Home অসম দিপীলাত ঘৰত দ’মাই থোৱা ধানত অগ্নি সংযোগ দুবৃৰ্ত্তৰ

দিপীলাত ঘৰত দ’মাই থোৱা ধানত অগ্নি সংযোগ দুবৃৰ্ত্তৰ

197
0


ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১৩ ডিচেম্বৰ : দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দিপীলাতএজন কৃষকে পথাৰৰ পৰা কাটি আনি মৰণা মাৰিবলৈ নিজ ঘৰত দ’মাই থোৱা ধানত অগ্নি সংযোগৰ ঘটনা সংঘটিত হোৱাক লৈ অঞ্চলটোত চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ যোগ্য যে কিছুদিন পূৰ্বে মঙলদৈ নগৰৰ নিকটৱৰ্তী ডেকাৰগাঁৱত এজন লোকে নৰাৰ জাবৰত জুই দিয়াৰ পাছত সেই জুয়ে বতাহৰ সংস্পৰ্শত নিমিষতে পাশ্বৰ্ৱৰ্তী এলেকালৈ সম্প্ৰসাৰিত হোৱাত প্ৰায় ৬০ বিঘা মাটিৰ ধান ভস্মীভূত হৈছিল ৷ এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ কাটি অনা ধানত ঘৰতেই অগ্নি সংযোগৰ ঘটনা ঘটাত কৃষক ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱা নিশা অঞ্চলটোৰ ক্ষীতেশ্বৰ ডেকা নামৰ এজন কৃষকৰ ঘৰত সংঘটিত হৈছে এই অগ্নি সংযোগৰ ঘটনা ৷ জানিব পৰা মতে, কৃষক ডেকাই এটা অৰ্ধনিৰ্মিত পকী ঘৰত পথাৰৰ পৰা কাটি অনা ধান দমাই থৈছিল ৷ যোৱা নিশা হঠাতে ধান থোৱা উক্ত ঘৰটোৰ পৰা তীব্ৰ গতিত ধোঁৱা ওলাবলৈ ধৰে আৰু নিমিষতে অঞ্চলটো ধোঁৱাই আঁবৰি ধৰে ৷ এই ঘটনা প্ৰত্যক্ষ কৰি ওচৰ-চুবুৰীয়া লোকে হুৱা-দুৱা লগাই আৰু জুই নুমুৱাবলৈ ওলাই আহে ৷ লগে লগে স্থানীয় ৰাইজে পানী উঠোৱা মটৰ ব্যৱহাৰ কৰি পানী ছটিয়াই কিছু পৰিমাণে জুই নিৰ্বাপন কৰে ৷ ইপিনে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ক্ষন্তেক পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও ইতিমধ্যে কৃষক ক্ষীতেশ্বৰ ডেকাৰ ১০ বিঘা মাটিৰ ধান জুইত জাহ যায় বুলি জানিব পৰা গৈছে ৷ এই অগ্নি সংযোগৰ ঘটনা কেনেদৰে সংঘটিত হ’ল বা ঘটনাৰ প্ৰকৃত কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here