Home অসম মহাৰাষ্ট্ৰৰ ১৬ বিসম্বাদী বিধায়কলৈ অযোগ্যৰ জাননী জাৰি

মহাৰাষ্ট্ৰৰ ১৬ বিসম্বাদী বিধায়কলৈ অযোগ্যৰ জাননী জাৰি

388
0

২৭ জুনৰ ভিতৰত লিখিত উত্তৰ দাখিলৰ নিৰ্দেশ বিধানসভাৰ উপাধ্যক্ষৰ

মুম্বাই, ২৫ জুন ঃ গুৱাহাটীৰ পঞ্চতাৰকা হোটেল ৰেডিছন ব্লুত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ ৪২ বিসম্বাদী বিধায়কক লৈ জল্পনা-কল্পনা অব্যাহত আছে। বিসম্বাদী বিধায়কসকলে পুনৰাই উদ্ধৱ থাকৰে চৰকাৰক সমৰ্থন জনাব নে আন দলৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰিব, তাক লৈ চৰ্চা অব্যাহত আছে। এনে এক চৰ্চা চলি থকাৰ মাজতে বিসম্বাদী ১৬ নেতালৈ মহাৰাষ্ট্ৰৰ বিধানসভাৰ উপাধ্যক্ষই জাননী জাৰি কৰিছে। একনাথ সিন্দেৰ নেতৃত্বত যি ৪২জন বিধায়কে গুৱাহাটীত বাহৰ পাতি আছে, সেই ৪২জনৰ ১৬জনক বিধানসভাৰ উপাধ্যক্ষ নৰহৰি জিৰৱালে অযোগ্যৰ জাননী জাৰি কৰিছে। যিসকলক এই জাননী জাৰি কৰিছে, তেওঁলোকক ২৭ জুনৰ ভিতৰত লিখিত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী নেতাসকলে বিজেপিৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠনত যো-জা চলাইছে।

তাৰে এক অংশৰূপে শুকুৰবাৰৰ নিশা বিসম্বাদী নেতা একনাথ সিন্দেয়ে গুৱাহাটীৰ পৰা ইন্দোৰ গৈ বডোদৰাত উপস্থিত হয় আৰু সেই স্থানত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিছক সাক্ষাৎ কৰে। প্ৰকাশিত তথ্য অনুসৰি দেৱেন্দ্ৰ ফড়নৱিছক সাক্ষাৎ কৰি নিশায়ে একনাথ সিন্দেই গুৱাহাটীত উপস্থিত হয়। শনিবাৰে পুৱাই সিন্দেৰ গোটে দাবী কৰে যে তেওঁলোকৰ হাতত ৩৮গৰাকী বিধায়কৰ সমৰ্থন আছে। তেওঁলোকে দাবী কৰিছে যে শিৱসেনা ত্যাগ কৰা নাই যদিও তেওঁলোকে দুই-তৃতীয়াংশ সমৰ্থন লাভ কৰিছে। সেইবাবে তেওঁলোকে নেতা নিৰ্বাচন কৰাৰ পূৰ্ণ অধিকাৰ আছে। তেওঁলোকক বিধানসভাৰ উপাধ্যক্ষই যি অযোগ্যৰ জাননী জাৰি কৰিছে, তাৰ প্ৰত্যাহবান জনোৱা হ’ব। ইয়াৰ বাবে প্ৰয়োজনত ন্যায়ালয়ৰ কাষ চাপিব বুলিও উল্লেখ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here