Home অসম তিনিচুকীয়া জিলাত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দুৰ্যোগ প্ৰশমনৰ ব্যৱস্থাবলী প্ৰদৰ্শন- সজাগতা কাৰ্যসূচী

তিনিচুকীয়া জিলাত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দুৰ্যোগ প্ৰশমনৰ ব্যৱস্থাবলী প্ৰদৰ্শন- সজাগতা কাৰ্যসূচী

148
0

মাইনু মৰাণ: ডুমডুমা: ২৬ মে: তিনিচুকীয়া জিলাত নিষ্ক্ৰিয় হৈ পৰা অসামৰিক প্ৰতিৰক্ষা বিভাগটো পুনৰ সক্ৰিয়কৰণ কৰাত নতুনকৈ দায়িত্ব লাভ কৰা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্ৰক ৰূপান্তৰ সোণোৱালে উঠি পৰি লাগিছে। বিষয়া গৰাকীয়ে সততা আৰু নিষ্ঠতাৰে দায়িত্ব পালন কৰি তিনিচুকীয়া জিলাত অসামৰিক প্ৰতিৰক্ষা বিভগটো সুদৃঢ় কৰাত মনোনিবেশ কৰিছে। বিষয়া গৰাকী ইতিমধ্যে এগৰাকী সু-দক্ষ প্ৰশিক্ষক হিচাপে নাম আছে। তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত দুৰ্যোগ প্ৰতিৰোধৰ ব্যবস্থাবলী প্ৰদৰ্শন কৰাৰ উপৰিও অগ্নি নিবাৰ্পন, উদ্ধাৰ কাৰ্য্যৰ মকড্ৰিল কৰি গৈছে। সজাগতা সৃষ্টিৰ বাবে তিনিচুকীয়া জিলাৰ বিদ্যালয়, মহাবিদ্যালয়, ৰাজহুৱা স্থান আদিত প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অলপতে দিগবৈ মহিলা মহাবিদ্যালয়ত আৰু তিনিচুকীয়াত প্ৰশিক্ষণ শিবিৰ আয়োজন কৰে। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত দুৰ্যোগ প্ৰশমনৰ ব্যবস্থাবলীৰ সজাগতা অব্যাহত ৰাখিব বুলি বিষয়া গৰাকীয়ে উল্লেখ কৰিছে। উল্লেখযোগ্য যে, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ জিলা পৰ্যায়ত জিলা উপায়ুক্তই নিয়ন্ত্ৰক হিচাপে দায়িত্ব পালন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here