Home Main Stories ছাগলীয়াৰ বন বিষয়া দিপক চক্ৰৱৰ্তীক নিলম্বন

ছাগলীয়াৰ বন বিষয়া দিপক চক্ৰৱৰ্তীক নিলম্বন

53
0

ধুবুৰী পৰা চৈয়দ নুৰুল আমিন, ২ জুন : অসম – বংগ আন্ত ৰাজ্য সীমান্ত ধুবুৰীৰ ছাগলীয়াত অৱস্থিত বন বিভাগৰ তালাচি চকীত দীৰ্ঘ দিন ধৰি চলি আহিছে দুৰ্নীতি লগতে
ধুবুৰীত শিল, বালি, মাটি, কাঠ আদিত চলি আহিছে বৃহৎ এক চেণ্ডিকেট চক্ৰ। এই বৃহৎ চেণ্ডিকেট চক্ৰটোৰ লগত একাংশ বন বিষয়াই প্ৰত্যক্ষ ভাবে জৰিত থকা বুলি দৈনিক গণ অধিকাৰ কাকতত সঘনে বাতৰি প্ৰকাশ পাই আহিছিল।
চকু মুদা বন বিভাগে আজি বন বিষয়া এজনক নিলম্বন কৰাত, দৈনিক গণ অধিকাৰ ৰ প্ৰকাশিত বাতৰিয়ে সত্য নিষ্ঠ প্ৰমাণ কৰি দেখুৱালে।
ধুবুৰীৰ বন প্ৰাধিকাৰী বিষয়া ড০ বিজয় টি পালভেই আজি দৈনিক গণ অধিকাৰ ক জনোৱা মতে, ধুবুৰীৰ ছাগলীয়াত অৱস্থিত বন বিভাগৰ তালাচি চকীত কৰ্মৰত বন বিষয়া দিপক চক্ৰৱৰ্তীক নিলম্বন কৰা বুলি জনায়।
বন বিষয়া দিপক চক্ৰৱৰ্তীয়ে ছাগলীয়া বন বিভাগৰ তালাচি চকীত কৰ্মৰত হৈ দীৰ্ঘদিন ধৰি চলাই গৈছিল অবৈধ নীতি বিৰুদ্ধ কাৰ্য্যকলাপ ৷
ধুবুৰীৰ উপ – আৰক্ষী অধীক্ষক যতীন দাসক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে বন বিভাগে আৰম্ভ কৰা প্ৰাথমিক তদন্তৰ অন্তত আজি নিলম্বন কৰে ছাগলীয়াৰ বন বিষয়া দিপক চক্ৰৱৰ্তীক।
দিপক চক্ৰৱৰ্তীয়ে, দীৰ্ঘ দিন ধৰি ছাগলীয়াত কৰ্মৰত হৈ নামি বে – নামি সম্পত্তিৰ গৰাকী হৈ অগাধ ধন উপাৰ্জন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, যোৱা ২৭ মে ত, পশ্চিম বংগৰ শিমূলটাপুৰ পৰা আন্ত:ৰাজ্য সীমান্তৰ ধুবুৰীৰ ছাগলীয়া দি আহি গোলকগঞ্জৰ সোনাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ হৈ বাংলাদেশলৈ শিল সৰবৰাহ কৰাৰ উদ্দেশ্যে আহি থকা ১২২ খন শিল ভৰ্তি অভাৰলোডেড ট্ৰাক আৰক্ষীয়ে জব্দ কৰিছিল।
স্থানীয় সচেতন মহলে অভিযোগ কৰা মতে, দীৰ্ঘ দিন ধৰি বন বিষয়া দিপক চক্ৰৱৰ্তীয়ে বাংলাদেশলৈ শিল সৰবৰাহ কৰা বৃহৎ চেণ্ডিকেট চক্ৰটোৰ লগত জৰিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here