Home Uncategorized ‘বানত ককবকাই থকা সময়ত অসমবাসীক মনত পেলাবলৈ আহৰি নোপোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ...

‘বানত ককবকাই থকা সময়ত অসমবাসীক মনত পেলাবলৈ আহৰি নোপোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ আহিছে কেৱল দলীয় মুনাফা আদায় কৰিবলৈ: দিলীপ কুমাৰ শৰ্মা

153
0

গুৱাহাটী, ৭ অক্টোবৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম আগমনৰ সময়ত কেতবোৰ প্ৰশ্নৰে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল। শুকুৰবাৰে গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশি প্ৰশ্নসমূহ উত্থাপন কৰি ইয়াৰ সদুত্তৰ বিচাৰে।

২০১৪ চনৰ পৰা কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰাৰ বাবে ৰাজ্যখনে বছৰি ৪ ৰ পৰা ৫ হাজাৰ কোটি টকা লাভৰ পৰা বঞ্চিত হৈ বুলি মন্তব্য কৰি শৰ্মাই অসমৰ প্ৰতি বিজেপিৰ এই বঞ্চনা কিয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীক প্ৰশ্ন কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰা হ’ব বুলি মন্তব্য কৰাৰ পাছতো আজিলৈকে এই সন্দৰ্ভত কিয় একো পদক্ষেপ লোৱা নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰে অসম তৃণমূল কংগ্ৰেছৰ নেতা দিলীপ কুমাৰ শৰ্মাই। প্ৰসংগক্ৰমে তেওঁ ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে দাখিল কৰা প্ৰতিবেদন ৰাজ্য চৰকাৰখনে কেন্দ্ৰৰ ওচৰত জমা দিবলৈয়ে সাহস নকৰা বুলি কটাক্ষ কৰে।

সেইদৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰই কৰি অহা ভেঙুচালিৰ ক্ষেত্ৰতো সৰৱ হৈ পৰে নেতাগৰাকী। শেহতীয়াকৈ দেশৰ ৫ ৰাজ্যৰ ১৫ জনগোষ্ঠীৰ জনজাতিকৰণৰ ঘোষণা কৰাৰ বিপৰীতে অসমৰ ছয় জনগোষ্ঠীক বঞ্চনা কৰি চূড়ান্ত অপমান কৰা বুলি মন্তব্য কৰে শৰ্মাই। কেৱল নিৰ্বাচনৰ আগত ভোট ভিক্ষা কৰাৰ সময়ত জনজাতিকৰণৰ ভুৱা প্ৰতিশ্ৰুতি দিয়াতহে বিজেপি পাকৈত বুলি লগতে গুৰুতৰ অভিযোগ উত্থাপন কৰি শৰ্মাই কয় যে অসম ভ্ৰমণলৈ অহা অমিত শ্বাহৰ পৰা মিঠা মিঠা নতুন প্ৰতিশ্ৰুতিৰ শুনাৰ পূৰ্বে এই বিষয়ত নিজৰ ব্যৰ্থতা আৰু অসমৰ প্ৰতি অমনোযোগিতাৰ দোষ স্বীকাৰ কৰিবলৈ দাবী জনায়।

আনহাতে সংসদত ‘কা’ (নাগৰিকত্ব সংশোধনী আইন) প্ৰণয়ন কৰি অসম চুক্তিক উলংঘা কৰাৰ সময়ত বিজেপিয়ে অসমৰ ৰাজনৈতিক আবেগ আৰু বাস্তৱতাৰ প্ৰতি কুঠাৰাঘাত কৰা বুলি মন্তব্য কৰি অসম তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে প্ৰশ্নৰ কাঠগড়াত থিয় কৰায় কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক।

‘কা’ আইন প্ৰণয়ন কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ অহা হিন্দু বাংলাদেশীক সংস্থাপনৰ দিহা কৰাৰ জৰিয়তে কেন্দ্ৰই অসম চুক্তিৰ ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিত্তিবৰ্ষক উলংঘা কৰা বুলি সোঁৱৰাই দি এই নিয়ম ভংগৰ বাবে দিলীপ কুমাৰ শৰ্মাই জবাবদিহি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক।

বিজেপিয়ে বাৰে বাৰে অসমৰ অস্তিত্বৰ প্ৰতি বুঢ়া আঙুলি দেখুওৱা বুলি অসম তৃণমূল কংগ্ৰেছ দলে চোকা ভাষাৰে সমালোচনা কৰে।

বঞ্চনা কৰাৰ সময়ত অসমৰ জনসাধাৰণলৈ কিয় মনত নপৰে বুলি প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীক অসমবাসীৰ প্ৰতি ভুৱা দৰদৰ নাটক বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে।

