Home অসম আমিনগাঁৱত হিতাধিকাৰীৰ মাজত অসম মাইক্ৰ’ফাইনেন্সৰ চেক্‌ বিতৰণ

আমিনগাঁৱত হিতাধিকাৰীৰ মাজত অসম মাইক্ৰ’ফাইনেন্সৰ চেক্‌ বিতৰণ

103
0

ঋণৰ ধনৰ সদব্যৱহাৰেৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰিবলৈ বিত্তমন্ত্ৰীৰ আহ্বান

বাইহাটা চাৰিআলি, ৩০ এপ্ৰিল ঃ অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু উদ্যোগ আৰু বাণিজ্য ইত্যাদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱৰীয়ে আজি কামৰূপ জিলাৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ’ফাইনেন্স উদ্‌গনি আৰু সকাহ আঁচনি, ২০২১ৰ চেকসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। উল্লেখ্য যে অসম মাইক্ৰ’ফাইনেন্স উদ্‌গনি আৰু সকাহ আঁচনি, ২০২১ৰ জৰিয়তে মাইক্ৰ’ফাইনেন্সৰ পৰা ঋণ গ্ৰহণ কৰোঁতাসকলক তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে। যিসকল ঋণগ্ৰহণকাৰীয়ে নিয়মিতভাৱে ঋণৰ কিস্তি পৰিশোধ কৰি আহিছে তেওঁলোকক সকাহ প্ৰদানৰ বাবে চৰকাৰে প্ৰথম পৰ্যায়ত ব্যৱস্থা লৈছে। ৰাজ্যখনৰ প্ৰায় ১১ লাখ হিতাধিকাৰী কেটেগৰী-১ত আছে আৰু কামৰূপ জিলাত প্ৰায় ৭৬ হাজাৰগৰাকী হিতাধিকাৰী কেটেগৰী-১ত আছে। বিত্তমন্ত্ৰী তথা উদ্যোগ আৰু বাণিজ্য ইত্যাদি বিভাগৰ মন্ত্ৰীয়ে আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত অসম চৰকাৰৰ বিত্ত বিভাগ তথা কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত আনুষ্ঠানিকভাৱে চেক বিতৰণ  কৰাৰ পিছত জিলাখনৰ সৰ্বমুঠ ৫ হাজাৰগৰাকী হিতাধিকাৰীক আজি সভাস্থলীত স্থাপিত বিভিন্ন কাউণ্টাৰত চেক বিতৰণ কৰা হয়। বাকী থকা হিতাধিকাৰীসকলক ব্লক পৰ্যায়ত নিৰ্ধাৰিত ধনৰাশিৰ চেক প্ৰদান কৰা হ’ব বুলি জনায়।

আজি আয়োজিত সভাত ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ আই-মাতৃসকলৰ নামত এই আঁচনিখন উৎসৰ্গিত কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি অনুসৰি আঁচনিখন আখৰে আখৰে ৰূপায়ণ কৰিছে। ৩টা শ্ৰেণীত বিভক্ত কৰি ৰূপায়ণ কৰিবলৈ লোৱা আঁচনিখনৰ দ্বাৰা সৰ্বমুঠ ২৪ লাখ হিতাধিকাৰী লাভান্বিত হ’ব। কামৰূপ জিলাত প্ৰথম শ্ৰেণীৰ ৭৬ হাজাৰ হিতাধিকাৰী লাভান্বিত হ’ব আৰু ইয়াৰ বাবদ ১৪০ কোটি টকা ব্যয় কৰা হৈছে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে মহিলা আৰু আই-মাতৃসকলক ঋণৰ ধনৰ সদ্ব্যৱহাৰেৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰাৰ বাবে  আহ্বান জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত পালন নকৰে। কিন্তু এইক্ষেত্ৰত মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মা ব্যতিক্ৰম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকী এইক্ষেত্ৰত শলাগৰ পাত্ৰ বুলি কয়। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, বিধায়কসকল ক্ৰমে ভৱেশ কলিতা, ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, দিগন্ত কলিতা, সুমন হৰিপ্ৰিয়াও অসম চৰকাৰে লোৱা এনে আঁচনিৰ শলাগ লৈ বক্তব্য আগবঢ়ায়। কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, কামৰূপ জিলা উন্নয়ন আয়ুক্ত নৰছিং বে’, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়কে ধৰি বহু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here