মাইনু মৰাণ: গণ বাৰ্তা: ডুমডুমা:২২ জুন: অসামৰিক প্ৰতিৰক্ষা বিভাগ, তিনিচুকীয়াৰ উদ্যোগত আৰু ডুমডুমা মহাবিদ্যালয়ৰ এন চি চি গোট, আই কিউ এ চি ৰ সহযোগিতাত তিনিচুকীয়া জিলাৰ আগশাৰীৰ মহাবিদ্যালয় হিচাপে পৰিচিত ডুমডুমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ ‘কল্লোল’ত আজি দুৰ্যোগ প্ৰশমনৰ ব্যৱস্থাৱলী প্ৰদৰ্শন কৰাৰ লগতে সজাগতা অনুষ্ঠান আয়োজন কৰে।কাৰ্যসূচীৰ আঁত ধৰে মহাবিদ্যালয়ৰ অধ্যাপিকা তথা এন চি চি ৰ লেফটেনেণ্ট ডঃ ৰুমী খালেন বৰাই । কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ডুমডুমা ৰাজহ চক্ৰ বিষয়া ৰণনময় ভৰদ্বাজে সাম্প্ৰতিক পৰিবেশ পৰিস্থিতিত প্ৰতিগৰাকী নাগৰিকেই দুৰ্যোগ প্ৰশমনৰ ব্যৱস্থাৱলীৰ সাধাৰণ জ্ঞান থকাটো বা প্ৰশিক্ষিত হোৱাটো প্ৰয়োজন আছে বুলি উল্লেখ কৰি অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু ডুমডুমা মহাবিদ্যালয়ৰ কাৰ্যক বিষয়া গৰাকীয়ে শলাগ লয়। তেখেতে দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সকলোকে সাৱধান হোৱাৰ লগতে তৎপৰ হবলৈ আহ্বান জনায়। অসামৰিক প্ৰতিৰক্ষা বিভাগ, তিনিচুকীয়াৰ ডেপুটি কণ্ট্ৰ’লাৰ ৰূপান্ত সোণোৱাল, ৱাৰ্ডেন মনোৰঞ্জন মৰাণ, ডুমডুমা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ চম্পা ৰাও মোহন, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা অঞ্জু কোঁৱৰ , আই কিউ এ চি ৰ মুৰব্বী, অধ্যাপক ডঃ প্ৰাণজিত শইকীয়া , সহকাৰী কো- অৰ্ডিনেটৰ মিন্টু উপাধ্যায়, ডুমডুমা মহাবিদ্যালয়ৰ এন চি চি ৰ তত্বাৱধায়ক বিষয়া ইজেগা লাগবে জেমে, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱক সান্তনা গোহাঁই, প্ৰভাত বাৰ্মা, দিলীপ সোণোৱাল, তুলচিদাস চনা আদি উপস্থিত আছিল। কাৰ্যসূচীত ডেপুটি কণ্ট্ৰোলাৰ ৰূপান্ত সোনোৱালে আৰু তেওঁৰ দলে বিশেষকৈ অগ্নি নিবাৰপন, ভূমিকম্প আৰু বানপানীৰ সময়ত লব লগা সাৱধানতা আদি বিষয়ত সজাগতা সৃষ্টি কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ এন চি চি কেডেট সকলকে ধৰি চাৰি শতাধিক শিক্ষাৰ্থীয়ে ভাগ লয়।