Home অৰ্থনীতি কামৰূপত মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ সাহায্য বিতৰণ

কামৰূপত মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ সাহায্য বিতৰণ

163
0


গণ বাৰ্তা, নগৰবেৰা, ৫ জানুৱাৰী: কামৰূপ জিলাৰ ১৪ গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত কালি সাহায্যৰ ধনাদেশ প্ৰদান কৰা হয়৷ কামৰূপৰ জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে হিতাধিকাৰীসকলক ২.৫০ লাখকৈ টকাৰ চেক প্ৰদান কৰে৷ সভাত তেওঁৰ চমু ভাষণ প্ৰসংগত মন্ত্ৰী পাটোৱাৰীয়ে উপস্থিত সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ক’ভিডত মৃত্যুবৰণ কৰা লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰে৷ তেওঁ লগতে কয় যে টকাৰ জোখেৰে পৰিমাণ বহু বেছি নহয় যদিও দূৰদৰ্শী মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত গ্ৰহণ কৰা এই আঁচনি হৈছে বৰ্তমান চৰকাৰৰ সদিচ্ছাৰ প্ৰতীক৷ ঘৰৰ মুৰব্বীগৰাকীৰ আকস্মিক বিয়োগত দুৰ্যোগৰ মুখামুখি হোৱা পৰিয়ালসকলক সমবেদনা জনাই তেওঁ আৰু কয় যে চৰকাৰৰ এই সহযোগিতাৰ সহায়ত হিতাধিকাৰীসকলে জীৱন যুঁজত অৱতীৰ্ণ হোৱাৰ সাহস গোটাব লাগিব৷ সভাৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰে জিলা উন্নয়ন আয়ুক্ত নৰসিং বেয়ে৷ সভাত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰnৱজ্যোতি দাস, সিদ্ধাৰ্থ গোস্বামী, কমল বৰুৱা আৰু প্ৰণৱ দত্ত গোস্বামী, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গুণীন্দ্ৰ দেৱ শৰ্মাকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্য যে চেক প্ৰদান কৰা ১৪গৰাকী হিতাধিকাৰীৰ সৈতে জিলাখনত এতিয়ালৈকে মুঠ ১৫৪গৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনত সাহায্যৰ চেক প্ৰদান কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here