উল্লেখ কৰি দিহিং পাটকাইত ৰাষ্ট্ৰীয় উদ্যানত চলা বনধ্বংস কাৰ্য,চোৰাং কাঠৰ বেহা ৰোধ কৰিবলৈ বন বিভাগ, আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তক নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি অতি শীঘ্ৰে দিহিং পাটকাইৰ আন্ত:গাঠঁনি উন্নয়ন কৰি উদ্যানখনত পৰ্যাপ্ত বনকৰ্মী নিয়োগ কৰাৰ কথাও প্ৰকাশ কৰে।ইফালে গুৱাহাটীৰ গড়ভাঙা সংৰক্ষিত বনাঞ্চলৰ পৰা বনবিভাগৰ দুগৰাকী ঠিকাদাৰ ক্ৰমে কুশল কলিতা আৰু জয়ন্ত কছাৰীৰ অপহৰণ কাণ্ডৰ তদন্তৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে ডিচি এছপিক ক্ষীপ্ৰ তদন্ত কৰিবলৈ দিয়া বুলি মন্তব্য কৰে। ইফালে কালি নিশাই নাহৰকটীয়াৰ জয়পুৰত উপস্থিত হোৱা বনমন্ত্ৰী গৰাকীয়ে আজি পূৱাৰ ভাগত বন,আৱকাৰী,মীন বিভাগৰ জিলাৰ শীৰ্ষ বিষয়াৰ লগতে স্থানীয় বিধায়ক সকলৰ সৈতে এক পৰ্য্যালোচনা সভাত ভাগ লয়। ইফালে নাহৰকটীয়া প্ৰেছ ক্লাৱ আৰু নামৰূপ প্ৰেছ এণ্ড চছাইটি ক্লাৱে এই মুকলি সভাতেই বনমন্ত্ৰী পৰিমল শুক্লবদৈৰ হাতত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচ’ৰাত হৈ থকা গছ কটা,শিল,বালি,কয়লাৰ অবৈধ খনন বন্ধ কৰা,পৰ্যাপ্ত পৰিমাণৰ বনকৰ্মী নিয়োগ কৰা আদি বিভিন্ন সমস্যা সমূহ সমাধান কৰিবলৈ ৬ টা দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here