Home স্থানীয় কভিডৰ গণ সংক্ৰমণ ৰোধৰ বাবে : আজিৰ পৰা ৫ দিন দিপীলা বন্ধ

কভিডৰ গণ সংক্ৰমণ ৰোধৰ বাবে : আজিৰ পৰা ৫ দিন দিপীলা বন্ধ

124
0

ব্যৱসায়ী সন্থাৰ এনে ধৰণৰ সিদ্ধান্তক আদৰনি সচেতন মহলত

    
গণ বাৰ্তা, দুমুনিচকী, ২০ মে’ :  পশ্চিম দৰঙৰ ব্যৱসায়ী বাণিজ্যিৰ দুৱাৰ দলি স্বৰূপ দিপীলা আৰু ইয়াৰ সমীপৰ অঞ্চলত কভিড মহামাৰীয়ে এক ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে আজি ২০ মে পৰা ২৪ মে লৈ পাচ দিন দিপীলাৰ ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ বন্ধ ৰখাৰ হয় ।  উল্লেখযোগ্য যে পশ্চিম দৰঙৰ প্ৰায় ৫০০ শতাধিক লোক কভিডত আক্ৰান্ত হোৱাৰ লগতে ৪ গৰাকী কৈ লোকে প্ৰাণ হেৰুৱাৰ বাবে পশ্চিম দৰঙৰ  বাণিজ্যিৰ দুৱাৰ দলি স্বৰূপ দিপীলা বণিক সন্থাই  কভিড মহামাৰী ৰোধৰ বাবে ২০ মে পৰা২৪ মে লৈ সকলো ব্যৱসায়ী প্ৰতিষ্ঠান আজিৰ পৰা পাচদিনীয়া বন্ধ পালন কৰে। ৫ দিনীয়া বন্ধৰ পৰা ঔষধৰ দোকান সমূহক ৰেহাই দিয়া হয় বুলি দিপীলা ব্যৱসায়ী সন্থাৰ সভাপতি ভাৰত কলিতা আৰু সম্পাদক কেশব কলিতাই জানিব দিছে। ব্যৱসায়ী সন্থাৰ এনে ধৰণৰ নিজা সময়োপযোগী সিদ্ধান্তক বিভিন্ন মহলে আদৰনি জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here