গুৱাহাটী, ১৮ জুন ঃ বিশিষ্ট কণ্ঠশিল্পী, অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা সৰুভনীখ্যাত তৰুলতা কুটুম বৰিলৈ অসমীয়া আৰু মিচিং সাংস্কৃতিক ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োৱা বাবে এই বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা অহা ২০ জুনত গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম নাট্য সন্মিলনে প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। অসম নাট্য সন্মিলনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাত আছে এখন প্ৰশস্তি-পত্ৰ, স্মাৰক, জাপি, চেলেং চাদৰ আৰু বহু সন্মানজনক উপহাৰ। বিশিষ্ট পৰিচালক মঞ্জু বৰাৰ কঃয়াদ ফিল্মৰ বাবে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰজতকমল বঁটাপ্ৰাপক তথা অসম চৰকাৰৰ আইদেউ সন্দিকৈ বঁটাপ্ৰাপক অভিনেত্ৰী তৰুলতা কুটুম বৰিলৈ সামাজিক স্বীকৃতি হিচাপে অসম নাট্য সন্মিলন গুৱাহাটী শাখাৰ উদ্যোগত এই বঁটা প্ৰদান কৰিব বুলি আয়োজক সমিতিয়ে সদৰী কৰিছে। অসমীয়া বিহু এলবাম ‘সৰুভনী’ ষষ্ঠ খণ্ডলৈ নিৰ্মাণ তথা বহু জনপ্ৰিয় মিচিং অইনিতম, আধুনিক গীতৰ কেছেটত কণ্ঠদান আৰু মিচিং চলচ্চিত্ৰৰ পৰিচালক, প্ৰযোজক, অভিনেত্ৰী হিচাপে লব্ধপ্ৰতিষ্ঠিত শিল্পী তৰুলতা কুটুম বৰি। উল্লেখনীয় যে চিচি, কুলাজান, চিলাপথাৰ, ধেমাজি জিলাত জন্ম গ্ৰহণ কৰা শিল্পী, অভিনেত্ৰী তৰুলতা কুটুম বৰিয়ে বোকাখাত, গোলাঘাট জিলাৰ বেনিল বৰিৰ সৈতে বৰ্তমান গুৱাহাটীৰ নিৱাসী।