Home অসম অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট কংগ্ৰেছৰ সদন ত্যাগ : পৰিপূৰক প্ৰশ্নৰ সময়ক লৈ সদনত...

অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট কংগ্ৰেছৰ সদন ত্যাগ : পৰিপূৰক প্ৰশ্নৰ সময়ক লৈ সদনত বিতৰ্ক

153
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ ছেপ্টেম্বৰ ঃ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা একপ্ৰকাৰ পৰিপূৰক প্ৰশ্নৰ সময়ক লৈ এক বিতৰ্কৰ সূচনা হয়৷ প্ৰশ্নোত্তৰকালত এটা প্ৰশ্নৰ বাবে পাঁচ মিনিটৰ সময় বান্ধি দিয়া বিষয়কটোক লৈ সদনত অসন্তুষ্ট হৈ পৰে বিৰোধী দল কংগ্ৰেছ৷ যাৰ পৰিপ্ৰেক্ষিতত পৰিপূৰক প্ৰশ্নৰ সময়ক লৈ সদনৰ মজিয়া এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ বিৰোধী দল কংগ্ৰেছে পৰিপূৰক প্ৰশ্নৰ বাবে বিধায়কসকলক পাঁচ মিনিটতকৈ অধিক সময় দিবলৈ আহ্বান জনাই যদিও অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পোনছাটেই নাকচ কৰে৷ অধ্যক্ষগৰাকীয়ে এইবুলি কয় যে বি এছ চিৰ মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এটা প্ৰশ্নৰ বাবদ পাঁচ মিনিট সময় দিয়া হ’ব৷ পাঁচ মিনিট সময় শেষ হ’লেই আন বিধায়কে পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিবলৈ সুবিধা লাভ নকৰিব৷ অৰ্থাৎ পাঁচ মিনিটৰ পিছতেই দ্বিতীয় প্ৰশ্নকৰ্তাৰ সময় আহিব৷ পৰিপূৰক প্ৰশ্নৰ সময়ক লৈ একপ্ৰকাৰ সদনৰ মজিয়াত বিৰোধী বিধায়কসকলে অধ্যক্ষৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়৷ কোনো কাৰণতেই অধ্যক্ষই বিৰোধীৰ উক্ত প্ৰস্তাৱ গ্ৰহণ নকৰাত অসন্তুষ্ট কংগ্ৰেছে সদন ত্যাগ কৰে৷ উল্লেখ্য যে আজি প্ৰশ্নোত্তৰকালত এগৰাকী বিধায়কক প্ৰশ্ন উত্থাপনৰ বাবে পাঁচ মিনিটৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল৷ বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰু মন্ত্ৰীগৰাকীয়ে উত্তৰ দিবলৈ পাঁচ মিনিটৰ সময় বান্ধি দিয়া হৈছিল৷ পাঁচ মিনিটৰ পিছত দ্বিতীয়গৰাকী বিধায়কে উক্ত বিষয় সন্দৰ্ভত কোনোধৰণৰ পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব৷ এই বিষয়টোক লৈ শূন্যকালীন ঘণ্টাত উপ-দলপতি ৰকিবুল হুছেইনে অধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গৈ কয় যে মূল প্ৰশ্নকৰ্তাৰ বাহিৰে আনক যদি প্ৰশ্ন কৰিব নিদিয়ে, সদনত তেন্তে সদনৰ প্ৰতি অনীহা আহিব৷ নিয়ম অনুসৰি সদন ৪৫ দিন চলিব লাগে সেয়া হোৱা নাই৷ সকলো ক্ষেত্ৰতেই নিয়ম নচলে৷ সময় বৃদ্ধি কৰিবলৈ অধ্যক্ষক আহ্বান জনায় উপ-দলপতি ৰকিবুল হুছেইনে৷ ইয়াৰ পিছতেই সংসদীয় পৰিক্ৰমামন্ত্ৰী পীয়ূষ হাজৰিকাই সদনত কয় যে যি বিধায়কে প্ৰশ্ন আনিব, সেই বিধায়কজনেহে পাঁচ মিনিট সময় পাব৷ যাতে লোকৰ পিঠাৰে আনে বিহু পাতিব নোৱাৰে৷ বিৰোধী দল কংগ্ৰেছে বাৰম্বাৰ অধ্যক্ষক আহ্বান জনায় যে প্ৰশ্নোত্তৰকালত পৰিপূৰক প্ৰশ্নৰ বাবে আন বিধায়কসকলক সুবিধা প্ৰদান কৰিব লাগে৷ কিন্তু নাচোৰবান্দা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে বিষয়টো এনেকুৱাকৈ থাকক৷ সকলোৱে বহি মীমাংসা কৰিব৷ ইয়াত মই নিৰ্দেশ দিব নোৱাৰোঁ৷ নিয়ম আছে৷ দুয়োবেলা সদন হ’লেও একাংশই আপত্তি কৰে বুলি অধ্যক্ষই কটাক্ষ কৰে৷ দুয়োবেলাৰ অধিৱেশনক লৈ আপত্তিৰ প্ৰসংগটো সন্দৰ্ভত ৰকিবুল হুছেইনে সৰৱ হৈ কয় যে ‘অধ্যক্ষ মহোদয়, আমি কেতিয়া ক’লোঁ পিছবেলা হ’ব নালাগে বুলি’৷ অধ্যক্ষই এনেদৰে বিৰোধীক সুযোগ প্ৰদান নকৰাৰ অভিযোগ তুলি কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে৷ সাংবাদিকৰ আগত ৰকিবুল হুছেইনে কয় যে মূল প্ৰশ্নকৰ্তাৰ উপৰি আন বিধায়কক পৰিপূৰক প্ৰশ্ন কৰিব দিব লাগে৷ এয়া পুৰণি নিয়ম৷ কিন্তু অধ্যক্ষৰ মতে এতিয়া এই নিয়ম নচলে৷ ইতিমধ্যে ইয়াক লৈ আলোচনা হৈ গৈছে৷ অধ্যক্ষৰ মতে পূৰ্বৰ অধ্যক্ষই এই নিয়ম বান্ধি থৈ গৈছে৷ যদি সেই নিয়ম নালাগে, তেন্তে নতুন নিয়ম বনাই লওক বুলি উল্লেখ কৰে ৰকিবুল হুছেইনে৷ তেওঁ লগতে কয় যে এয়া বিৰোধীৰ মুখ বন্ধ কৰাৰ ষড়যন্ত্ৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here