আনহাতে অসমৰ প্ৰতি বিজেপিৰ বঞ্চনাৰ তালিকা যথেষ্ট দীঘলীয়া বুলি মন্তব্য কৰি দিলীপ কুমাৰ শৰ্মাই সংবাদমেলত লগতে বান গৰাখহনীয়াৰ ক্ষেত্ৰত কেন্দ্ৰই কৰি অহা বঞ্চনাৰ তথ্য পুনৰ এবাৰ দাঙি ধৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশি।

যোৱা ৪ বছৰত অসমে কেন্দ্ৰৰ পৰা বান সাহায্য হিচাপে ৯৪৭৫.৮৮ কোটি টকা বিচৰাৰ বিপৰীতে কণা হাঁহক পতান দিয়াৰ দৰে মাত্ৰ ৪৪ কোটি টকাহে আগবঢ়াই অসমৰ প্ৰতি কেন্দ্ৰৰ গুৰুত্বহীনতাক উদঙাই দিয়া বুলি অভিযোগ কৰি এই বিষয়ত উত্তৰ দিবলৈ দাবী জনায়।

একে সময়তে কেন্দ্ৰই বান সাহায্য হিচাপে যোৱা চাৰিটা বছৰত মহাৰাষ্ট্ৰক ৮৭৫৪.৫০ কোটি, কৰ্ণাটকক ৬৪৮০.৬৯ কোটি, ওড়িষাক ৪৬৩৫.৮২ কোটি, মধ্যপ্ৰদেশক ৪৫৩৮.৪৩ কোটি, বিহাৰক ৩২৪৭.৪০ কোটি, পশ্চিমবংগক ৩৫৫৮.৭৪ কোটি, অন্ধ্ৰপ্ৰদেশক ২৫৮৪.২৫ কোটি, তামিলনাডুক ১৭৫৩.৫৮ কোটি আৰু ৰাজস্থানক ২৫৫৭.৮৪ কোটি টকা আগবঢ়োৱাৰ তথ্যৰ বিষয়ে উল্লেখ কৰি অসমৰ প্ৰতি নৰেন্দ্ৰ মোডী চৰকাৰৰ বৈষম্য আৰু বঞ্চনাৰ ছবিখন দাঙি ধৰে সংবাদমেলত।

আনহাতে তিনিমাহ আগত বানত ককবকাই থকা সময়ত অসমবাসীৰ শোচনীয় পৰিস্থিতি হেলিকপ্তাৰেৰে হ’লেও এবাৰ চাবলৈ সময় নোহোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এতিয়া কেৱল সন্মুখত নিৰ্বাচন আহিছে বাবেই দলীয় মুনাদা আদায়ৰ লক্ষ্যৰে ডাঙৰ ডাঙৰ ভাষণ দিবলৈ অসমলৈ অহা বুলি কটাক্ষ কৰে তৃণমূলৰ নেতাগৰাকীয়ে। গৃহমন্ত্ৰী অমিত শ্বাহে অসমক ভালপাই নহয়, নিজৰ স্বাৰ্থৰ প্ৰতি সচেতন হৈহে অসমলৈ অহাৰ সময়ত দিবলগীয়া ভাষণত পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়।

শৰ্মাই লগতে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে কিয় আজিলৈকে একো পদক্ষেপ নল’লে বুলি প্ৰশ্ন উত্থাপন কৰে।

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ প্ৰসংগ উত্থাপন কৰি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে স্বয়ং তেওঁৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিপৰীতে কাম কৰাৰ কথা উল্লেখ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগে বুলি পোষকতা কৰাৰ বিপৰীতে অসম চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পঢ়োৱাৰ সিদ্ধান্ত লোৱাৰ প্ৰসংগ উত্থাপন কৰি ইয়াৰ জৰিয়তে বিজেপিয়ে ইয়াৰ দুমুখীয়া নীতিক উদঙাই দিয়া বুলি মন্তব্য কৰে শৰ্মাই। সংবাদমেলত দিলীপ কুমাৰ শৰ্মাই এই বিষয়ত মুখ্যমন্ত্ৰীগৰাকীক জবাবদিহি কৰিবনে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে।

সংবাদমেলত লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমক অষ্টলক্ষ্মী আখ্যা দিয়া বা A For Assam বুলি কোৱা কথাৰ মূল্য স্বয়ং বিজেপি চৰকাৰে নিজৰ অৰ্থহীন কাম কাজেৰে নোহোৱা কৰা বুলি মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ নেতা দিলীপ কুমাৰ শৰ্মাই। বিজেপিয়ে অসমৰ ক্ষেত্ৰত কয় এটা, কৰে আন এটা বুলি অভিযোগ কৰে শৰ্মাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here